Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

একেই ৰূপ! গণবিক্ষোভত ভাৰতৰ তিনিখনকৈ চুবুৰীয়া দেশত উফৰিল চৰকাৰ

publisher by publisher
September 10, 2025
in India, News
Reading Time: 1 min read
0
একেই ৰূপ! গণবিক্ষোভত ভাৰতৰ তিনিখনকৈ চুবুৰীয়া দেশত উফৰিল চৰকাৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

Nepal:✒️কাঠমাণ্ডুৰ ৰাজপথত যুদ্ধসদৃশ পৰিস্থিতি। তৰুণ প্রজন্মৰ নেতৃত্বত হেজাৰ হেজাৰ লোকে ৰাজহুৱা স্থানত প্ৰদৰ্শন কৰা বিক্ষোভ, উত্তাল শ্ল’গানবর্ষণ আৰু নিৰাপত্তাৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হোৱাৰ বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমযোগে ব্যাপক ৰূপত প্রচাৰিত হৈছে। কাঠমাণ্ডুৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্গত হৈছে ধোঁৱাৰ কুণ্ডলী, বাটে-পথে জ্বলন্ত গাড়ী আৰু ট্রাকৰ ধ্বংসাবশেষ।

ADVERTISEMENT

প্রধানমন্ত্রী কে পি শর্মা উলি, ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌঁড়েলৰ ব্যক্তিগত আবাসৰ দেৱাল বগাই পৰুৱাৰ দৰে বগাইছে অজস্র প্রতিবাদীয়ে। নেপালৰ মন্ত্রীসকল আৰু চৰকাৰী কাৰ্যালয়স্থলী সিংঘা দৰবাৰতো একে অবস্থা। দ্বাৰ ভাঙি সান্ধ্য আইনলৈ বুঢ়া আঙুলি দেখুৱাই হেজাৰ হেজাৰ লোকে এই অঞ্চলত প্রৱেশ কৰি এফালৰ পৰা অগ্নিসংযোগ কৰিছে ঘৰ-দুৱাৰ আৰু লণ্ডভণ্ড কৰিছে সা-সামগ্রী।

এনে এক প্রতিবাদীয়ে কয়, ‘আমি আমাৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ইয়াত থিয় দিছো। এই দেশ দুর্নীতিমুক্ত হোৱাটো আমি বিচাৰো। যাতে সকলোৰে বাবে শিক্ষা, স্বাস্থ্যসেৱা আদিৰ দৰে মৌলিক অধিকাৰসমূহ সহজলভ্য হয়।’ ‘সামাজিক মাধ্যমৰ নিষেধাজ্ঞা বন্ধ কৰক। দুর্নীতি বন্ধ কৰক, সামাজিক মাধ্যম নহয়।’ এনে বিভিন্ন শ্ল’গানৰে কঁপি উঠিছে কাঠমাণ্ডুৰ বাট-পথ। প্রধানমন্ত্রী উলিয়ে পদত্যাগ কৰাৰ পাছতো শান্ত হোৱা নাই জনতা। হাতে হাতে বেনাৰ, প’ষ্টাৰ লৈ দুর্নীতিমুক্ত ৰাষ্ট্ৰ নিৰ্মাণৰ দাবীত ৰাজপথত নমা হেজাৰ হেজাৰ উত্তেজিত জনতাৰ দৃশ্যই মনত পেলাই দিয়ে বাংলাদেশ আৰু চুবুৰীয়া শ্রীলংকালৈ।

ভাৰতৰ তিনি চুবুৰীয়া ৰাষ্ট্ৰ শ্রীলংকা, বাংলাদেশ, নেপালত চাৰি বছৰৰ ভিতৰত জনতাৰ ৰোষৰ এই বিধ্বংসী ৰূপ দেখা গৈছে। গণবিক্ষোভত সলনি হৈছে চৰকাৰ।দেশৰ পতাকাৰ ৰং আৰু শ্ল’গানৰহে পার্থক্য মাথোঁ। বাকী সেই একেই উত্তাপ, একেই হিংসাত্মক ৰূপ আৰু জনপ্রতিনিধিৰ বিৰুদ্ধে ব্যাপক হিংসা। শাসকৰ দমন নিপীড়নৰ বিৰুদ্ধে উমি উমি জ্বলা স্ফুলিংগই অৱশেষত খাণ্ডৱদাহত পৰিণত হৈ পতন ঘটাইছিল চৰকাৰৰ আৰু পলায়ন কৰিবলগীয়া অৱস্থা হৈছিল শাসকৰ। শ্রীলংকা আৰু বাংলাদেশৰ পাছত কাঠমাণ্ডুত এই একেই ছবি দেখা গ’ল।

