গুৱাহাটীৰ গণেশগুৰিত কিশোৰী অপহৰণৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড চাকিৰ হুছেইনক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
যোৱা ২৪ জুলাইত মহানগৰীৰ গণেশগুৰিৰ পৰা এগৰাকী কিশোৰী অপহৰণ কৰি নিছিল চাকিৰে । ইয়াৰপিছতেই কিশোৰী গৰাকীক তামিলনাডুলৈ লৈ গৈছিল বুলি পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা গৈছিল ।
ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে দিশপুৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আছিল যদিও দীৰ্ঘদিন ধৰি চাকিৰক ধৰিবলৈ সক্ষম হোৱা নাছিল যদিও আজি গৰৈমাৰী হাতীপাৰাত আত্মগোপন কৰি থকা অৱস্থাত অপহৰণকাৰী চাকিৰক গৰৈমাৰী আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয় ।
ইতিমধ্যে চাকিৰক গৰৈমাৰী আৰক্ষীয়ে কিশোৰীসহ দিশপুৰ আৰক্ষী চমজাই দিছে । এতিয়া কি উদ্দেশ্যে কিশোৰী গৰাকীক সুদূৰ তামিলনাডুলৈ পলুৱাই নিছিল সেইকথা তদন্তহে প্ৰকাশ পাব ।






























