Ganesh Puja Celebration in Guwahati:আজি গণেশ চতুর্থী , গুৱাহাটী মহানগৰীটো ব্যাপক উচাহ ভক্তৰ
আজি গণেশ চতুর্থী ৷“একদন্ত মহাকায়ং লম্বোদৰং গজাননম্ ,বিঘ্নবিনাশকং দেবং হেৰম্বং প্ৰণমাম্যহম”
আদি শ্লোকৰে গুঞ্জৰিত হৈছে চৌদিশ ৷ সিদ্ধি বিনায়কৰ আশিস বিচাৰি সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীটো ব্যাপক উচাহ দেখা গৈছে ভক্ত সকলৰ মাজত ৷ মহানগৰীৰ গণেশগুৰিৰ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰ, লতাশিলৰ গণেশ মন্দিৰ,নমাইলৰ গণেশ মন্দিৰ,দিছপুৰস্থ গণেশ উদ্যান সহ বিভিন্ন স্থানত আয়োজন কৰা হৈছে গণেশ পূজা।
ADVERTISEMENT
আনহাতে গণেশগুৰিৰ গণেশ মন্দিৰত ধূপ-দীপ, নৈবেদ্যৰে পূজা-অৰ্চনা কৰিবৰ বাবে অগণন ভক্তৰ দীঘলীয়া শাৰি আজি পুৱাৰে পৰা পৰিলক্ষিত হয়।



































