Assam Book Fair:
অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক-বিক্রেতা সংস্থাই যৌথভাবে আয়োজন কৰি অহা ‘অসম গ্রন্থমেলা’ এই বছৰ ৰাজ্যৰ মুঠ আঠটা স্থানত অনুষ্ঠিত কৰা হ’ব। গুৱাহাটীৰ মূল গ্ৰন্থমেলাৰ উপৰি অসমৰ আন সাতখন চহৰত আঞ্চলিক গ্রন্থমেলাৰূপে ‘অসম গ্রন্থমেলা’ অনুষ্ঠিত কৰা হ’ব।
অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰা হয়। যৌথ সংবাদমেলত পৰিষদৰ সচিব প্রমোদ কলিতা আৰু বিক্রেতা সংস্থাৰ ধীৰাজ গোস্বামীয়ে কয় যে বঙাইগাঁৱৰ পৰা এইবাৰৰ গ্ৰন্থমেলাৰ কাৰ্যসূচী আৰম্ভ হ’ব। ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ বঙাইগাঁৱত গ্রন্থমেলা অনুষ্ঠিত হোৱাৰ পাছত পহিলা নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ লখিমপুৰত অনুষ্ঠিত হ’ব। একেদৰে ছয় নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ নলবাৰীত, ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ যোৰহাটত, ২৮ নৱেম্বৰৰ পৰা সাত ডিচেম্বৰলৈ তিনিচুকীয়াত, পহিলা ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ শিলচৰত, ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ মঙলদৈত গ্রন্থমেলা আয়োজন কৰা হৈছে।
উল্লেখ্য যে এইবেলি গুৱাহাটীত হ’বলগীয়া অসম গ্রন্থমেলা পূৰ্বৰ ১২ দিনৰ ঠাইত ১৪ দিনীয়াকৈ আয়োজন কৰা হ’ব। যোৱা বছৰৰ দৰেই গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিব বিচৰা এই বছৰৰ অসম গ্রন্থমেলা ২৪ ডিচেম্বৰৰ পৰা ২০২৬ৰ ছয় জানুৱাৰীলৈ অনুষ্ঠিত হ’ব।
আনহাতে, অসম চৰকাৰে ‘গ্ৰন্থবর্ষ’ উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলক কিতাপ ক্ৰয় কৰিবলৈ প্ৰদান কৰিব বিচৰা ধনৰাশি যাতে গ্রন্থমেলাসমূহত গ্ৰন্থ ক্ৰয়ৰ যোগেদি সদ্ব্যৱহাৰ হয়, তাৰ প্ৰতি উদ্যোক্তাসকল সচেষ্ট হ’ব বুলি সংবাদমেলত উল্লেখ কৰে।






























