Temporary Stay Order of evictions in Guwahati Hills:
অসম চৰকাৰে গুৱাহাটীৰ পাহাৰতো বেদখলৰ অভিযোগত উচ্ছেদৰ প্ৰস্তুতি চলাইছে। এনে সময়তে গুৱাহাটী উচ্চ ন্যয়ালয়ে অহা ১৯ আগস্ট পর্যন্ত উচ্ছেদত হ’বলগীয়া শুনানিত উচ্ছেদৰ জাননী জাৰি কৰা স্থগিতাদেশ জাৰি কৰিছে। সেইদিনা অনুষ্ঠিত অঞ্চলবোৰ ৰাজহ গাঁও নে সংৰক্ষিত বনাঞ্চল তাৰ তথ্য অসম চৰকাৰ তথা বন বিভাগে দাখিল কৰিব লাগিব।
উল্লেখ্য যে অসম চৰকাৰৰ বন বিভাগে শেহতীয়াকৈ ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰা বুলি মালিগাঁৱৰ আদিংগিৰি পাহাৰৰ লগতে কালাপানীৰ বৃহৎ সংখ্যক লোকক জাননী জাৰি কৰে।
জাননী দিয়া লোকসকলক বেদখলী ভূমি তৎকালে ত্যাগ কৰিবলৈও নির্দেশ দিয়া হৈছে। তেনে জাননী লাভ কৰা তিনিশটা পৰিয়ালে বন বিভাগৰ নির্দেশক প্রত্যাহ্বান জনাই শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে।
ইতিপূর্বে আবেদনখনৰ ভিত্তিত এদিন শুনানি অনুষ্ঠিত হয় আৰু সেইদিনা ন্যায়ালয়ে বন বিভাগক উচ্ছেদৰ জাননী জাৰি কৰা অঞ্চলবোৰ সংৰক্ষিত বনাঞ্চল নে ৰাজহ গাঁও তাৰ তথ্য আজিৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
বন বিভাগে ন্যায়ালয়ে দিয়া জাননী অনুসৰি তথ্য দাখিলৰ পৰা বিৰত থাকে। ইয়াৰ পৰিপ্ৰেক্ষিতত ন্যায়ালয়ে পৰবৰ্তী শুনানিৰ দিন অহা ১৯ আগষ্ট ধার্য কৰে আৰু সেইদিনা শপতনামাৰ জৰিয়তে বন বিভাগক বিতং তথ্য দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰে।






























