Zubeen Garg:✒️ক্ৰমাৎ অধিক ৰহস্যৰ আৱর্তলৈ গতি কৰা শিল্পী জুবিন গাৰ্গৰ মৃত্যু খাদ্য বিষক্রিয়াত হ’ল নেকি? এজন অভিজ্ঞ চিকিৎসকে এনে সন্দেহ প্রকাশ কৰাৰ পাছত সম্প্রতি তেজপুৰৰ এজন বিখ্যাত জ্যোতিষীৰ জন্ম পত্রিকা গণনাই ইয়াকে ইংগিত কৰিছে।
জ্যোতিষশাস্ত্রক বিজ্ঞান বুলি দাবী কৰি অহা তেজপুৰৰ নিৱাসী দিব্যজ্যোতি শইকীয়াৰ গণনাত মানৱদবদী শিল্পী জুবিনক ভোজন বিষক্রিয়া ঘটোৱাৰ ইংগিত দিয়া হৈছে। জ্যোতিষীজনৰ গণনাক লৈ সামাজিক মাধ্যমত ব্যাপক চর্চা হৈছে। ইয়াৰ সমান্তৰালভাৱে শিল্পীগৰাকীৰ মৃত্যুক লৈ অধিক ৰহস্যৰ সৃষ্টি হৈছে।
কালি ‘দৈনিক অগ্রদূত’ক জ্যোতিষী শইকীয়াই কয় যে জুবিনৰ দশমত পাঁচটা গ্রহ আছে আৰু সেয়েহে তেওঁ বিখ্যাত হৈছিল; কিন্তু এই পাঁচটা গ্ৰহৰ লগতে নীচ স্থানত চন্দ্ৰ থকাৰ বাবে বিপদো বৃদ্ধি পায়। শইকীয়াই লগতে কয়, ‘জুবিন গাৰ্গৰ ভৱিষ্যতৰ বিষয়ে ২০০৭, ২০০৯ আৰু ২০২২ত ভবিষ্যবাণী কৰিছিলো। এই বিষয়ে সংবাদ মাধ্যমতো প্রকাশ পাইছিল। ২০০৫ত তেওঁ তেজপুৰলৈ আহোতে তেওঁৰ জন্মপত্রিকাখনৰ কথা সুধিছিলো। তেওঁৰ হাতত পত্রিকাখন নথকাত ফোনযোগে তেওঁৰ পত্নীৰ পৰা মই তেওঁৰ জন্মৰ তথ্য লৈছিলো। জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭১ৰ ১৮ নৱেম্বৰৰ দিনৰ ১২.১৫ বজাত। তেওঁৰ পত্নীয়ে মোক কৈছিল যে জুবিন এইবোৰত বিশ্বাসী নহয়।’
দশমত চন্দ্ৰ নীচ স্থানত থকাৰ বাবে কাষতে থকা লোকৰ দ্বাৰা ভোজনত বিষক্রিয়া ঘটোৱাৰ ভৱিষ্যবাণীও শইকীয়াই কৰিছিল। উল্লেখ্য জুবিন গাৰ্গৰ ৰাশি বৃশ্চিক। তেওঁৰ জন্ম অনুৰাধা নক্ষত্ৰত হৈছিল। জ্যোতিষী শইকীয়াই কৰা এই ভবিষ্যবাণী আজি সামাজিক মাধ্যমত বিয়পি পৰাত ব্যাপক চর্চা হৈছে। শইকীয়াৰ মতে, জুবিনৰ ৰাশিৰ স’তে আমেৰিকাৰ প্ৰাক্তন মার্কিন ৰাষ্ট্ৰপতি জর্জ বুশ্ব আৰু বাবা ৰামদেৱৰ ৰাশিৰ মিল আছে। শইকীয়াই বহু প্রখ্যাত ব্যক্তিৰ ৰাশি চক্ৰৰ গণনা কৰি আহিছে।
অৱশ্যে তেওঁৰ জ্যোতিষ গণনা সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছত একাংশই সমালোচনা কৰাৰো নজিৰ আছে। সেয়া যিয়েই নহওক, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী কৰি সৰৱ হৈ উঠিছে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষ। ইয়াৰ পূৰ্বে অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত স্বাস্থ্য সঞ্চালক ডাঃ প্ৰণৱ কুমাৰ শৰ্মায়ো জুবিনৰ মৃত্যু খাদ্য বিষক্ৰিয়াৰ ফলত হোৱা বুলি সন্দেহ প্রকাশ কৰে।






























