Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১৬ দিনীয়া ‘ভোটাৰ অধিকাৰ যাত্রা’ আৰম্ভ কৰিলে ৰাহুলে

পহিলা ছেপ্টেম্বৰত সামৰণি

publisher by publisher
August 18, 2025
in India, News
Reading Time: 1 min read
0
১৬ দিনীয়া ‘ভোটাৰ অধিকাৰ যাত্রা’ আৰম্ভ কৰিলে ৰাহুলে
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

নির্বাচন আয়োগৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ উত্থাপন কৰি তোলপাৰ লগোবা কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰত আৰম্ভ কৰিলে ‘ভোটাৰ অধিকাৰ যাত্রা’। পূর্ব পৰিকল্পনা অনুসৰি আজি বিহাৰৰ ছাছাৰামৰ পৰা এই পদযাত্ৰা মুকলি কৰে লোকসভাৰ বিৰোধী দলপতিৰূপেও কাৰ্যনিৰ্বাহ কৰি থকা ৰাহুলে।

ADVERTISEMENT

‘ইণ্ডিয়া’ৰ অন্যতম অংশীদাৰ দল ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ মুৰব্বী লালু প্রসাদ যাদৱ, তেওঁৰ পুত্র তথা বিহাৰ বিধানসভাৰ বিৰোধী দলপতি তেজস্বী যাদৱ, কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেসহ একাংশ বিৰোধী নেতা-নেত্ৰীৰ উপস্থিতিত ছাছাৰামৰ পৰা ৰাহুলে এই যাত্ৰা আৰম্ভ কৰে।

এই যাত্ৰাৰ সময়ত ২৫ খন জিলাৰে ১৩শ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য লোৱা হৈছে। এই দীর্ঘ দূৰত্ব খোজেৰে যাত্ৰা কৰাৰ পাছত অহা পহিলা ছেপ্টেম্বৰত পাটনাত এই পদযাত্ৰাৰ সামৰণি পেলোৱা হ’ব বুলি কংগ্রেছে প্রকাশ কৰিছে।

মুঠতে কালিৰ পৰা ১৬ দিন ধৰি এই যাত্রা কার্যসূচী অব্যাহত থাকিব। এই পদযাত্রা আৰম্ভকৰাৰ পূৰ্বে ছাছাৰামত এক গণ সমাৱেশত ভাষণ দি ৰাহুলে বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয়, ‘আচল ভোটাৰসকলৰ নাম কাটি নতুন ভোটাৰ সংযোজন কৰি বিশেষ গভীৰ পুনৰীক্ষণ কৰি নিৰ্বাচন জিকাৰ চেষ্টা কৰিছে তেওঁলোকে। বিহাৰৰ মানুহে তেওঁলোকৰ ভোট চুৰি হ’বলৈ নিদিয়ে। নির্বাচন আয়োগে কেনেদৰে ভোট চুৰি কৰে সেই কথা আমি আগেয়ে জনাম।
তেতিয়া সকলোৱে জানিব। আমি চোৰ ধৰিম।’

তেওঁ কয় যে এই যাত্রা হৈছে সংবিধান ৰক্ষা কৰাৰ যুঁজ। আৰএছএছ আৰু বিজেপিয়ে সমগ্র দেশত সংবিধান মচি পেলোৱাৰ চেষ্টা কৰিছে বুলিও ৰাহুলে অভিযোগ উত্থাপন কৰে। ইপিনে, সূত্রই জনোৱা মতে, বাহুলৰ নেতৃত্বাধীন কংগ্ৰেছৰ এই ১৬ দিনীয়া পদযাত্ৰাৰ সময়ত পদযাত্রীসকলে গয়া, মুংগেৰ, ভগলপুৰ, কাটিহাৰ, পুর্ণিয়া, মধুবনী, দাৰভাংগা, পশ্চিম চম্পাবণসহ ২৫ খন জিলা ভ্রমণ কৰিব।

