Increase in medical expenditure of State Cancer Institute:
ৰাজ্যৰ ৰাজহুৱা চিকিৎসা খণ্ডৰ আগন্তুক দিনৰ ভয়াৱহতাৰ ছবিখন প্রকাশ হৈ পৰে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ জৰিয়তে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এটা সময়ত অংশ হৈ থকা ভঙাগড়স্থিত প্রতিষ্ঠানখনত ইমানদিনে কৰ্কটৰ দৰে ৰোগৰ ব্যয়বহুল চিকিৎসা চৰকাৰী ব্যয় নীতি অনুসৰি চলিছিল।
যোৱা পহিলা জানুৱাৰীৰ পৰা প্ৰতিষ্ঠানখনৰ লগত চৰকাৰ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সম্পৰ্ক পূর্ব নির্ধাৰিত অনুসৰি সম্পূর্ণ বিচ্ছিন্ন হয়। ইয়াৰ লগে লগে প্রতিষ্ঠানখন সম্পূর্ণরূপে ব্যক্তিগত খণ্ডৰ অধীনলৈ যায়। এতিয়া চিকিৎসালয়খন অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ অধীনৰ টাটা ন্যাসৰ এক প্রতিষ্ঠান।
ইয়াতপূৰ্বৰ দৰে চৰকাৰৰ ন্যূনতমো ভূমিকা নাই। ৰাজহুৱা খণ্ডৰ এটা অনুষ্ঠান এনেদৰে সম্পূর্ণরূপে ব্যক্তিগত খণ্ডলৈ যোৱাৰ পৰিণাম স্বৰূপে কালি সন্ধিয়াৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো ধৰণৰ মাচুল চিকিৎসালয়খনত অভাৱনীয় হাৰত বৃদ্ধি কৰা হৈছে।
একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰোগীক লুণ্ঠনৰ যি কৌশল আৰম্ভণি পৰ্যায়ৰ পৰাই অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে, সেয়াও এই প্রতিষ্ঠানখনে অনুসৰণ কৰিছে। লক্ষ্যণীয় বিষয়টো হ’ল অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ অধ্যক্ষ হ’ল স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। অর্থাৎ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাতে ৰাজহুৱা চিকিৎসা ব্যৱস্থা এটা অতি কম দিনৰ ভিতৰতে ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হয় আৰু তাৰে ফলশ্রুতিত কালি পুৱাৰে পৰা চিকিৎসালয় খনত ৰোগী আৰু অভিভাৱকৰ মাজত হঠাৎ বৃদ্ধি হোৱা চিকিৎসা ব্যয়ক লৈ হাহাকাৰ লাগে। নাম পঞ্জীয়ন কৰিবলৈ অহা ৰোগীসকলৰ পৰা যেতিয়া অধিক ধন বিচৰা হয়, তেতিয়াই হাহাকাৰৰ সৃষ্টি হয়। প্রতিটো শিতানতে অভাৱনীয় পৰিমাণৰ মাচুল বৃদ্ধি কৰা হৈছে প্রতিষ্ঠানখনত। পূর্বে এজন ৰোগীৰ নাম পঞ্জীয়ন কৰাৰ
