Public Interest Litigation:
যানবাহনৰ চলাচলৰ ক্ষেত্ৰত অতি জৰুৰী নথি হিচাপে বিবেচিত প্রদূষণৰ প্ৰমাণ-পত্রৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷
ADVERTISEMENT
এতিয়াৰে পৰা জৰিমনা অনাদায় হৈ থাকিলেও লাভ কৰিব প্রদূষণৰ প্ৰমাণ-পত্র ৷ উচ্চ ন্যায়ালয়ত দাখিল হোৱা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ (পিআই এল) শুনানি গ্রহণ কৰি এই ৰায় প্ৰদান কৰে বিচাৰপীঠে ৷ ইতিমধ্যে ন্যায়ালয়ে নতুন নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ ৰাজ্যৰ পৰিবহণ বিভাগলৈ যাবতীয় নিৰ্দেশনা জাৰি কৰিছে ৷ উল্লেখ্য যে, পূৰ্বতে কোনো যান-বাহনৰ জৰিমনা অনাদায় থাকিলে লাভ নকৰিছিল প্রদূষণৰ প্ৰমাণ-পত্র ৷






























