Guwahati High Court:
মথাউৰি নিৰ্মানৰ বাবে ভূমি অধিগ্ৰহণ কৰি বিগত ৩২বছৰে মাটিৰ গৰাকীক নিদিলে এটা ফুটাকড়ি ৷ ভুক্তভোগী পৰিয়ালে আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ জাৰি কৰে কাৰণ দৰ্শোৱাৰ জাননী ৷
উল্লেখ্য যে,১৯৯৩ চনত নাহৰকটীয়াৰ টকৌবিলত এটা মথাউৰি নিৰ্মাণৰ বাবে ২৫ টা পৰিয়ালৰ ভূমি অধিগ্ৰহণ কৰিছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰে অধিগ্ৰহণৰ সময়ত পৰিয়াল কেইটাক প্ৰয়োজনীয় ক্ষতিপূৰণ দিয়া হ’ব বুলি আশ্বাস দিছিল প্ৰশাসনৰ লোকে ৷ কিন্ত বিগত ৩২বছৰে ভুক্তভোগী পৰিয়াল কেইটাই প্ৰশাসনৰ কাষলৈ তাঁতবাটি কৰি ভাগৰি পৰি অৱশেষত দ্বাৰস্থ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ ৩ খনকৈ লেখ আবেদন দাখিল কৰিছিল ভুক্তভোগী পৰিয়াল কেইটাই ৷
অৱশেষত তেওঁলোকৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি আজি ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাৰি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ আদালতত ভুক্তভোগী পৰিয়াল কেইটাৰ হৈ যুক্তি দৰ্শাই অধিবক্তা অসীম চমুৱাই।






























