Elderly couple love:৩০ হেজাৰ টকা মূল্যৰ মংগলসূত্র মাত্র ২০ টকাত এক বৃদ্ধ দম্পতীক বিক্ৰী কৰিলে মহাৰাষ্ট্ৰৰ এজন গহনা দোকানৰ মালিকে। সম্প্রতি এই বিষয়টোৱে সামাজিক মাধ্যমত বিশেষ চর্চা লাভ কৰিছে। দোকানীয়ে কি কাৰণ ইমান দামী মংগল সূত্ৰ কিয় পানীৰ দৰত বৃদ্ধ দম্পতীৰ হাতত তুলি দিলে বুলিও বহুতৰে কৌতূহল হৈছে।
সম্প্রতি সেই কৌতূহল নিৰসন কৰিলে স্বয়ং গহনা বিক্রেতাজনে। সেই মুহূৰ্তটোৰ কথা স্মৰণ কৰিছে গহনা দোকানৰ গৰাকী নীলেশ খিবনছৰা। তেওঁ কয়, ‘সেই বৃদ্ধ দম্পতীয়ে কিন্তু মংগলসূত্রডাল বিনামূল্যে ল’বলৈ মান্তি হোৱা নাছিল। বৰঞ্চ তেওঁলোকৰ হাতত যিখিনি জমা ধন আছিল, তাৰ বিনিময়তে তেওঁলোকে এডাল মংগলসূত্র বিচাৰিছিল। যদিও দাম শুনি তেওঁলোকে কিছু ইতস্ততঃবোধ কৰিছিল। তেওঁলোকৰ ওচৰত সকলো মিলাই ১১০০ টকা আছিল।’
এই বয়সত দম্পতীৰ পাৰস্পৰিক শ্ৰদ্ধা আৰু ভালপোৱাই তেওঁক মুগ্ধ কৰা বুলিও দোকানীজনে কয়। যি সময়ত এতিয়া স্বামী-স্ত্ৰীৰ সম্পৰ্কত প্রায়েই জটিলতা সৃষ্টি হোৱা দেখা যায়,তেনে পৰিস্থিতি এই বৃদ্ধ দম্পতীৰ পাৰস্পৰিক সম্পৰ্কক নীলেশে এক দৃষ্টান্তৰূপেই গণ্য কৰিছে।
সেই বাবেই তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আৰু বাঢ়ি গৈছিল বুলিও তেওঁ সদৰী কৰে। নীলেশে জনায় যে পর্যাপ্ত টকা নাথাকিলেও পত্নীক মংগলসূত্র কিনি দিয়াৰ বাবে অশীতিপৰ বৃদ্ধই যি টকা সঞ্চয় কৰিছিল, সেই দৃশ্যই তেওঁক মুগ্ধ কৰিছিল।
সেইবাবেই কোনো ইতস্ততঃবোধ নকৰাকৈয়ে ৩০ হেজাৰ টকা মূল্যৰ মংগলসূত্র মাত্ৰ ২০ টকাৰ বিনিময়ত তেওঁলোকৰ হাতত তুলি দি তৃপ্তিবোধ কৰিছিল বুলি তেওঁ সদৰী কৰে। নীলেশে জনায় যে উক্ত দম্পতীয়ে প্রথমে তেওঁৰ এখন দোকানলৈ আহিছিল। কিছু সময় গহনা-পাতি চাই একো ক্রয় নকৰাকৈয়ে তেওঁলোক দোকানৰ পৰা ওলাই যায়।
প্রায় দুঘণ্টামান তেওঁলোকে ওচৰৰ দোকানসমূহতো ঘূৰা-ফুৰা কৰে। তাৰ পাছতে উক্ত দম্পতীয়ে নীলেশৰে আন এখন দোকানত উপস্থিত হয়। তাত তেওঁৰ দোকানৰ কৰ্মচাৰীয়ে দম্পতীৰ পোছাক দেখি দুয়ো কোনো আর্থিক সাহায্য বিচাৰি অহা বুলি ভাবিছিল; কিন্তু বৃদ্ধই কৰ্মচাৰীজনক জনায় যে তেওঁ পত্নীৰ বাবে মংগলসূত্র কিনিবলৈ আহিছে। বৃদ্ধ লোকজনক কিছু মংগলসূত্র দেখুওৱা হয়। তাৰ মাজৰে এডাল মংগলসূত্র বৃদ্ধই হাতত তুলি লয় আৰু দাম সোধে। যদিও দাম শুনি তেওঁ কিছু অস্বস্তিবোধ কৰে।
নীলেশে কয়, ‘ বৃদ্ধই ১১০০ টকা আৰু কিছু খুচুৰা পইচা বাহিৰ কৰে। আনহাতে, মহিলাগৰাকীয়ে নিজৰ বেগ খুচৰি খুচৰি ১০ আৰু ২০ টকাৰ কেইখন মান নোট উলিয়ায়। মই তেতিয়া দোকানতে আছিলো। গোটেই কাণ্ডটো চাই আছিলো। তাৰ পাছতে তেওঁলোকক ক’লো যে এই টকা নালাগে। আপোনালোকে মংগলসূত্রডাল লৈ যাওক; কিন্তু বৃদ্ধ দম্পতীয়ে বিনামূল্যে ল’বলৈ অস্বীকাৰ কৰিছিল। অনেক খাটনিৰ পাছত মই বৃদ্ধ আৰু তেওঁৰ পত্নীৰ পৰা ১০ টকাৰ নোট দুখন ল’লো। তাৰ বিনিময়তহে মংগলসূত্র ল’বলৈ সম্মত হয় দম্পতীয়ে।’
প্রাপ্ত তথ্য অনুসৰি, সেই বৃদ্ধ দম্পতী হৈছে মহাৰাষ্ট্ৰৰ জালনা জিলাৰ নিবাসী নিভৃতি শিণ্ডে আৰু তেওঁৰ পত্নী শান্তাবাঈ।






























