luxury hotel:✒️অসম কৃষি বিশ্ববিদ্যালয় কর্তৃপক্ষই বিদ্যায়তনিক ক্ষেত্ৰৰ পৰিবৰ্তে চূড়ান্ত মইমতালিৰে অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ সম্পদক কৌশলৰে ব্যৱসায়িক গোষ্ঠীৰ হাতত তুলি দিয়াক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য বিদ্যুৎ চন্দন ডেকা আৰু তেওঁৰ সাংগোপাংগ বাহিনীয়ে বিয়াগোম বিত্তীয় লেনদেনৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ এটা অতিথিশালাৰ লগতে বিদ্যায়তনিক কাম-কাজৰ বাবে ব্যৱহাৰ কৰিবলৈ নিৰ্মাণ কৰা তিনি মহলীয়া অট্টালিকা ওম কনস্ট্রাকছন নামৰ এটা প্রতিষ্ঠানক হস্তান্তৰ কৰে।
এই প্রতিষ্ঠানটোৱেই ‘ৰোহিকা’ নামেৰে ভৱনটোত গঢ়ি তুলিছে এখন ব্যক্তিগত খণ্ডৰ হোটেল। উল্লেখ্য যে এই অতিথিশালাটো ২০২৩ত বিদ্যায়তনিক আৰু গবেষণামূলক কামত ব্যৱহাৰৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উদ্বোধন কৰিছিল; কিন্তু মুখ্যমন্ত্রীয়ে যি উদ্দেশ্যৰে এই অতিথিশালাটো উদ্বোধন কৰিছিল, তাকো অংগুষ্ঠ প্রদর্শন কৰিবলৈ ইতঃস্ততবোধ নকৰিলে উপাচার্য ডেকা আৰু বাহিনীয়ে।
উল্লেখ্য যে পশু চিকিৎসা খণ্ডৰ বিকাশৰ বাবে উত্তৰ-পূব পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ক এই গৃহটো নিৰ্মাণৰ বাবে ৩২ কোটি টকা আবণ্টন দিছিল; কিন্তু নির্মাণ ব্যয় বৃদ্ধি হোৱাত ভাৰতীয় কৃষি গবেষণা পৰিষদে পশু চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে আবণ্টন দিয়া ধনৰো এটা বৃহৎ অংশ এই গৃহটো নির্মাণত ব্যয় কৰা হয়।
ইয়াৰ ফলত গৃহটোৰ নিৰ্মাণ ব্যয় ৪০ কোটি টকাৰো অধিক হয়; কিন্তু এই গৃহ নির্মাণ সম্পূর্ণ হোৱা তথা মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে প্রকৃত উদ্দেশ্যক একাষৰীয়া কৰি উপাচার্য ডেকাই কৃষি বিশ্ববিদ্যালয়ৰ ব’ৰ্ডৰ সভাত তৃতীয় পক্ষক ইয়াৰ পৰিচালনাৰ দায়িত্ব দিয়ে।
স্বাভাৱিকভাবে প্রস্তাৱটো ব’ৰ্ডৰ সভাত অনুমোদনো হয়। তাৰ পাছতে এই গৃহটো নিৰ্মাণৰ ঠিকা লাভ কৰা ওম কনস্ট্রাকছন প্রাইভেট লিমিটেডক সেই দায়িত্ব অর্পণ কৰা হয়। সূত্ৰত প্রকাশ যে বছৰি ৩.৪৮ কোটি টকাৰ বাবদ প্রতিষ্ঠানটোক পাঁচ বছৰৰ বাবে এই গৃহটো আবণ্টন দিয়া হয়।
এনেদৰে নিজৰ এটা সম্পদক উপাচার্য ডেকাই চূড়ান্ত মইমতালিৰে প্রকৃত উদ্দেশ্যক ভৰিৰে মোহাৰি তৃতীয় পক্ষক ব্যবসায়িক ভিত্তিত ব্যৱসায় কৰিবলৈ আবণ্টন দিয়াক লৈ পশু চিকিৎসা মহাবিদ্যালয়ত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়।
