Gohpur:
গহপুৰ সম জিলাৰ অন্তৰ্গত ঐতিহাসিক কল্যাণপুৰ গাঁও পঞ্চায়তৰ হাতীজান খেলপথাৰত দিপৰাৰ ৰাইনো ফুটবল ক্লাবৰ উদ্যোগত নবাৰুণ যুৱক সংঘৰ সহযোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে দিপৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছেৰ বাহাদুৰ ছেত্ৰীয়ে অসমবাসীৰ হৃদয়ৰ সংঙ্গীত শিল্পী চলচ্চিত্ৰ পৰিচালক যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ এগৰাকী ফুটবল প্ৰেমী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বয়োজেষ্ঠ গীতিকাৰ ভূমিধৰ দাসে । সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকাই সভাপতিত্বত কৰা সভা খনৰ উদ্দেশ্য বাখ্যা কৰে খেল পৰিচালনাৰ কমিটিৰ সম্পাদক ৰন্তো দাসে ।গহপুৰৰ আগশাৰীৰ ফুটবল দল যোগীবাৰী ঈগল ফুটবল ক্লাব আৰু ব্ৰহ্মাজান দানীগাও ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা খেল খন সিদ্ধেশ্বৰ হাজৰিকাৰ দ্বাৰা উদ্বোধন কৰা হয় ।

সভাখনত কল্যাণপুৰ গাঁও পঞ্চায়তৰ সভাপতি লখিমী বৰদলৈ ট্ৰফী দাতা ভোগেশ্বৰ বৰুৱা, গণেশ প্ৰধান, কুলেন দাস বিৰাজ দাস, কুশল দাস, সৰ্ব্বানন্দ দাস, ধূব্ৰ দাস, মহন জ্যোতি দাস, দিলিপ তামুলী ধৰি বহুকেইজন স্থানীয় সমাজ কৰ্মী উপস্থিত থাকে । খেলখনত ঈগল ফুটবল দলক ব্ৰহ্মাজান ফুটবল দলে 5 -1 গলৰ ব্যৱধানত পৰাজিত কৰে । খেলখন পৰিচালনা কৰে মিন্টু গোস্বামী য়ে তেওঁক লাইনত সহায় কৰে চন্দ্ৰ বৰদলৈ আৰু যগেশ্বৰ দাসে ।প্ৰায় হাজাৰৰো অধিক গহপুৰৰ হাতীজান খেলপথাৰত ডিপৰা ৰাইনো ফুটবল ক্লাৱৰ উদ্যোগত আয়োজন কৰা ফুটবল খেল খনত হাৰ্টথ্ৰৱ জুবিন গাৰ্গক একাজলি শ্ৰদ্ধাঞ্জলি গহপুৰৰ হাতীজান খেলপথাৰত ডিপৰা ৰাইনো ফুটবল ক্লাৱৰ উদ্যোগত আয়োজন কৰা ফুটবল খেল খনত হাৰ্টথ্ৰৱ জুবিন গাৰ্গক একাজলি শ্ৰদ্ধাঞ্জলি প্ৰেমী ৰাইজে খেল খন উপভোগ কৰে ।






























