Guwahati:
অসম ফার্মাছী কাউন্সিলৰ নতুন সমিতি গঠনৰ বাবে ২০২৪ত অনুষ্ঠিত বিতর্কিত নিৰ্বাচনৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে অসম পঞ্জীয়নভুক্ত ফার্মাচিষ্ট সংস্থা চমুকৈ আৰপুয়ে। বিশেষকৈ নিৰ্বাচনৰ এদিন পাছতে ফর্ম-চি আৰু বেলট পেপাৰ জ্বলাই দিয়া কাণ্ডৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰপুৰ কেন্দ্ৰীয় সমিতিয়ে চৰকাৰক দাবী জনায়। এই সন্দর্ভত অনুষ্ঠিত এক বৈঠকত সংগঠনটোৱে ৰাজ্যৰ জনতাৰ প্ৰয়োজনীয় তথা সহজলভ্য স্বাস্থ্য সেৱা উপলব্ধ কৰোৱা আৰু ফাৰ্মাচীষ্টৰ ডিগ্রী আৰু ডিপ্লমাধাৰী ছাত্র-ছাত্রীসকলৰ বিভিন্ন সমস্যা সন্দর্ভত বিতং আলোচনা কৰি কে’বাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে।
আৰপুৰ কেন্দ্রীয় সমিতিয়ে এক প্রেছ বার্তাত উল্লেখ কৰিছে যে মোটা অংকৰ ধনৰ বিনিময়ত ৰাজ্যত শেহতীয়াকৈ এটা অসাধু চক্রই ৯২৯গৰাকী ভুৱা ফার্মাচিষ্টক পঞ্জীয়ন পত্র দিয়াৰ অভিযোগ উঠিছে। অসাধু চক্রই ৯২৯ গৰাকী লোকৰ পৰা ৩০ কোটিৰো অধিক টকা সংগ্রহ কৰি তেওঁলোকক ফার্মাছিৰ পঞ্জীয়ন পত্র প্রদান কৰিছে।
সেয়েহে বিষয়টো তথ্যভিত্তিক তদন্ত কৰিবলৈ সংগঠনটোৱে আহ্বান জনাই ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ আৰপুৰ কেন্দ্রীয় সমিতিয়ে চৰকাৰক দাবী জনায়। আনহাতে, অসম ফার্মাচী কাউন্সিলত নীতি-নিয়ম উলংঘা কৰি গঠন কৰা সমিতি সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা ৯৯২/২৪ গোচৰটোৰ শপতনামা জমা দি গোচৰটো নিষ্পত্তিৰ ব্যৱস্থা কৰিব লাগে বুলি আৰপুৰে উল্লেখ কৰিছে।
একেদৰে অসম ফার্মাচী কাউন্সিলৰ আইন আৰু বিধি অনুসৰি অসম ফার্মাচি কাউন্সিল গঠন কৰিবলৈও বার্তাটোৰ জৰিয়তে চৰকাৰক আহান জনায়। অন্যহাতে, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কেন্দ্রত খালী থকা পদত শীঘ্ৰই ‘বি’ ফার্ম আৰু ফার্ম ‘ডি’ ডিপ্লমাধাৰী ছাত্র-ছাত্রীসকলক কমিউনিটি হেল্থ অফিচাৰৰূপে নিযুক্তি দিবলৈ সংগঠনটোৱে দাবী জনাইছে।






