এই সন্দৰ্ভত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ উচ্চস্তৰীয় সূত্রই ‘দৈনিক অগ্রদূত’ক ক্ষোভেৰে কয়, ‘আমাৰ ভূমিত এটা সম্পদ গঢ়ি উঠাক লৈ আমি আনন্দিত হৈছিলো। অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ এক গৰিমা আছে। দেশৰ পশু চিকিৎসা বিজ্ঞান শিক্ষাত অসম পশু চিকিৎসা মহাবিদ্যালয়ে অগ্রণী ভূমিকা লৈ আহিছে। এনে এখন প্রতিষ্ঠানত বিদ্যায়তনিক উদ্দেশ্যবে নিৰ্মাণ কৰা গৃহটোক লৈ আমি যথেষ্ট আশাবাদী আছিলো। উত্তৰ-পূব পৰিষদে আমাক টকা দিছিল। তেওঁলোকে এটাই চৰ্ত দিছিল যে গৃহটোৰ এটা মহলা তেওঁলোকে ব্যৱহাৰ কৰিব। বাকী দুটা মহলা পশু চিকিৎসা মহাবিদ্যালয়ে বিদ্যায়তনিক কাম-কাজত ব্যৱহাৰ কৰিব। এই সকলো উদ্দেশ্য মষিমূৰ কৰি সম্পূর্ণ একপক্ষীয় সিদ্ধান্তৰে গৃহটো এটা ব্যবসায়িক গোষ্ঠীক হোটেল চলাবলৈ অনুমোদন দিয়ে। আমাৰ চিকিৎসা মহাবিদ্যালয়ৰ এটা সম্পদ হ’ব বুলি আমি আমাৰ উন্নয়ন পুঁজিৰ ধনো ব্যয় কৰিবলৈ অনুমতি দিছিলো। গতিকে উত্তৰ-পূব পৰিষদ আৰু আমাৰ উন্নয়ন পুঁজিৰ ধন ইয়াত নিহিত হৈ আছে। অথচ আমাৰেই সম্পদ এতিয়া আমি ব্যৱহাৰ কৰিব নোৱাৰা হৈছো।’ অতিথিশালা তথা হোটেল স্থাপন কৰি নির্মাণ প্রতিষ্ঠানটোৱে ইয়াৰ নাম ‘বোহিকা’ ৰাখিছে। এয়াও নীতিবিৰুদ্ধ বুলি সূত্রত প্রকাশ।
উল্লেখ্য যে এই গৃহটোত ১২টা ভিআইপি কোঠা, ৪৩টা এক্সিকিউটিভ কোঠা, ৪০ খন আসন থকা ভিআইপি ডাইনিং কম, আঠখন আসন থকা এটা ‘প্রাইভেট’ ডাইনিং কোঠা, এটা সভাকক্ষ আৰু প্রয়োজনীয় অন্যান্য সা-সুবিধা আছে। ইপিনে, এই হোটেল স্থাপনৰে পৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ কৰে নাম প্রকাশত অনিচ্ছুক কে’বাজনো অধ্যাপক আৰু ছাত্রই।
তেওঁলোকে আক্ষেপৰে কয় যে এটা উচ্চ শিক্ষা প্রতিষ্ঠানৰ চৌহদত ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক গোষ্ঠীয়ে নিজৰ ব্যৱসায়ত লাভালাভৰ বাবে যিকোনো কাম কৰিব পাৰে। ইয়াৰ ফলত শিক্ষানুষ্ঠানখনৰ পৰিৱেশো বিনষ্ট হৈছে। অথচ তেওঁলোকৰ এনে অভিযোগক কেতিয়াও গুৰুত্ব নিদিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই। উপাচার্য বিদ্যুৎ চন্দন ডেকাৰ নেতৃত্বত চলা এনে কাণ্ডই ৰাজ্যৰ উচ্চ শিক্ষাৰ খণ্ডকে ভেঙুচালি কৰাটো স্পষ্ট হৈছে।



































