Nepal:✒️উত্তেজিত নেপালত এইবাৰ জনতাই প্ৰহাৰ কৰিলে দেশখনৰ বৰ্তমান নেপাল চৰকাৰৰ বৈদেশিক মন্ত্ৰী হিচাপে থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী অৰ্জু ৰানা দেউবাক ।
মঙলবাৰে বিয়লি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দুয়োজন লোককে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দেখিবলৈ পোৱা গৈছে।
লগতে ভিডিঅ’টোত এটা অট্টালিকাত জুই জ্বলাও দেখিবলৈ পোৱা গৈছে।অট্টালিকাৰ পৰা ধোৱা ওলাইছে ।চোতালত দেখা গৈছে এক বৃহৎ জনসমাগম।
ভিৰৰ মাজত প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীক তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দেখা যায়। দেউবাৰ কাপোৰত তেজৰ দাগ । দুই এজন লোকে তেওঁলোকক ধৰি ৰাখিছে।
স্থানীয় সংবাদ মাধ্যমে দাবী কৰা অনুসৰি,প্ৰতিবাদকাৰীয়ে উত্তেজিত হৈ তেওঁলোকক প্ৰহাৰ কৰিছে।
ছ’চিয়েল মিডিয়াত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ দাবীত সোমবাৰৰ পৰাই নেপালৰ যুৱক-যুৱতীসকলে বিদ্ৰোহ আৰম্ভ কৰে। প্ৰতিবাদত ১৯ জন প্ৰতিবাদকাৰীৰ মৃত্যু হয়।
অৱশেষত ছাত্ৰ-যুৱতীৰ প্ৰতিবাদৰ সন্মুখত সোমবাৰে নিশা নেপাল চৰকাৰে এই নিষেধাজ্ঞা উঠাই লয়।
কিন্তু ইয়াৰ পাছতো বিদ্ৰোহ বন্ধ নহ’ল। মঙলবাৰে পুৱাৰে পৰা কেপি শৰ্মা অলিৰ পদত্যাগৰ দাবীত বিদ্ৰোহ অধিক শক্তিশালী হৈ পৰে। ক্ষুব্ধ ৰাইজে ইজনৰ পাছত সিজন নেতা-মন্ত্ৰীৰ ঘৰত জুই জ্বলাবলৈ ধৰে। এই বিদ্ৰোহৰ মাজতে অলিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে।
কিন্তু ইয়াৰ পাছতো প্ৰতিবাদ বন্ধ নহ’ল।মঙলবাৰে পুৱা নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ বাসগৃহত জুই জ্বলাই দিয়া হয়। আন এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা চিপিএন নেতা প্ৰচন্দৰ বাসগৃহতো আন্দোলনকাৰী ৰাইজে জুই লগাই দিয়ে।
ইয়াৰ উপৰিও সদ্য পদত্যাগ কৰা গৃহমন্ত্ৰী ৰমেশ লেখক আৰু দূৰসংযোগ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙৰ বাসগৃহতো জুই লগাই দিয়া হয়। নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাৰ ঘৰ আৰু নেপালী কংগ্ৰেছৰ মুখ্য কাৰ্যালয়তো জুই লগাই দিয়া হয়।
ইয়াৰ উপৰিও ইউএমএল নেতা মহেশ বাছনেট আৰু নেপালী কংগ্ৰেছ নেতা গগন থাপাৰ ঘৰতো জুই লগাই দিয়া হয়।নেপালৰ সংসদ ভৱন আৰু উচ্চতম ন্যায়ালয়তো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।





