মন কৰিবলগীয়া যে ২০২২ৰ জুলাইত আর্থিক মন্দাৱস্থাত বিধ্বস্ত হৈ পৰা শ্রীলংকাত বিক্ষুব্ধ জনতাৰ লক্ষ্য হৈছিল ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষে আৰু তদানীন্তন প্রধানমন্ত্রী ৰণীল বিক্রম সিংঙে। বিদ্রোহী জনতাই দখল কৰিছিল ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভবন, চলাইছিল তাণ্ডৱ। একেদৰে ২০২৪ৰ জুলাইত বাংলাদেশত সংৰক্ষণৰ সংস্কাৰবিৰোধী আন্দোলনে কমেও ডেৰ দশকজোৰা শাসক দল আৱামী লীগ বিৰোধী হিংসাত্মক আন্দোলনৰ ৰূপ ধাৰণ কৰিছিল। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠে যে প্রধানমন্ত্রী শ্বেইখ হাছিনাই পদত্যাগ কৰি দেশ এৰি পলায়ন কৰে। তেওঁৰ পলায়নৰ পাছত চৰকাৰী আৱাস গণ ভৱনৰো একেই অৱস্থাত পৰিণত হৈছিল।

মঙলবাৰে নেপালত ছাত্র-যুৱৰ প্ৰতিবাদৰ ৰোষৰ বলি হয় সদ্য পদত্যাগী প্রধানমন্ত্রী কে পি শৰ্মা উলিৰ দল কমিউনিষ্ট পার্টি অৱ নেপাল (ইএমএল) আৰু তেওঁৰ চৰকাৰৰ সহযোগী নেপালী কংগ্ৰেছৰ মুখ্য কাৰ্যালয়। মন্ত্রী তথা প্রাক্তন মন্ত্রীসকলো জনতাৰ ৰোষৰ পৰা ৰেহাই পোৱা নাই। কাৰোবাৰ বাসভৱনত অগ্নিসংযোগ কৰা হৈছে অথবা কাৰোবাক ৰাস্তাত খেদি খেদি প্ৰহাৰ কৰিছে জনতাই।

গোটাবায়া আৰু হাছিনাই দেশ এৰি পলায়ন কৰাৰ দৰে উলিৰ পথো একেই হ’ব বুলি চর্চা চলিছে। নেপালৰ একাংশ সংবাদ মাধ্যমৰ মতে, তেওঁ ডুবাইলৈ যোৱাৰ পৰিকল্পনা কৰিছে। কিয়নো নিজ দেশতে নিৰাপত্তাৰ শংকাত ভুগিছে উলিয়ে। নেপালৰ শেহতীয়া পৰিঘটনাত দেখা গৈছে যে ভাৰতৰ প্ৰতিবেশী তিনিওখন ৰাষ্ট্ৰতে গণবিক্ষোভৰ একেই প্রতিচ্ছবি আৰু জনতাৰ আক্ৰমণৰ লক্ষ্য শাসকৰ বাসস্থলী। দৰাচলতে শাসকক ক্ষমতা আৰু বাসস্থানৰ পৰাই সমূলঞ্চে নিপাত কৰাই এই বিক্ষোভৰ উদ্দেশ্য।

সামাজিক মাধ্যমৰ নিষেধাজ্ঞা প্রত্যাহাৰৰ দাবীত সোমবাৰৰ পৰা নেপালৰ জেন জেদ অর্থাৎ তৰুণ প্রজন্মই আৰম্ভ কৰা আন্দোলনে আজি অতি হিংসাত্মক ৰূপ ধাৰণ কৰে। যোৱা নিশাই এই আন্দোলনৰ পৰিস্থিতিত নেপাল চৰকাৰে নিষেধাজ্ঞা প্রত্যাহাৰ কৰে যদিও বিদ্রোহ অব্যাহত থাকে। আজি অৱশেষত জনতাৰ লক্ষ্য হয় উলিৰ পদত্যাগ। পৰিস্থিতিৰ চাপত উলিয়ে পদত্যাগ কৰিলেও ক্ষান্ত হোৱা নাই ক্ষুব্ধ জনতা।

