Horoscope:✒️মেষ: বৈষয়িক অৱস্থাৰ সমাধানত উন্নতি সম্ভৱ। এই সময়ছোৱাত শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভ আনন্দৰ কাৰকতা। কর্মসূত্ৰত যোগ আছে। বিদ্যাত জটিলতা। দাম্পত্যত মতানৈক্য। শুভ ৰং ৰঙা।
বৃষ: কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে। ৰাজহুৱা কর্মত জড়িতসকলে সহানুভূতি লাভ কৰিব। জ্যেষ্ঠজনক অৱজ্ঞাৰ পৰা বিৰত থাকক। শৰীৰ মধ্যম। শুভ ৰং নীলা।
মিথুন: পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। দেহ ভাল বুলি ক’ব পাৰি। অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে। বিদ্যাত শুভ। প্রেমত বাধা। শুভ ৰং কমলা।
কৰ্কট : চাকৰিয়ালসকলৰ বাবে এই সময়ছোৱা শুভ। কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি। বিদ্যাত শুভ। শুভ ৰং মেৰুণ।
সিংহ: পুৰণা মামলা মোকদমাৰ নিষ্পত্তি হ’ব পাৰে। বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। প্ৰেমত শুভ। নিৱনুৱাৰ কৰ্ম প্ৰাপ্তিৰ যোগ। বিদ্যাত বাধা। শুভ ৰং হালধীয়া।
কন্যা: আর্থিক দিশত এই সময়ছোৱাত উন্নতি। যোগাযোগত আশাপূর্ণ অগ্রগতি। মানসিক অৱস্থা বিশেষ ভাল নাযাব পাৰে। প্ৰেমত শুভ। শুভৰং বগা।
তুলা: পৰোপকাৰ কৰিবলৈ যাওঁতে বিপদত পৰাৰ আশংকা। বিবাহ প্ৰাৰ্থীৰ বিবাহ প্ৰস্তাৱ আহিব পাৰে। প্রেম-প্রণয়ত শুভ। শুভ ৰং সেউজীয়া।
বৃশ্চিক: এই সময়ছোৱাত ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। আয়-বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য। সন্তানক লৈ চিন্তিত। প্ৰেমত প্ৰতাৰিত হ’ব পাৰে। শুভ ৰং মুগা।
ধনু: আর্থিকত অসুবিধা পাব পাৰে। বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ’ব। সন্তানৰ সুর্কীতি দেখা যায়। প্ৰেমত বাধা হ’ব পাৰে। বিদ্যাত বিশৃংখলতাৰ উদ্ভৱ। শুভ ৰং ক’লা।
মকৰ: সামাজিক কর্মত জড়িতসকলে চাই-চিতি চলিব। ব্যৱসায়িক দিশত উন্নতি। ভ্রাতৃৰ লগত ঘৰুৱা কথা লৈ মতানৈক্য হ’ব পাৰে। বিদ্যাত শুভ, প্রেমত আনন্দ। শুভ ৰং হালধীয়া।
কুম্ভ: এই সময়ছোৱাত আত্মীয় লোকৰ পৰা সাৱধানে থাকিব। ব্যৱসায়িক দিশত উন্নতি লাভৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ। প্রেমত মধ্যম। শুভ ৰং মেৰুণ।
মীন: ব্যৱসায়-বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব। অৱশ্যে এই সময়ছোৱাত লেন-দেনৰ কামত জড়িত নথকাই ভাল। বিদ্যাত মনোযোগ দিয়ক। প্রেমত শুভ ফল। শুভ ৰং ক’লা।
































