Horoscope: দিনটোৰ ৰাশিফল
মেষ : পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ গুৰুজনাক স্মৰণ কৰক : কৰ্মস্থানত অলপ সাৱধান হওক। বিদ্যাত শুভ। শুভ ৰং আকাশী নীলা শুভ সংখ্যা ২।
বৃষ : আর্থিক উন্নতি লাভ ৷ পুৰণি বন্ধুৰ লগত কথাপাতি আনন্দিত হ’ব। পূব দিশৰ পৰা ভ্ৰমণ নকৰিব। প্ৰেমত শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।
মিথুন : কর্মস্থানত নিজৰ দক্ষতাৰ ওপৰত স্থিতি লাভ কৰিব। আর্থিক লাভান্বিত হ’ব। ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ সন্মান বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা ৪।
কর্কট : কৰ্মস্থানত গোপন শত্ৰুৰ বাঢ়িব। পাৰিবাৰিক অলপ খেলিমেলি হ’ব পাৰে। শৰীৰৰ উন্নতি হ’ব। দক্ষিণ দিশত ভ্ৰমণ নকৰিব। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯।
সিংহ : আয়তকৈ ব্যয় বৃদ্ধি। কৰ্মক্ষেত্ৰত বন্ধুবৰ্গৰ পৰা অধিক লাভৱান হ’ব। ৰাজনীতিৰ আৰু সামাজিক ক্ষেত্ৰত জড়িত ব্যক্তিৰ পদোন্নতি আৰু কৰ্ম ব্যস্থতা বাঢ়িব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪।
কন্যা : চাকৰি প্ৰাৰ্থীৰ কৰ্মসংস্থাপনৰ যোগাযোগ আহিব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰিলে অধিক লাভৱান হ’ব। ব্যৱসায়ত মধ্যম। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।
তুলা : জুইৰ পৰা সাৱধান হওঁক। অবাবত ধন খৰচ নকৰিব। কৰ্মত বিচক্ষণতা দেখা পাব, কল গছৰ তলত পূজা কৰক। শুভ ৰং ক্রীম, শুভ সংখ্যা ২।
বৃশ্চিত : নিচামুক্ত খাদ্যৰ পৰা দূৰত থাকক। আনৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি ৷ বন্ধুৰ পৰা আঁতৰত থাকক। কর্মস্থানত মধ্যম। শুভ ৰং বগা, শুভ সংখ্যা ৫।
ধনু ঃ ধন-সম্পত্তিক লৈ তৰ্কত লিপ্ত হ’ব পাৰে। কৰ্মস্থানত ব্যস্ততা বাঢ়িব। পুৰণি ৰোগৰ পৰা মুক্ত হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৩। মকৰ : মানসিক চিন্তা বৃদ্ধি। নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক। গোপন
শত্রু বৃদ্ধি। শৰীৰৰ প্ৰতি যত্ন লওক। শুভ ৰং মেৰুণ, শুভ সংখ্যা ১। কুম্ভ : বুদ্ধিজীৱীৰ তথা সাংস্কৃতিপ্ৰেমীৰ বাবে অনুকূল। দাম্পত্যৰ বুজাবুজিৰ অভাৱ। ব্যৱসায়ত মধ্যম, প্রেমত শুভ। বিদ্যাত মধ্যম। শুভ ৰং মাটিয়া ৷ শুভ সংখ্যা ৪।
মীন : ঘৰৱা কাম-কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰি৷ ভ্ৰমণত শুভ। যানবাহন ক্ৰয় কৰিব পাৰিব। প্ৰেমত শুভ। আর্থিক উন্নতি । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।































