Bilawal Bhutto: ✒️ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি সম্পূৰ্ণ হ’লেও ইয়াৰ প্ৰভাৱ এতিয়াও অব্যাহত আছে। পাকিস্তান সেনা প্ৰধানে আমেৰিকাৰ পৰা পাৰমাণৱিক সতৰ্কবাণী দিয়াৰ পাছত এইবাৰ পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী তথা পাকিস্তান পিপলছ পাৰ্টিৰ মুৰব্বী বিলাৱাল ভুট্টোৱে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিছে।
তেওঁ কয় ,যদি ভাৰতে সিন্ধু নদীত বান্ধ নিৰ্মাণ কৰে তেন্তে দুয়োখন দেশৰ মাজত যুদ্ধ অনিবাৰ্য। কেৱল সেয়াই নহয়, ভুট্টোৱে সিন্ধুকে ধৰি ভাৰতৰ ছখন নদী দখল কৰাৰ ভাবুকিও দিয়ে।
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু ২৬ জন পৰ্যটকৰ মৃত্যুৰ প্ৰতিক্ৰিয়া স্বৰূপ অপাৰেচন সিন্দুৰৰ উপৰিও ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেবাটাও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰে এটা হ’ল ১৯৬০ চনৰ সিন্ধু জল সন্ধি বাতিল।ভাৰতে সিন্ধু নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভুট্টোৱে যুদ্ধৰ ভাবুকি দি কয় যে, “ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি সিন্ধু নদীত কোনো ধৰণৰ আঘাত হানে তেন্তে সেয়া আমাৰ ইতিহাস, সংস্কৃতি আৰু আমাৰ সভ্যতাৰ ওপৰত আক্ৰমণ হ’ব।”
পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “যদি যুদ্ধ আৰম্ভ হয়, তেন্তে পাকিস্তানৰ জনসাধাৰণৰ হাতত মোডীৰ স’তে মোকাবিলা হোৱাৰ ক্ষমতা আছে। আৰু ভাৰতৰ স’তে যুদ্ধ হ’লে আমি সিন্ধু আৰু ইয়াৰ সকলো উপনৈ নিয়ন্ত্ৰণ কৰিম।”
যি সময়ত পাকিস্তানৰ সেনা প্ৰধানে আমেৰিকাৰ মাটিত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছে, সেই সময়তে ভুট্টোৱেও এই সতৰ্কবাণী প্ৰকাশ কৰিছে।






