পদত্যাগৰ পূৰ্বে মঙলবাৰে পুৱা উলিয়ে সদৰী কৰিছিল যে সন্ধিয়া সর্বদলীয় বৈঠকত সমাধানৰ পথ নিশ্চিত কৰিবলৈ চেষ্টা কৰা হ’ব; কিন্তু তাৰ পূৰ্বেই তেওঁ পদত্যাগ কৰিবলগীয়া হয়। দৰাচলতে এই শেহতীয়া নিষেধাজ্ঞাই ইমানদিনে উমি উমি জ্বলি থকা জুইকুৰা দদকৈ জ্বলি উঠাত ইন্ধন যোগালে বুলি কোৱা হৈছে। কিছু মাহ পূর্বেই নেপালত পুনৰ ৰাজতন্ত্র স্থাপনৰ দাবীত হৈছিল আন্দোলন। চীন পন্থী বুলি পৰিচিত উলিৰ চৰকাৰৰ বিৰুদ্ধে দীর্ঘদিন ধৰি দুৰ্নীতিৰ অভিযোগ আছে।

ভাৰতৰ দুই চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা আৰু বাংলাদেশ আৰু সম্প্রতি নেপালত বিক্ষোভৰ মূল মুখৰূপে দেখা গৈছে তৰুণক। নেপালত জেন জেদ অর্থাৎ ১৯৯৭ৰ পৰা ২০১২লৈ এই সময়ছোৱাত জন্মগ্রহণ কৰা তৰুণৰ মাজত নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আৰু দুর্নীতিৰ বিৰুদ্ধে হতাশাই জন্ম লৈছিল। স্বজন-তোষণ নীতি, ৰাজনীতিকৰ সন্তানৰ বিদেশ যাত্রা, বিলাসী জীৱন শেহতীয়াভাৱে ব্যাপক হাৰত সামাজিক মাধ্যমত চর্চিত হ’বলৈ ধৰিছিল।

ইয়াৰ উপৰি আছে তিনিটা বৃহৎ দুর্নীতি, ২০২১ত ৫৪,৬০০ কোটিৰ ভূমি কেলেংকাৰি, ২০২৩ত ১৩,৬০০ কোটিৰ অৰিয়েন্টেল কো-অপাৰেটিভকেলেংকাৰি আৰু ২০২৪ত ৬৯,৬০০ কোটি টকাৰ কো-অপাৰেটিভ কেলেংকাৰি। এনে দুর্নীতিয়ে চৰকাৰৰ বিৰুদ্ধে যুৱসকলৰ মাজত ক্ষোভৰ জন্ম দিয়ে। শেহতীয়াভাৱে যেতিয়া সামাজিক মাধ্যমক প্ৰতিৰোধ লগাবলৈ উলি চৰকাৰে চেষ্টা কৰাত ই জ্বলা জুইত ঘিউ ঢলাৰ দৰে হ’ল। মন কৰিবলগীয়া যে বিগত পাঁচ বছৰত তিনিবাৰ চৰকাৰ সলনি হৈছে। বিৰাজমান ৰাজনৈতিক-সামাজিক অস্থিৰতা এতিয়া খাণ্ডৱদাহৰ ৰূপ ল’লে নেপালত।

ফলত গোটাবায়া আৰু হাছিনাৰ দৰে তৰুণ জনতাৰ ৰোষত নতি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল উলি। গোটাবায়াৰ পতনৰ ২৫ মাহ পাছত গণবিক্ষোভত গাদী হেৰুৱাইছিল হাছিনাই। তাৰ মাত্র ১৩ মাহৰ বিৰতিত আসন হেৰুৱালে ‘চীনৰ ঘনিষ্ঠ’ উলিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NepalProtest
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d