✒️কাৰ বলেৰে বলীয়ান হৈ বহু বিতর্কিত ব্যৱসায়ী অশোক ধানুকাই গুৱাহাটী গোশালাত দৌৰাত্ম্য চলাইছে? মাৰোৱাৰী সম্প্ৰদায়ৰ অতি শ্ৰদ্ধা আৰু আদৰৰ অনুষ্ঠান গুৱাহাটী (গৌহাটী) গোশালা কুক্ষিগত কৰিবলৈ এই বিতর্কিত ব্যৱসায়ীজনে কিদৰে নিকৃষ্ট ষড়যন্ত্র চলাই আহিছে, সেই বিষয়ে ইতিমধ্যে ‘দৈনিক অগ্রদূত’ত বিস্তৃতভাৱে প্রকাশ পাইছে।
মাৰোৱাৰী সম্প্ৰদায়ৰ কে’বা প্ৰজন্মৰ দান-বৰঙণিৰে গঢ়ি উঠা গুৱাহাটী গোশালাক ব্যক্তিগত সম্পত্তিৰূপে ব্যৱহাৰ কৰি আহিছে এইজন অশোক ধানুকাই। ইয়াকে লৈ মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত তীব্র ক্ষোভ আৰু অসন্তুষ্টি অব্যাহত আছে যদিও ধানুকাৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে মাত মাতিলেই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ ভাবুকি প্ৰদৰ্শন কৰাটো তেওঁৰ এক নিয়মত পৰিণত হৈছে।
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ তথা সন্মানীয় গুৱাহাটী গোশালাক এনেদৰে ব্যক্তিগত সম্পত্তিৰূপে ব্যৱহাৰ কৰি ধানুকাই কোনো ধৰণৰ নীতি-নিয়ম অনুসৰণ নকৰি কোটি কোটি টকাৰ অবৈধ নিৰ্মাণ কাৰ্য চলাই আহিছে।
কোনো ধৰণৰ চৰকাৰী সংস্থা অথবা পৌৰ নিগমৰ অনুমতি অবিহনেই গোশালা চৌহদত প্রায় ১০ হেজাৰ বৰ্গফুটৰ এক বিশালাকাৰৰ অট্টালিকা নির্মাণ অব্যাহত ৰাখিছে ধানুকাই। পেটৰ ভাতমুঠি মোকলোৱাৰ বাবে কোনো সাধাৰণ নাগৰিকে সামান্য নির্মাণ কাৰ্য কৰিলেও তাক উচ্ছেদ কৰি বিক্ৰম প্ৰদৰ্শন কৰা চৰকাৰী সংস্থাসমূহ ধানুকাৰ এই দুষ্কাৰ্য প্রত্যক্ষ কৰিও কিয় নীৰৱে আছে বুলি প্রশ্ন উত্থাপিত হৈছে।
এই অট্টালিকা নিৰ্মাণৰ অনুমতিৰ সম্পৰ্কত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হ’লেই ধানুকাই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰে ঘনিষ্ঠতাৰ দাবী কৰি তেওঁ মুকলিকৈ অনিয়ম কৰিলেও কোনেও একো কৰিব নোৱাৰে বুলি দম্ভালি মাৰে। সেয়েহে এনে অবৈধ কাৰ্যৰ সন্দৰ্ভত চৰকাৰ অথবা মুখ্যমন্ত্ৰীয়ে এক স্পষ্টীকৰণ দাঙি ধৰিব বুলি গুৱাহাটী গোশালাৰ শুভাকাংক্ষীসকলে আশা কৰিছে।
সততে মুখ্যমন্ত্রী শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম লৈ বিভিন্নজনক ভয়-ভাবুকি প্রদান কৰি অহা ধানুকাৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগৰ অন্ত নাই। ঝাৰখণ্ডৰ বিধায়ক কিনা-বেচাৰ ঘটনাতো নাম সাঙোৰ খাই পৰা এইজন বহু বিতর্কিত ধানুকাই গুৱাহাটী গোশালাক সম্পূর্ণৰূপে কুক্ষিগত কৰিবলৈ এটাৰ পাছত আনটো অন্যায়-অনৈতিক কার্যত লিপ্ত হোৱা ঘটনাই গুৱাহাটীৰ মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত তীব্র ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে; কিন্তু মুখ্যমন্ত্ৰীৰ ৰোষত পৰাৰ আশংকাত সকলোৱে নীৰৱে থাকিবলৈ বাধ্য হৈছে।
