Mehmood Madani Pressmeet in Guwahati:
অসমত ধাৰাবাহিকভাৱে অব্যাহত থকা উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধীতা কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী কৰি বিৰ্তক সৃষ্টি কৰা জমিয়ত উলেমা হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মেহমুদ মাদানী সোমবাৰে গোৱালপাৰাত উপস্থিত হৈ অসম জমিয়তৰ সভাপতি বদৰুদ্দিন আজমলৰ গোৱালপাৰাস্থিত বাসগৃহ নৈ যাপন কৰে ৷
আনহাতে আজি মাদানী সহ তেওঁৰ লগত অহা জমিয়তৰ সাতজনীয়া দলটোৱে উচ্ছেদিত লোকসকলে বাহৰ পাতি থকা বেতবাৰী শিৱিৰ পৰিদৰ্শন কৰি লোক সকলৰ স’তে মতবিনিময় কৰে ৷
আনহাতে মাদানী সহ দলটোৱে আজি গুৱাহাটীত উপস্থিত হৈ সম্বোধন কৰে এক সংবাদমেল ৷ পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ মাদানীয়ে কয় অসমত উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত ক্ৰমাৎ অত্যাচাৰ বৃদ্ধি আৰু সাম্প্ৰদায়িক শত্ৰুতাৰে নি:শেষ কৰাত লিপ্ত হৈছে ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খন।
অসমত উচ্ছেদ বন্ধ হ’ব লাগে, যদিহে কোনো বাংলাদেশী আছে সেয়া বিতাড়ন কৰক ৷ একেদৰে উচ্ছেদিত ভাৰতীয়ক মানৱীয় কাৰণত পুনৰ সংস্থাপনৰ দাবী কৰি মৌলানা মাদানীয়ে আৰু কয় যে,মই শূন্য, মুখ্যমন্ত্রী মহান মানুহ৷ ‘মোক লৈ ভয় কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবীত অটল বুলি পুনৰ দোহাৰিলে মৌলানা মেহমুদ মাদানী আৰু জমিয়তে ৷
আমি মুখ্যমন্ত্ৰীৰ হুংকাৰলৈ ভয় নকৰো ,জেল যাম কিন্তু নিজৰ স্বাধিকাৰৰ বাবে সংবিধানপদত্ত অধিকাৰ কাকো হৰণ কৰিব নিদিও ৷ মই অসমতে আছোঁ, মোক বাংলাদেশ পঠাই দিয়ক I উচ্ছেদৰ নামত মুখ্যমন্ত্ৰীয়ে ধৰ্মীয় মেৰুকৰণ কৰি মুছলমানৰ ওপৰত যি আতিশয্য অব্যাহত ৰাখিছে তাৰ বিৰুদ্ধে জনমত গঠন কৰি মুখ্যমন্ত্ৰীক সমুচিত প্ৰত্যুত্তৰ দিয়া হ’ব হুংকাৰ প্ৰদান কৰে জমিয়তৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ৷ সংবাদমেলত মেহমুদৰ স’তে অহা জমিয়ত উলেমা ঈ হিন্দৰ সাধাৰণ সম্পাদক মৌলানা হাকিমউদ্দিন কাছেমী, জমিয়ত উলেমা বিহাৰৰ সভাপতি মুফটি জাভেদ আখতাৰ কাছেমী, জমিয়ত উলেমাব কিষাণগঞ্জৰ সম্পাদক মৌলানা খালিদ আনোৱাৰ, জমিয়ত উলেমা ঈ হিন্দৰ সংগঠক কাৰী নাৰ্ছাদ আদিল, জমিয়ত উলেমা ঈ হিন্দৰ সদস্য মৌলানা নাভেড আলম কাছেমী, জমিয়ত উলেমা ঈ হিন্দৰ সংগঠন মৌলানা ছলমান কাছেমী আৰু কোকৰাঝাৰৰ মৌলানা হাছিম কাছেমী।
