ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই। ৰাছিয়াৰ পৰা তেল আমদানিৰ বাবে জৰিমনা হিচাপে আৰু ২৫ শতাংশ কৰ আৰোপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ব্ৰাজিলৰ ওপৰতো ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই।
এই পৰিপ্ৰেক্ষিতত কি কৰণীয়, সেই বিষয়ে প্ৰায় এক ঘণ্টা ধৰি ফোনত বাৰ্তালাপ চলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ। আলোচনাৰ সময়ত দুয়োখন দেশে ইজনে সিজনক সহযোগিতা কৰাৰ সিদ্ধান্ত লয়।
সমাজিক মাধ্যমত মোদীয়ে জনাইছে, ইয়াৰ পূৰ্বে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ব্ৰিকছ সন্মিলনত সাক্ষাৎ কৰিছিল। ইয়াৰ পাছত তেওঁলোকৰ মাজত ফোনত “পাৰস্পৰিক সহযোগিতা”ৰ বিষয়ে “ভাল আলোচনা” হয়।
তেওঁ জনাইছে, ভাৰত আৰু ব্ৰাজিলে শক্তি আৰু বাণিজ্যৰ পৰা আৰম্ভ কৰি স্বাস্থ্য, প্ৰযুক্তি আৰু প্ৰতিৰক্ষালৈকে বিভিন্ন ক্ষেত্ৰত ইজনে সিজনক কৌশলগতভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
মোদীয়ে দাবী কৰিছে যে,ইয়াৰ দ্বাৰা দক্ষিণৰ দেশসমূহো লাভৱান হ’ব। ভাৰতীয় পক্ষৰ পৰা জনোৱা হৈছে যে মোডীলৈ প্ৰথম ফোন আহিছিল ব্ৰাজিলৰ পৰা। প্ৰাপ্ত তথ্য অনুসৰি, কৃষিৰ ক্ষেত্ৰতো দুয়োখন দেশে সহযোগিতা আগবঢ়াব। ইয়াৰ উপৰিও বৈঠকত বিভিন্ন বিশ্বব্যাপী সমস্যাও আলোচনা হয়।
ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ছ’চিয়েল মিডিয়াত জনাইছে, দুয়োখন দেশে “একপক্ষীয় শুল্ক আৰোপ”ৰ পাছত “আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক পৰিস্থিতি”ৰ বিষয়ে আলোচনা কৰিছে।
অহা বছৰৰ আৰম্ভণিতে দেশখনৰ উপ-ৰাষ্ট্ৰপতিৰ স’তে ভাৰতলৈ আহিব বুলি দাবী কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। মূল লক্ষ্য হ’ব বাণিজ্য।
উপস্থিত থাকিব সেই দেশৰ মন্ত্ৰী আৰু ব্যৱসায়ীসকল । আলোচনাত খনিজ পদাৰ্থ, শক্তি, স্বাস্থ্য আৰু ডিজিটেলৰ স’তে জড়িত বিষয়সমূহ অন্তৰ্ভুক্ত হ’ব পাৰে। লুলাই লগতে দাবী কৰে যে ২০৩০ চনৰ ভিতৰত দুয়োখন দেশৰ মাজত অৰ্থনীতি ২০ বিলিয়ন ডলাৰতকৈ অধিক বৃদ্ধিৰ সম্পৰ্কিত বিষয়ক লৈ আলোচনা হয়।



































