Zubeen Garg:✒️বিশাল, দুর্দান্ত সাহসী হৃদয়ৰে সকলোকে আঁকোৱালি লোৱা কথা, সুৰৰ ঢৌ তোলা শিল্পী স্বামী জুবিন গাৰ্গক শেষ যাত্ৰাৰ সময়ত পত্নী গৰিমা শইকীয়া গার্গে দিয়া উপহাৰে সেমেকাই তুলিলে বহুতৰে চকু, কান্দি উঠিল অগণনৰ অন্তৰে, হাহাকাৰ কৰি উঠিল বহুতৰ হৃদয়ে!
দেশে-বিদেশে সুৰৰ মায়াজাল গুথা সাম্প্রতিক অসমীয়া আধুনিক সংগীত জগতৰ মুকুটবিহীন সম্রাটজনৰ জীৱনশৈলীও যে সহজ-সৰল আছিল সেয়াও পত্নীৰ শেষ উপহাৰে প্ৰমাণ কৰিলে। যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা কোটি কোটি অনুৰাগীক শোকাহত কৰি ৰখা প্ৰাণৰ শিল্পী জুবিন গার্গে মঙলবাৰে কায়িকভাৱে বিদায় ল’লে।
জন সমুদ্রই জনোৱা প্ৰণিপাতৰ মাজতে পত্নী গৰিমা শইকীয়া গার্গে সজল নয়নৰে কফিনত শায়িত স্বামীক উপহাৰ দিলে এটি চাধা টেমা। দুৰন্ত গতিৰ সুৰৰ সম্ৰাটজনলৈ পত্নীয়ে এনেদৰে জ্ঞাপন কৰা শ্ৰদ্ধাৰ দৃশ্যই হিয়া-মন বহুতৰে মুচৰি নিয়ে। জুবিনৰ প্ৰিয় আছিল চাধা। তেওঁ ভাল পাইছিল নাহৰ গছ। স্বাভাৱিকতে পত্নীৰো স্বামীৰ ভাল লগাখিনি অৱগত আছিল। পত্নী গৰিমাই সযতনে ৰখা এখন ফুলাম গামোচাত তিনিখিলা নাহৰ পাত আৰু তাতে এটা ৰঙা চাধা টেমা আটোমটোকাৰিকৈ সামৰি স্বামীলৈ আগবঢ়াই দিয়ে।
জুবিনৰ শেষ যাত্ৰাৰ সময়ত এই দৃশ্য দেখা অনুৰাগীসকলৰ বুকু শোকে খুন্দা মাৰি ধৰে। ২০০২ত জুবিনৰে বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰে পৰা সততে ছাঁৰ দৰে লাগি আছিল পত্নী গৰিমা। অৱশ্যে যোৱা শুকুৰবাৰে ছিংগাপুৰত ৰহস্যজনক পৰিৱেশত জুবিনৰ প্রয়াণ ঘটা সময়ত তেওঁ স্বামীৰ স’তে নাছিল।






























