Covid In China :
চৰকাৰৰ মতে ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু চীনত এতিয়াও হ্ৰাস হোৱা নাই কৰ’না ভাইৰাছ । চীনৰ এজন স্বাস্থ্য বিষয়াই জনাই যে , ১৩ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীৰ ভিতৰত চীনত ক’ভিডৰ ফলত ১৩ হেজাৰৰো অধিক লোকৰ মৃত্যু হয় ।
বিষয়াজনে লগতে কয় যে শূন্য ক’ভিড নীতি প্ৰত্যাহাৰৰ পাছত, সেই দেশৰ ৮০ শতাংশ লোক ক’ভিডত সংক্ৰমিত হৈছে। চীনৰ “ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ ” সংস্থাই শনিবাৰে এক বিবৃতিত জনাই যে ১৩ হেজাৰৰ ভিতৰত ৬৮১ জন পোনপটীয়াকৈ ক’ভিড-১৯ ত মৃত্যু হৈছে ।
বাকী ১১ হেজাৰ ৯৭৭ জনও ক’ভিডত আক্ৰান্ত আছিল আৰু তেঁওলোকৰ আন শাৰীৰিক সমস্যাও আছিল। অৱশ্যে, নিভৃতবাসত থকা নাগৰিকসকলৰ কিমান জন লোকৰ মৃত্যু হৈছে , সেই সম্পৰ্কে কোৱা নাই বিবৃতিত ।
চীনত, বৰ্তমান চন্দ্ৰ নৱবৰ্ষ উপলক্ষে উৎসৱ পালন কৰা হৈছে। কঠোৰ ক’ভিড নীতি উঠাই লোৱাৰ বাবে দীৰ্ঘদিনৰ পাছত, দেশৰ বিভিন্ন চহৰত মানুহে পূৰ্বৰ দৰেই উৎসৱ উদযাপন কৰিছে ।
এই পৰিস্থিতিত, বেইজিং প্ৰশাসনে নতুন সংক্ৰমণ বিয়পাৰ আশংকা কৰিছে। এক স্বতন্ত্ৰ নিৰীক্ষণ সংস্থা হিচাপে, এই ব্যস্ততাৰ ফলত সেই দেশত দৈনিক মৃত্যুৰ সংখ্যা ৩৬ হেজাৰ লৈকে হ’ব পাৰে।
জৰীপ সংস্থাটোৱে অনুমান কৰিছে যে ক’ভিড-১৯ নীতি শিথিল কৰাৰ পাছত ১২ জানুৱাৰীলৈকে দেশখনত প্ৰায় ছয় লাখ লোকৰ মৃত্যু হৈছে।
পশ্চিমীয়া সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰিছে যে যদি চীনে আৰম্ভণিৰে পৰা ক’ভিড-১৯ সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা ৰাজহুৱা কৰিলে হয়, তেন্তে সাম্ভাব্য দুৰ্যোগ এৰাই চলিব পাৰিলেহেঁতেন।






























