Guwahati:
মহানগৰীৰ সুন্দৰপুৰস্থিত টাইম স্কোৱাৰৰ ‘তাণ্ডৱ’ত অনুস্থিত হয় “মিছ এছিয়াটিক” শীৰ্ষক ফেশ্বন প্ৰতিযোগিতাৰ অডিচন। মিছ এছিয়াটিকৰ স্বত্বাধিকাৰী অশোক গুলবানীয়ে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ উত্তৰ-পূৱৰ ৭২ গৰাকী মডেলৰ ভিতৰত ১৯ গৰাকী মডেলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনিৰ অডিচনত। ইয়াৰ ভিতৰত শীৰ্ষস্থান লাভ কৰা ৩ গৰাকী মডেলে ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিব পাৰিব।
লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰাসকলে সুযোগ লাভ কৰিব ‘মিছ গ্লৱেল ইণ্টাৰনেশ্যনেল’ ফেশ্বন প্ৰতিযোগিতাত। আনহাতে ২ বছৰৰ পাছত ‘মিছ এছিয়াটিক ইণ্টাৰনেশ্যনেল’ ফেশ্বন প্ৰতিযোগিতা অনুস্থিত কৰিব বুলি গুলাবানীয়ে লগতে জানিবলৈ দিয়ে।
বৃহস্পতিবাৰে অনুস্থিত এই ফেশ্বন প্ৰতিযোগিতাত জুৰি সদস্য হিচাপে উপস্থিত থাকে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপ, মেধা শইকীয়া, অশোক গুলবানী, মেঘনা ৰায় মেধি, প্ৰাক্তন ‘মিছ এছিয়াটিক’দ্বয় মুন চেত্ৰী আৰু ৰিয়া চৰকাৰ।































