Guwahati:
শ্যামকানু মহন্তৰ অনুষ্ঠানক নিষিদ্ধ কৰাৰ পিচত এইবাৰ ড:সঞ্জীৱ নাৰায়ণৰ সংবাদমেলত নিষেধাজ্ঞা গুৱাহাটী আৰক্ষীৰ ৷
ছিংগাপুৰত সাগৰৰ বক্ষত মৃত্যুক আকোঁৱালি জুবিন গাৰ্গৰ মৃত্যুক ৰহস্যজনক বুলি অভিযোগ কৰি ইতিমধ্যে থানাই থানাই শ্যামকানু মহন্ত ,সিদ্ধিাৰ্থ শৰ্মা,শেখৰ গোস্বামীৰ বিৰুদ্ধে ৰজু হৈছিল গোচৰ ।
একেদৰে জুবিনৰ মৃত্যুত নাম সাঙোৰ খাইছিল প্ৰাগ নিউজৰ স্বত্বাধিকাৰী ড: সঞ্জীৱ নাৰায়ণৰ নাম ৷ যাৰবাবে বঙাইগাঁও থানাত ড:নাৰায়ণৰ বিৰুদ্ধে ৰজু গোচৰ ৰজু কৰিছিল জুবিন অনুৰাগীয়ে ৷
উল্লেখ্য যে ছিংগাপুৰৰ নৰ্থ-ইষ্ট ফেষ্টিভেললৈ গৈছিল ড:সঞ্জীৱ নাৰায়ণ ৷
বুধবাৰে বিয়লি তিনি বজাত মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধনৰ বাবে দিহা কৰিছিল ড:নাৰায়ণে ৷ কিন্ত গুৱাহাটী আৰক্ষীয়ে সংবাদমেল পতাত নিষেধাজ্ঞা জাৰি কৰে ৷ADVERTISEMENT






