এই পদযাত্ৰাৰ সময়ত ৰাহুলৰ স’তে আৰজেডি নেতা তেজস্বীও থাকিব। এই পদযাত্ৰাৰ সময়ত ৰাহুলে প্রত্যক্ষভাবে ভোটাৰসকলৰ স’তে ভাব বিনিময় কৰিব। এই পদযাত্রা কেৱল ৰাজনৈতিক কর্মসূচী নহয় বুলি উল্লেখ কৰি ৰাহুলে কয় যে এয়া হৈছে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ আন্দোলন। এই ভোটাৰ অধিকাৰৰ যাত্ৰাত চামিল হ’বলৈ তেওঁ জনতাক আহ্বান জনাইছে। কেৱল সেয়াই নহয়, নিজৰ অধিকাৰক লৈ সৰৱ হ’বলৈও জনতাৰ প্ৰতি তেওঁ আহ্বান জনায়।

উল্লেখ্য যে যোৱা সাত আগষ্টত ৰাহুলে অভিযোগ উত্থাপন কৰে যে বিজেপিৰ স’তে হাত মিলাই নির্বাচন আয়োগে বিগত ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পৰা বিভিন্ন নির্বাচনত ভোট চুৰি কৰি আহিছে। লগতে তেওঁ অভিযোগ উত্থাপন কৰে যে ভোটাৰ তালিকাত ভুৱা ভোটাৰ অন্তর্ভুক্ত কৰা হৈছে। এই প্রসংগত তেওঁ কর্ণাটক, মহাৰাষ্ট্ৰ আদি নিৰ্বাচনৰ প্ৰসংগ টানি আনে।

আজিও তেওঁ হুংকাৰ দিয়ে যে ভবিষ্যতে মহাৰাষ্ট্ৰতে হওক বা বিহাৰতে হওক নতুবা আন কোনো স্থানতে হওক, যিকোনো ভোট চুৰিৰ ঘটনা তেওঁ উন্মোচন কৰিব। বিহাৰৰ বিশেষ গভীৰ পুনৰীক্ষণক নির্বাচন আয়োগৰ এক ষড়যন্ত্রৰূপেও তেওঁ অভিহিত কৰে।

আনহাতে, কালি ৰাহুলৰ এই পদযাত্ৰা আৰম্ভ হোৱাৰ সময়ত তেওঁৰ স’তে মঞ্চত উপবিষ্ট আৰজেডি মুৰব্বী লালু প্রসাদ যাদবে কয়, ‘চোৰ বিজেপিক যিকোনো মূল্যৰ বিনিময়ত ক্ষমতালৈ আহিবলৈ নিদিব। ঐক্যবদ্ধ হওক, প্রত্যেকেই বাহুল গান্ধী, তেজস্বী যাদৱৰ কাষত থিয় হওক আৰু ক্ষমতাৰ পৰা বিজেপিক আঁতৰাই পেলাওক। গণতন্ত্র ৰক্ষা কৰক। চোৰক আতৰাওক। বিজেপিক খেদক,’ এইদৰে কয় লালুৱে। একেদৰে তেজস্বীয়ে অভিযোগ উত্থাপন কৰে যে নির্বাচন আয়োগ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ জনতাক ঠগিবলৈ চেষ্টা কৰিছে। ‘বিহাৰৰ যুৱক-যুৱতীসকলৰ জীৱন ধ্বংস কৰিবলৈ নৰেন্দ্ৰ মোদী দৃঢ় প্রতিজ্ঞ হৈছে। মোদীয়ে নিৰক্ষৰসকলক তেওঁৰ বাবে হাতচাপৰি দিয়াত পৰিণত কৰিছে আৰু ৰাজনীতি কৰিছে। কিন্তু আমি প্রত্যেকৰে হাতত কাম বিতৰণৰ ৰাজনীতিত জড়িত আছো। সেয়েহে আজি আমি ইয়াত উপস্থিত হৈছো। নির্বাচন আয়োগ আৰু মোদীয়ে বিহাৰৰ জনতাক দুর্নীতিগ্রস্ত কৰিবলৈ বিচাৰিছে। বিহাৰীসকল দুৰ্বল বুলি নাভাবিব।’

