Horoscope:✒️মেষ: চাকৰি ক্ষেত্ৰত উন্নতিৰ যোগ। দৈনন্দিন কামৰ চাপ বৃদ্ধি পাব। চেষ্টাৰ ফল পাব পাৰে। ভ্ৰমণৰ মধ্যমত প্রাপ্তি যোগ। কন্যা সন্তানৰ বিবাহৰ সংযোগ। আর্থিকত ভাল ক’ব পৰা যায়। কর্মস্থানত কিছু অসুবিধা পাব। শুভ ৰং বগা।
বৃষ: কিবা বিষয় লৈ পাৰিবাৰিক মতবিৰোধ দেখা দিব পাৰে। শুভ কামত বাধা পৰিব পাৰে। মানসিক চাপ বৃদ্ধি পাব। ঘৰুৱাত মধ্যম। শৰীৰ ভাল দেখা নাযায়। প্ৰেমত প্ৰতাৰণা। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। শুভ ৰং ৰঙা।
মিথুন: দৈনন্দিন কর্মত শুভ। অসম্পূর্ণ কাম সমাপ্ত হ’ব। আর্থিক ক্ষেত্রত শুভ ফলদায়ক। উচ্চ শিক্ষাত বাধা আহিব। ভ্রমণ নকৰাই ভাল। গ্রন্থ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগত উপকৃত হ’ব। শুভ ৰং বগা।
কর্কট: দৈনন্দিন কর্মত অগ্রগতি। পাৰিপাৰ্শ্বিক অপশক্তিৰ দ্বাৰা পাৰিবাৰিক শান্তি বিনষ্ট। দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায়। প্রয়োজনত বন্ধুৰ পৰা সাহায্য লাভ কৰিব। প্ৰেমত মধ্যম বুলি ক’ব পৰা যায়। শুভ ৰং সেউজীয়া।
সিংহ: পাৰিবাৰিক মতবিৰোধ দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ যোগ। ব্যৱসায়ত পৰিকল্পনা সফল অগ্ৰসৰ হ’ব পাৰিব। ঘৰুৱাত ভাল। আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব। বগা ৰুমাল গলত ৰাখিব। শুভ ৰং ৰঙা।
কন্যা: দৈনন্দিন কর্মত অমনোযোগ। নিজৰ কোনোবাই হিংসা কৰিব পাৰে। নিজৰ ভুলৰ কাৰণে সন্মান হানি হ’ব পাৰে। নিবনুৱাসকলৰ দিনটো ভাল-বেয়া মাজেৰে পাৰ হ’ব। পৰীক্ষার্থীয়ে পঢ়াত মনযোগ দিয়ক। শুভ ৰং কমলা।
তুলা: কৰ্মক্ষেত্ৰত পৰিৱেশ অনুকূলত থাকিব। আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে। প্ৰেমত শুভ আৰু বিবাহৰ প্ৰস্তাৱ আগমন হ’ব পাৰে।শুভ ৰং বগা।
বৃশ্চিক: দৈনন্দিন কৰ্মত উন্নতিৰ যোগ। চাকৰি ক্ষেত্ৰত আর্থিক উন্নতিৰ যোগ। ব্যৱসায়ত জামেলা থাকিব। আর্থিক লেন-দেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। চাকৰিয়াসকলৰ বাবে দিনটো ভাল। শুভৰং ৰঙা।
ধনু: কৰ্মত বাধা, চাকৰিয়াল ব্যক্তিসকলৰ জটিলতাই দেখা দিব পাৰে। আজি ভ্রমণ নকৰিব। স্থানীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়। বিদ্যাত অগ্ৰসৰ হ’ব পাৰিব। খং-ৰাগ কৰি দিনটো বেয়া নকৰিব। শুভৰং হালধীয়া।
মকৰ: পাৰিবাৰিক শান্তি বজাই থাকিব। পৰিকল্পিত কৰ্মত বাধা আহিব। আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। কোনোবাৰ লগত অযথা বিবাদ হ’ব পাৰে। বিদ্যাত ভাল। চাকৰিয়াল সকল অলপ সাৱধান হোৱা ভাল। দূৰ ভ্ৰমণ নকৰিব। প্ৰেমত শুভ। শুভ ৰং নীলা।
কুম্ভ: কর্মক্ষেত্রত অশান্তি। উর্ধ্বতন কর্তৃপক্ষৰ লগত মতান্তৰ হ’ব পাৰে। শত্ৰুৰ পৰা সতৰ্ক থাকিব। নিজৰ ভুলৰ কাৰণে আর্থিক দিশত ক্ষতি হ’ব পাৰে। দাম্পত্য আৰু প্ৰেমত শুভ। ভ্রমণত সম্ভাৱনা আছে। বিদ্যাত বাধা। শুভ ৰং নীলা।
মীন: কর্মক্ষেত্রত মধ্যম ফল। নিবনুৱাই আশাৰ পোহৰ দেখিব পাৰে। পুৰণি সমস্যাৰ সমাধান হ’ব। ব্যৱসায়ত শুভ। নতুন কাম হাতত ল’ব পাৰে। ব্যৱসায়িকসকলৰ ভাল। প্রেম-প্রণয়নত শুভ। নতুন কৰ্ম লাভৰ যোগ। শুভ ৰং গুলপীয়া।































