Guwahati High Court:অনাশৈক্ষিক পদত কৰ্মৰতক স্কেল পে’ দিবলৈ নির্দেশ ন্যায়ালয়ৰ, আঠ সপ্তাহৰ ভিতৰত নির্দেশ পালন কৰিব লাগিব
পদ প্রাদেশিকীকৰণ হোৱা সত্ত্বেও নিয়মীয়া দৰমহা লাভৰ পৰা বঞ্চিত বিভিন্ন পর্যায়ৰ শিক্ষানুষ্ঠানৰ অনাশৈক্ষিক পদত কৰ্মৰতসকলক স্কেল অনুযায়ী দৰমহা দিবলৈ শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্দেশ জাৰি কৰে।
মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে ন্যায়ালয়ত ৩২৩৯/২০২৩ নম্বৰত পঞ্জীয়ন হোৱা এখন লেখ আবেদনৰ শুনানিৰ অন্তত জাৰি কৰা নির্দেশটোত সামৰি লোৱা অনাশৈক্ষিক পদবোৰৰ ভিতৰত আছে জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক, চতুর্থ বৰ্গৰ কৰ্মচাৰী আদি। তেওঁলোক বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু হাইস্কুলত কৰ্মৰত হৈ আছে।
উল্লেখ্য যে আব্দুল মতলেব আৰু ১৪৭ জনে এই আবেদন দাখিল কৰিছিল। উল্লেখ্য যে ২০১৮ত অসম চৰকাৰে বলৱং কৰা পদ প্রাদেশিকীকৰণ আইনখনত অনাশৈক্ষিক পদত কৰ্মৰতসকলৰ চাকৰি নিয়মীয়া নকৰি তেওঁলোকক স্থায়ী দৰমহা শিতানত অন্তর্ভুক্ত কৰে। ইয়াৰ বিৰুদ্ধেই এই লেখ আবেদন দাখিল হৈছিল।
নিৰ্দেশটোত ন্যায়ালয়ে কয় যে তেওঁলোকে দৰমহাৰ গাঁথনি কিমান হ’ব, সেয়া নির্ধাৰণ কৰি নকৰে। এই দায়িত্ব পালন কৰিব লাগিব শিক্ষা বিভাগে। জাৰি কৰা নির্দেশটোৰ ‘চার্টিফাইড কপি’ বিভাগৰ হাতত পৰাৰ আঠ সপ্তাহৰ ভিতৰত এই কাম কৰিব লাগিব বুলিও নির্দেশ দি গোচৰটো ন্যায়ালয়ে প্রত্যাহাৰ কৰে।






