সময়ত আদায় দিব লাগিছিল এশ টকা। আজিৰ পৰা এই মূল্য ১০ টকালৈ হ্রাস কৰা হৈছে; কিন্তু ব্যৱসায়িক বুদ্ধিৰে ১০ টকাটোৰ লগত চিকিৎসকৰ মাচুল ৩৫০ টকা সংলগ্ন কৰি পঞ্জীয়ন মাচুল মুঠ ৩৬০ টকা কৰা হৈছে। ইয়াৰ পাছত কোনো ৰোগী ভর্তি হ’বলৈ হ’লে আগতীয়াকৈ আদায় দিব লাগিব ১০ হেজাৰ টকা। এনেকৈ আগধন লোৱা নিয়ম ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তহে চলি আহিছে।
সেই নিয়মো ৰাজ্যিক কর্কট প্রতিষ্ঠানত সংযোজিত হ’ল। ইয়াৰ সমান্তৰালকৈ অভাৱনীয়ভাৱে বৃদ্ধি কৰা হৈছে চিকিৎসাৰ বিভিন্ন পৰ্যায়ৰ ব্যয়সমূহো। সাধাৰণ বিছনাত থকাৰ বাবদ পূর্বে এজন ৰোগীৰ দৈনিক ব্যয় আছিল দুশ টকা। সেই পৰিমাণ অভাৱনীয়ভাবে বৃদ্ধি কৰা হৈছে ১৫শ টকালৈ। আইচিইউ বিছনাৰ ভাড়াও এদিনত ১৫শ টকাৰ পৰা একেকোবে বৃদ্ধি কৰা হৈছে চাৰি হেজাৰ টকালৈ।
এজন ৰোগী থকা কেবিনৰ এদিনৰ ভাড়া পূর্বে আছিল তিনি হেজাৰ টকা। সেই পৰিমাণ বৃদ্ধি কৰা হৈছে ৪,৫০০ টকালৈ। দুজন ৰোগী থকা কেবিনৰ এদিনৰ ভাড়াও দুহেজাৰ টকাৰ পৰা তিনি হেজাৰলৈ বৃদ্ধি কৰা হৈছে। একাংশ ৰোগীয়ে দিনতেই কেম’থৈৰাপি লৈ গুচি যায়। ইয়াৰ বাবদ তেওঁলোকে পূর্বে মাচুল আদায় দিবলগীয়া হৈছিল তিনিশ টকা। সেই পৰিমাণ ৫১০ টকালৈ বৃদ্ধি কৰা হৈছে। সম্পূৰ্ণৰূপে ব্যক্তিগত খণ্ডলৈ যোৱাৰ বাবে চৰকাৰে পূৰ্বে যি বিনামূলীয়া কেম’থেৰাপীৰ যোগান ধৰিছিল, সেয়াও বন্ধ হৈ পৰিছে।
ইয়াৰ ফলত ৰোগীয়ে এতিয়া প্রকাৰভেদে ৫০-৬০ হেজাৰ টকা এই ক্ষেত্ৰত ভৰিব লাগিব। তদুপৰি সকলো ধৰণৰ পৰীক্ষাৰ মাচুলো দুইৰ পৰা তিনিগুণ বৃদ্ধি কৰা হৈছে। অৱশ্যে চৰকাৰী আঁচনিৰ অধীনৰ ৰোগীসকলে এটা পর্যায়লৈ ৰেহাই পাব যদিও মাচুল বৃদ্ধি হোৱাৰ পৰিণতিত তেওঁলোকেও অতি কম দিনৰ ভিতৰত সেই সুবিধাৰ আওতাৰ বাহিৰলৈ যোৱাটো নিশ্চিত। কাৰণ কৰ্কট ৰোগৰ চিকিৎসা যথেষ্ট ব্যয়বহুল আৰু দীঘলীয়া হয়।
পৰিতাপৰ বিষয় এয়ে যে অসমত কৰ্কট ৰোগৰ প্রাদুর্ভাৱ যথেষ্ট বেছি হোৱাৰ বাবেই চৰকাৰৰ পৃষ্ঠপোষকতাত বৃহৎ ঢাকঢোল বজাই টাটা ন্যাসৰ সহযোগত এই প্রতিষ্ঠানখন গঢ়ি তোলা হৈছিল। কম ব্যয়ত উন্নত চিকিৎসা প্রদানৰ এক মায়াজাল সৃষ্টি কৰি প্রতিষ্ঠানখনৰ প্ৰতি ( অভিভাৱকৰ মাজত আকর্ষণ বৃদ্ধি কৰি অৱশেষত চৰকাৰৰ পৃষ্ঠপোষকতাতে ব্যক্তিগত খণ্ডলৈ এনেদৰে হস্তান্তৰ শোধোৱা হ’ল।



































