Horoscope:মেষঃ পৰিৱেশত কিছু খেলিমেলি থাকিব? খুব নিশ্চিন্তে থকাতকৈ সতর্ক হৈ কাম-কাজত মন ৰাখিব। ভ্রমণ আদিতো কষ্ট পোৱাৰ সম্ভাৱনা। আর্থিকত মধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।
বৃষ: কোনো কথাত মানসিক অন্তর্দ্বন্দ্বত ভোগাৰ সম্ভাৱনা। পুৰণি বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। প্রেম-প্রীতিত তেনে বাধা নাই। দাম্পত্যত একেবাৰে নিৰাশ নহয়। ভ্রমণ সম্ভৱ। শুভ ৰং হালধীয়া। শুভসংখ্যা ১।
মিথুন: প্রিয় সংগৰ লগত মন ভাল থাকিব। আর্থিকত মজলীয়া ফল পাব। ঘৰুৱা শান্তি ব্যাহত নহয়। নতুন সংবাদত চিন্তিত। কোনোৱে বৈবাহিক যোগাযোগ বা সামাজিক সম্পৰ্কাদিত যোগদান কৰিব পাৰে। শুভ ৰং মাটিয়া। শুভ সংখ্যা ২।
কর্কট: কর্মস্থানত কোনো কাৰণে কিছু উদ্বেগ দেখা যায়। মতান্তৰ আদিৰো কাৰক। কোনো সংবাদ আৰু যোগাযোগত সামান্য সুখ। বিদ্যাত মজলীয়া। শুভ ৰং বগা। শুভ সংখ্যা ৯।
সিংহ: আজি কিছু উন্নত। কর্মস্থানত পূৰ্বৰ তুলনাত অনুকুল। নিজৰ বাঞ্ছিত আশা পূৰণৰ হোৱা দেখিব পাৰে। আর্থিকত কঠিনতা বিশেষ নাপাব। শৰীৰ মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
কন্যা: শৰীৰ সংঘাতৰ মুখামুখি। অস্থিৰতা বৰ্তমান। বেছি জটিল কথা তৎক্ষণাত সমাধানৰ চিন্তা নকৰিব। বিদ্যাত মধ্যম। দাম্পত্য জীৱন শুভময়। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।
তুলা: দিনটো মধ্যম বুলি ধৰিব পাৰে। যোগাযোগৰ ইচ্ছুকৰ সফলতা। ভ্রমণাদিত বাধা। অযথা কথা মূৰত লৈ দেহ-মন বেয়া নকৰিব। শৰীৰ মধ্যম। প্রাপ্তিৰ সামান্য আশা। শুভ ৰং সোণালী। শুভ সংখ্যা ৬।
বৃশ্চিক: শুভ সংযোগ। কর্মাদিত উৎসাহ পাব। কোনো ব্যক্তিগত কাৰণত কৰা অভিযান কিছু দূৰ আশাপ্রদ। শিল্পী, অভিনেতাৰ সুফল। প্রেম-প্রীতিত কিছু চিন্তা। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ৯।
ধনু: অস্থিৰতাৰ কাৰক। আর্থিকত সফলতা কম পাব। শৰীৰ মধ্যম। কোনো সংবাদত মিশ্রিত ফল। বিয়া-বাৰুৰ চেষ্টা কৰোতাই কিছু বাধা পাব। প্রেমত অশুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১২।
মকৰ: দাম্পত্যত ভালেই। শৰীৰো বেয়া নাযাব। বিশ্রামৰ বাবে চিন্তা। বিদ্যাত বেয়া নহ’ব। ন বজাৰ পৰা চাৰি বজাৰ সময়খিনি পাৰিলে বৰ্জন কৰক। ঘৰুৱা ভালেই। শুভ ৰং কলা, শুভ সংখ্যা ৮।
কুম্ভ: শৰীৰ আৰু পাৰিপাৰ্শ্বিক প্রায় অনুকূল। আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব। য’তে ত’তে পৰাপক্ষত একো মন্তব্য নিদিব। ব্যৱসায়ত শুভ। শুভ ৰং আকাশী, শুভ সংখ্যা ৪।
মীন: আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক। বিদ্যাত তেনে আহুকাল দেখা নাযায়। ঘৰুৱা উন্নতিৰ প্ৰচেষ্টা। প্রেম-প্রীতিত মধ্যম মনোযোগ। মাটি-বাৰীৰ নতুন পৰিকল্পনা। শুভ ৰং হালধীয়া, শুভ সংখ্যা































