Sorbhog:✒️হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ ১১ দিনীয়া সকামত ব্যৱহাৰ হ’ব সৰভোগৰ বিখ্যাত দৈ আৰু ক্রীম। বিশেষকৈ দৈ এই সকামত প্রধানকৈ ব্যৱহাৰ হ’ব। ইয়াৰ বাবে সৰভোগ তথা বৃহত্তৰ বৰনগৰ অঞ্চলৰ দৈৰ ব্যবসায়ীসকলে এহেজাৰ লিটাৰ ম’হৰ দৈ আৰু ৭৫ কিলোগ্রাম ক্রীম দেওবাৰে প্রয়াত শিল্পীগৰাকীৰ গুৱাহাটীৰ কাহিলীপাৰাৰ ভগদত্তপুৰৰ বাসভবনলৈ প্রেৰণ কৰে।
দৈ আৰু ক্রীম জুবিন গাৰ্গৰ অন্যতম প্রিয় আছিল। সেইবাবে পশ্চিম অসমলৈ গ’লে তেওঁ সৰভোগত প্রায়ে সোমাইছিল আৰু দৈ-ক্ৰীমৰ সোৱাদ লৈছিল। সৰভোগত কে’বাবাৰো তেওঁ অনুষ্ঠানো পৰিৱেশন কৰিছিল।
এনেদৰে শিল্পীগৰাকীৰ লগত সৰভোগ তথা বৰনগৰ অঞ্চলৰ ৰাইজৰ এক বিশেষ সম্পর্ক গঢ়ি উঠে। সেইগৰাকী জুবিন গাৰ্গৰ বিয়োগত সৰভোগবাসী কালি মর্মাহত। মৰমৰ জুবিন গাৰ্গক তেওঁলোকে চিৰদিন বুকুৰ মাজত জীপাল কৰি ৰাখিব বিচাৰে। তাৰ বাবে সৰভোগত জুবিনৰ প্ৰতিমূর্তি স্থাপনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
তথাপি যেন মনৰ আশা অপূৰ্ণ হৈয়েই ৰ’ব। জুবিন নামৰ সত্তাটোৰ অনুভৱ মানুহবোৰৰ সিৰাই উপ-সিৰাই এনেদৰে বৈ আছে যে তেওঁলোকে আৰু কিবা কৰিব বিচাৰে। শেষত ৰাইজে মিলি সৰভোগৰ অনন্য পৰিচয় হৈ অহা দৈ সকামত যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে প্ৰয়াত শিল্পীগৰাকীৰ পৰিয়ালৰ লগত আলোচনা মর্মে ১১দিনীয়া সকামত প্রয়োজন হ’বলগীয়া দৈ যোগানৰ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত হয় কিছু পৰিমাণে ক্ৰীম যোগানৰো।
সৰভোগৰ যুৱক তথা জুবিন গাৰ্গৰ অনুৰাগী বিমান দাসে কয় যে ঘৰত অনুষ্ঠিত হ’বলগীয়া ১১ দিনীয়া সকামৰ বাবে দৈ যোগান ধৰাৰ সিদ্ধান্ত হোৱাৰ পাছত বৰনগৰৰ ৰাইজক সহযোগৰ আহ্বান জনোৱা হয়। মানুহ তেতিয়া হিলদল ভাঙি ওলাই আহে। সৰভোগৰ কেবাখনো দৈ-ক্ৰীমৰ দোকানক ইয়াৰ বাবে বিশেষ দায়িত্ব দিয়া হয়।
টকা-পইচাৰে সহায় কৰিবলৈ বহু লোক ওলাই আহে। ৰাইজৰ এনে সহযোগিতাৰ বাবে অৱশেষত প্রায় এহেজাৰ লিটাৰ দৈ যোগান ধৰা হয়। উল্লেখ্য যে আজি বিয়লি সৰভোগৰ জুবিন অনুৰাগী যুৱকৰ দল এটাই নির্দিষ্ট দোকানবোৰৰ পৰা দৈবোৰ সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে।
দৈ যোগান ধৰা বিপণীকেইখনৰ অন্যতম এখন হ’ল উদ্ধৱ চন্দ্র বায়ন এণ্ড চন্ছ। শতবর্ষ পাৰ কৰা বিপণীখনৰ বৰ্তমানৰ গৰাকী ললিতা বায়নে জনায় যে তেওঁৰ দোকানৰ পৰা প্ৰায় ২২৫ লিটাৰ দৈ যোগান ধৰা হৈছে। এনেদৰে সৰভোগৰ পাঁচখন দোকানৰ পৰা প্ৰায় এহেজাৰ লিটাৰ দৈ যোগান ধৰা হৈছে। জুবিন গাৰ্গৰ দৰে হিয়াৰ আমঠু শিল্পীগৰাকীৰ সকামত এনেদৰে দৈ যোগান ধৰিবলৈ সুযোগ লাভ কৰি মনত কিছু হ’লেও সান্ত্বনা লাভ কৰা বুলি ললিতা বায়নে অনুভৱ ব্যক্ত কৰে।






