ইতিমধ্যে গুৰুতৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে যে বহু বিতর্কিত ধানুকা সম্প্রতি গোশালা ন্যাসৰ শ শ কোটি টকাৰ সা-সম্পত্তিৰ স্বয়ম্ভূ মালিক হৈ পৰিছে। তেওঁ পূৰ্বৰ দাতাসকলে আগবঢ়োৱা ভৱনসমূহ জধে-মধে ভাঙি সেইসকলক অপমানিত কৰাৰ লগতে উত্তৰসূৰীসকলক মানসিক আঘাত দিবলৈ পিছ হোঁহকা নাই।
সম্পূৰ্ণৰূপে নিজৰ খেয়াল-খুচি অনুসৰি কোটি কোটি টকাৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ লগতে এই ক্ষেত্রত আর্থিক অনিয়ম সংঘটিত কৰা বুলিও চর্চিত হৈছে। ব্যক্তিগত ব্যৱসায় অক্ষুণ্ণ ৰাখিবলৈ তেওঁ আনকি গৌশালাৰ বৃন্দাবন গার্ডেনৰ সদ্ব্যৱহাৰত কৌশলেৰে বাধাদান কৰি আহিছে।
এই বৃহৎ অনুষ্ঠানটো হস্তগত কৰাৰ চক্রান্ত সফল কৰিবলৈ ধানুকাই গুৱাহাটী গোশালাৰ স’তে সুদীর্ঘকাল ধৰি জড়িত হৈ অহা ন্যাসৰক্ষী সকলক বিভিন্ন ধৰণে হেঁচা প্ৰয়োগৰ জৰিয়তে অপমানিত কৰি অপসাৰণ কৰাতে ক্ষান্ত নাথাকি তেওঁৰ একাংশ নিকটাত্মীয় আৰু এচাম চাতুকাৰক সেই স্থানত নিয়োজিত কৰিছে।
ইতিমধ্যে প্রকাশ পাইছে যে গোশালা ন্যাসৰ ১৫জন ন্যাসৰক্ষীৰ ১১জনেই ধানুকাৰ চামচাৰূপে পৰিচিত। গোশালাৰ কাৰ্যবাহী সদস্য নোহোৱা ব্যক্তিকো প্রত্যক্ষভাৱে ইয়াৰ ন্যাসৰক্ষীৰূপে নিযুক্তি প্রদান কৰাত গোশালাৰ শুভাকাংক্ষীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।
গোশালা ন্যাসৰ কমেও দুশ কোটি টকা মূল্যৰ ভূমি ন্যাসৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ অবৈধভাৱে মাৰোৱাৰী হাস্পতালক আবণ্টন দিয়া কার্যক লৈও তীব্র অসন্তুষ্টিৰ সৃষ্টি হৈছে যদিও ধানুকা নিজৰ সিদ্ধান্তত নির্বিকাৰ হৈয়ে আছে। ন্যস্তস্বার্থ পূৰণৰ লক্ষ্যৰেই গোশালাৰ সমীপৰ কৱৰস্থানৰ সন্মুখত নির্মাণ হ’বলগীয়া মার্কেট কমপ্লেক্সৰ কাম বন্ধ ৰাখি কোটি কোটি টকাৰ আয়ৰ পথ বন্ধ ৰাখিছে ধানুকাই।
এনেদৰে গো-ধনৰ সংৰক্ষণ তথা সেৱাৰ গোশালাৰ মূল উদ্দেশ্যে আৰু সিদ্ধান্তক উলংঘা কৰি ইয়াক ইতিমধ্যে এক ব্যৱসায়িক ডায়েৰী ফাৰ্মত পৰিণত কৰি তোলা কাৰ্যই এই বিতর্কিত ব্যৱসায়ীজনৰ অসৎ উদ্দেশ্যে ফাদিল কৰিছে।






