উল্লেখ্য যে আগন্তুক বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত মাদানীর অসম ভ্রমণক লৈ ৰাজ্যজুৰি চৰ্চা চলিছিল । সমান্তৰালভাৱে গোৱালপাৰাৰ স্পৰ্শকাতাৰ পৰিস্থিতি আৰু মাদানীৰ অসম ভ্রমণক লৈ অসম আৰক্ষী আৰু জিলা প্ৰশাসনক সষ্টম হৈ থাকিবলৈ নির্দেশ দিছিল মুখ্যমন্ত্রী ড° শর্মাই। মুখ্যমন্ত্রীজনে সামাজিক মাধ্যমৰ জবিয়তে মাদানীৰ অসম ভ্ৰমণৰ তথ্য সদৰী কৰি কোনো কাৰণতে যাতে শান্তি-সম্প্রীতি বিঘ্নিত হ’ব নোৱাৰে, ইয়াক নিশ্চিত কৰিবলৈ অসম আৰক্ষী আৰু জিলা প্রশাসন সষ্টম হৈ আছে বুলি সদৰী কৰিছিল।
ইফালে, মাদানীৰ অসম ভ্ৰমণৰ সন্দৰ্ভত এক প্ৰেছ বাৰ্তা জাৰি কৰিছে জমিয়ত উলেমা ঈ হিন্দে। বার্তাটোত কোৱা হৈছে যে সংখ্যালঘুৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা অত্যাচাৰ আৰু সাম্প্রদায়িক শত্রুতাৰ ভয়ংকৰ উত্থানৰ বিষয়টোক লৈ সংগঠনটোৰ সভাপতি মাদানীৰ নেতৃত্বত অসমত এটি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত হয় গোৱালপাৰাত। প্রতিনিধি দলটোৱে উচ্ছেদিত অস্থায়ী আশ্রয়স্থলীত উপস্থিত হৈ ভুক্তভোগীৰ স’তে মত বিনিময় কৰে। ভুক্তভোগীসকলৰ প্রতি মাদানীয়ে সমবেদনা জ্ঞাপন কৰি তেওঁলোকৰ লগত থাকিব বুলি আশ্বাস প্রদান কৰে। বার্তাটোত জমিয়ত উলেমা ঈ হিন্দৰ সভাপতি মাদানীয়ে কয় যে তেওঁলোকৰ যুঁজ বেদখল মুক্তৰ বিৰুদ্ধে নহয়; মানুহক গৃহহীন কৰি তোলাৰ অমানবীয় পদ্ধতিৰ বিৰুদ্ধেহে যুঁজ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা একাষৰীয়া কৰি আইনৰ পৰিৱৰ্তে ভয়-ভাবুকি আৰু নিষ্ঠুৰ শক্তিৰ বিৰুদ্ধেহে তেওঁলোকৰ যুঁজ বুলি বার্তাটোত উল্লেখ কৰিছে।
উল্লেখ্য যে এনে কার্য মানৱতা বিৰোধী বুলি মন্তব্য কৰি বাৰ্তাটোত মাদানীয়ে পুনৰ কয় যে জমিয়ত উলেমা ঈ হিন্দ সদায় নিপীড়িতৰ স’তে থিয় দি আহিছে আৰু আগলৈও থিয় দি যাব। প্রয়োজনত ফাঁচি আৰু শিকলিৰ বান্ধৰ বাবে আমি সাজু; কিন্তু ভুক্তভোগীক সমর্থন কৰাৰ পৰা আমি কেতিয়াও পিছুৱাই নাযাওঁ।’ একেদৰে জমিয়ত উলেমা ঈ হিন্দে এক টুইটত অসম ভ্ৰমণৰ কথা স্পষ্ট কৰিছিল। ইয়াত মাদানীয়ে কৈছে, ‘আমি জেললৈ যাবলৈ সাজু; কিন্তু ন্যায়ৰ যুঁজ কেতিয়াও পৰিত্যাগ নকৰো।’
উল্লেখযোগ্য,জমিয়ত উলেমা হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি মেহমুদ মাদানীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধীতা কৰিছিল অসম জাতীয় পৰিষদে৷ এক বিবৃতি পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই জুই জ্বলাবলৈ আজমলৰ জৰিয়তে মাদানীক আনিছে মুখ্যমন্ত্ৰীয়ে I



































