ইউক্ৰেইনত অধ্যয়নৰত অসমৰ মুকুল দোষী, ৱাকিব আমিন মজুমদাৰ, আনছুল ভাৰতিয়া, জিণ্টু ফুকন আৰু নিছিকেশ কৌশিকক বৈদেশিক মন্ত্ৰণালয়ে উদ্ধাৰ কৰিলে । তেওঁলোক আজি পুৱা ৫:৩০ বজাত দিল্লীত উপস্থিত হয় আৰু অসম ভৱনৰ কৰ্তৃপক্ষই তেওঁলোকক আদৰণি জনায় । বৰ্তমান ছাত্ৰসকল নতুন দিল্লীৰ অসম ভৱনত আছে । তেওঁলোকৰ দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানৰ ব্যৱস্থা অসম চৰকাৰে কৰিব ।
আন তিনিগৰাকী শিক্ষাৰ্থী ডিব্ৰুগড়ৰ ৰিয়া শৰ্মা ঠাকুৰ, গুৱাহাটীৰ অমিতেশ নাথ আৰু জালুকবাৰীৰ মোহম্মদ নিশাৰ আলম আজি পুৱাই গুৱাহাটী আহি পাইছে ।
ইউক্ৰেইনত অধ্যয়নৰত অসমৰ দুগৰাকী শিক্ষাৰ্থী মোহম্মদ পাকিজ আহমেদ (মঙলদৈ) আৰু হিমজ্যোতি তালুকদাৰ (শুৱালকুছি) আজি গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত আহি পাইছে । অসম চৰকাৰে তেওঁলোকৰ দিল্লীৰ পৰা গুৱাহাটীৰ টিকটৰ ব্যৱস্থা নকৰা পর্যন্ত তেওঁলোক নতুন দিল্লীৰ অসম ভৱনত থাকিব ।
অসমৰ তিনিগৰাকী শিক্ষাৰ্থী তনায়া মহন্ত, স্বাতি জোশি আৰু ইভাঞ্জিলিন বসুমতাৰী কালি নতুন দিল্লীত আহি পাইছে ।






























