সীমাৰ পৰিধি অতিক্রমি বিপুল জনতাৰ হৃদস্পন্দনত পৰিণত হোৱা শিল্পী জুবিন গাৰ্গলৈ দেওবাৰে বাংগালুৰুত গীতে-মাতে চাৰি সহস্রাধিকে শ্রদ্ধাঞ্জলি জনায়। বাংগালুৰুৰ এইচএছআৰ লেআউটস্থিত অটল বিহাৰী বাজপেয়ী স্টেডিয়ামত কালি আছাম ছ’চাইটি অব বাংগালুৰে শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে।
এই অনুষ্ঠানত মহানগৰখনত কর্মসূত্রে বাস কৰা তিনি সহস্রাধিক অসমীয়াৰ লগতে দেশৰ বিভিন্ন স্থানব সহস্রাধিকে অংশগ্রহণ কৰে। চকুলো বোৱাই জুবিনৰ কালজয়ী গীত ‘মায়াবিনী ৰাতিৰ বুকুত’ আদি গাই শিল্পীগৰাকীলৈ শোকস্তব্ধ জনতাই শ্রদ্ধাঞ্জলি জনায়।
অনুষ্ঠানত শিল্পীগৰাকীৰ ফটোৰ সম্মুখত বন্তি প্রজ্বলন কৰি মর্মাহত জনতাই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। একাংশই জুবিনলৈ শ্রদ্ধাঞ্জলি জনাই ৰচনা কৰা কবিতাও পাঠ কৰে। বহুতে হাতে বোরা গামোচা আনি শ্রদ্ধাঞ্জলি জনায়।
কার্যসূচীত বম্মানাহাল্লি সমষ্টিৰ বিধায়ক সতীশ বেড্ডী এমে বক্তব্য আগবঢ়াই কয় যে জুবিন গাৰ্গৰ সমগ্ৰ দেশৰ লগতে কেৰালাৰ সংগীত জগতলৈ উল্লেখনীয় অবদান আগবঢ়ায়। ২০০৭ৰ পৰাই জুবিনৰ অনুৰাগীত পৰিণত হোৱা বুলি উল্লেখ কৰি বিধায়কজনে লগতে কয়, ‘দেশৰ সংগীত জগতৰ নক্ষত্র জুবিন গার্গে ৪০ টা ভাষাত ৪০ সহস্রাধিক গান গালে। তেওঁৰ বিয়োগত আমি শোকস্তব্ধ হৈছো। এই দুখৰ সময়ত আমি অসমীয়া ভাই-ভনীসকলৰ স’তে আছো।’
অসম ছ’চাইটি অব বাংগালুৰুৰ কাৰ্যবাহী সদস্য হীৰকে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই আগবঢ়োৱা বক্তব্যই সকলোকে আবেগিক কৰি তোলে। সকলোৰে দুয়োধাৰে চকুলো বৈ আহে। আবেগ ধৰি ৰাখিব নোৱাৰি উচুপি উঠে সকলোৱে। প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগত মর্মাহত সমবেত জনতাই কেনেদৰে দুখ প্রকাশ কৰিব তাৰ উপযুক্ত ভাষা বিচাৰি পোৱা নাছিল।আবেগ বিহ্বল জনতাই মাথোঁ উচুপি উঠে।






























