নেপালৰ মেচিনগৰ টাউন হল কাকৰভিথাত দুদিনিয়াকৈ অনুষ্ঠিত হয় ইন্দো নেপাল কাৰাটে চেম্পিয়ন প্ৰেচিডেন্ট কাপ ২০২৫ ।
ভাৰত আৰু নেপালৰ সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত অসমৰ পৰাও ওদালগুৰি, তামুলপুৰ, কামৰূপ, কামৰূপ মহানগৰ আদিকে ধৰি কেইবাখনো জিলাৰ খেলুৱৈ অংশগ্ৰহণ কৰে।
কামৰূপ জিলাৰ মিৰ্জাৰ শ্ৰী চৈতন্য টেকনো স্কুলৰ ১০গৰাকী ছাত্ৰই অংশ গ্ৰহণ কৰে। স্কুলখনৰ ছাত্ৰ চানী অভি মালী ৪০ কেজি শাখাত সোনৰ পদক,দিব্যাংশ বৰুৱা ৩০ কেজি শাখাত সোনৰ পদক, অংকিত অভি মালী ৩০ কেজি শাখাত ৰূপৰ পদক,তন্ময় নাথ ২৫ কেজি শাখাত ৰূপৰ পদক, অনন্নময় কাশ্যপ ৩০কেজি শাখাত ৰূপৰ পদক, উদয়াদিত্য পৰাশৰ ৫০ কেজি শাখাত ৰূপৰ পদক,লুইতি বৰুৱা ৫০ কেজি শাখাত ৰূপৰ পদক,অন্তৰীপ চক্ৰৱৰ্তী ,চুমনৰাজ কলিতা, আৰু সুদিপ্ত ৰয় ব্ৰঞ্জৰ পদক মুঠ ১০টা পদক লাভ কৰিবলৈ সক্ষম হয়।
ভাস্কৰ জ্যোতি শাউদৰ তত্ত্বাৱধানত যোৱা দলটোৰ সাফল্যত বিদ্যালয়ৰ অধ্যক্ষ নৱজিৎ কোৰ লগতে বিদ্যালয়ৰ পৰিয়ালবৰ্গই অশেষ ধন্যবাদ জ্ঞাপন কৰিছে।






























