Donald Trump:✒️ইউক্ৰেইনত শান্তি ঘূৰাই আনিবলৈ ভাৰতত বৃহৎ শুল্ক আৰোপৰ দৰকাৰ !আদালতত এনে এক অদ্ভুত বক্তব্য প্ৰকাশ ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ।
আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ সন্মুখত ভাষণ দি আমেৰিকাৰ ছলিচিটৰ জেনেৰেল জন ছ’য়াৰে কয়, ট্ৰাম্পৰ শুল্ক নীতি আচলতে শান্তি স্থাপনৰ অন্যতম আহিলা।
বিভিন্ন দেশৰ ওপৰত আৰোপ কৰা শুল্কসমূহৰ অধিকাংশই “অবৈধ” শুল্ক বুলি আমেৰিকাৰ এখন নিম্ন আদালতে ৰায় দিয়ে ইয়াৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ গৈছে ট্ৰাম্প প্ৰশাসন।
তেওঁলোকৰ হৈ দাখিল কৰা আবেদনখনত কোৱা হৈছে,”আমি ৰাছিয়াৰ পৰা শক্তি সম্পদ ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছো। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সমস্যাৰ স’তে মোকাবিলা কৰিবলৈ এই শুল্ক অতি গুৰুত্বপূৰ্ণ। যদি শুল্ক প্ৰত্যাহাৰ কৰা হয় তেন্তে আমেৰিকাই আৰ্থিক দুৰ্যোগৰ দিশে আগবাঢ়িব।”
আবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে শুল্ক আচলতে শান্তি ঘূৰাই অনাৰ অন্যতম আহিলা। মন কৰিবলগীয়া যে আমেৰিকাই বাৰে বাৰে দাবী কৰি আহিছে যে ৰাছিয়াৰ তেল ক্ৰয় কৰি ভাৰতে প্ৰকৃততে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াক শক্তিশালী কৰি তুলিছে।
ভাৰতীয় শোধনাগাৰসমূহে আমেৰিকাৰ এই সিদ্ধান্তৰ সত্ত্বেও ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল ক্ৰয় কৰি আহিছে। এই লৈ ৱাশ্বিংটন বহুদিনৰ পৰাই ক্ষুব্ধ হৈ আহিছে।
এতিয়া তেওঁলোকে দাবী কৰে যে ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ বাবে এই শুল্ক অতি গুৰুত্বপূৰ্ণ।






