৯১ বছৰীয়া গুণমুগ্ধৰ স’তে পুনৰ সংযোগ স্থাপন ৰাহুলৰ

প্রথম প্রধানমন্ত্রী প্রয়াত জৱাহৰলাল নেহৰু আৰু তেওঁৰ কন্যা প্রাক্তন প্রধানমন্ত্রী প্রয়াত ইন্দিৰা গান্ধীৰ গুণমুগ্ধ কৃষক কৰুণা প্রসাদ মিশ্ৰৰ স’তে পুনৰ সংযোগ স্থাপন হ’ল ৰাহুল গান্ধীৰ। মধ্য প্রদেশৰ ছিধিৰ নিৱাসী মিশ্ৰৰ বয়স সম্প্রতি ৯১ বছৰ। আজি ছাছাৰামৰ অনুষ্ঠানত মিশ্রয়ো অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ ৰাহুলৰ ২০২৩ৰ ‘ভাৰত জোড়ো’ যাত্রাতো তেওঁ অংশগ্রহণ কৰিছিল। ৰাহুলৰ আমন্ত্রণ মর্মে কালি ছাছাৰামত উপস্থিত হোৱা বুলি ব্যক্তিজনে জনায়।

তেওঁ কয়, ‘ইতিমধ্যে মই কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ এক আৰু মণিপুৰৰ পৰা মহাৰাষ্ট্ৰলৈ আন এক যাত্রাত অংশ লোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ মোক বিহাৰৰ এই পদযাত্রালৈ আমন্ত্রণ জনায়।’ ভাৰত জোড়ো যাত্ৰাৰ সময়ত হাতত লাখুটি লৈ নিতৌ ১৫ কিলোমিটাৰকৈ বাট খোজ কঢ়া বুলিও মিশ্রই জানিবলৈ দিয়ে। বাহুলৰ স’তে তেওঁৰ সম্পৰ্ক পুৰণি বুলিও আখ্যা দিয়ে। ৰাহুলে তেওঁক ভালদৰে জানে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মধ্য প্রদেশৰ পৰা বিহাৰলৈ আহিবৰ বাবে তেওঁক সকলো ব্যৱস্থা কৰি দিয়ে বাহুলে।

উল্লেখ্য যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত প্রধানমন্ত্রী মোদীৰ সমালোচনাত মুখৰ হৈ পৰিছিল মিশ্র। তেতিয়া তেওঁ কৈছিল, ‘মোৰ দেশৰ যাত্ৰাৰ সাক্ষী মই। কিন্তু এতিয়াৰ পৰিস্থিতিৰ দৰে পৰিস্থিতি কেতিয়াও উদ্ভৱ হোৱা নাছিল। প্রধানমন্ত্রী মোদী হৃদয়হীন কচাইৰ বাহিৰে আন একো নহয়। দেশত ধৰ্ম নিৰপেক্ষতাবাদ, ভ্রাতৃত্ববোধ আৰু সমন্বয় সম্প্রতি শক্তিশালী কৰাৰ উদ্দেশ্যে মই ৰাহুল গান্ধীৰ স’তে খোজ কাঢ়িছো।’

একোলৈকে ভয় নাই বুলি উল্লেখ কৰি কৃষকজনে লগতে কয়, ‘মোৰ একোৰে প্ৰতি ভয় নাই। মই গান্ধীজীৰ স’তে, নেহৰু আৰু ইণ্ডিয়াৰ স’তে খোজ কাঢ়িছিলো। এতিয়া ৰাহুলৰ স’তে খোজ কাঢ়িছো।’

খাৰ্গে-লালুলৈ পানীৰ গিলাচ আগবঢ়াই প্রশংসা অর্জন ৰাহুলৰ

আজি ছাছাৰামত গণ সমাৱেশত মঞ্চত উপবিষ্ট বর্ষীয়ান ৰাজনীতিকদ্বয় কংগ্ৰেছ সভাপতি খার্গে আৰু আৰজেডি মুৰব্বী লালুৰ প্ৰতি সৌজন্য প্রকাশৰে বহুতবে প্রশংসা অর্জন কৰে ৰাহুলে। দুয়োজন বর্ষীয়ান ৰাজনীতিলৈ ৰাহুলে পানীৰ গিলাচ নিজ হাতেৰে আগবঢ়াই দিয়ে।

তেওঁৰ এই কার্যক ভদ্র লোক সদৃশ আচৰণ আখ্যা দিয়ে সমাৱেশত অংশগ্ৰহণকাৰী বহুতে। ইতিমধ্যে ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে। এই ভিডিঅ’ দর্শন কৰি বহুতে লোকসভাৰ বিৰোধী দলপতিজনক উচ্চ প্রশংসা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Rahul GandhiVote Adhikar Yatra
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d