Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১০ দিনে সিদ্ধাৰ্থৰ হাততে জুবিনৰ ফোন : গভীৰ ৰহস্যৰ সৃষ্টি

publisher by publisher
September 29, 2025
in Assam, News
Reading Time: 1 min read
0
১০ দিনে সিদ্ধাৰ্থৰ হাততে জুবিনৰ ফোন : গভীৰ ৰহস্যৰ সৃষ্টি
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️দেওবাৰে দ্বিতীয় দিনাও শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ কমেও ১০ ঘণ্টীয়া জেৰাৰ সন্মুখীন হয় অভিনেত্রী নিশিতা গোস্বামী, জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু সহঃ কণ্ঠশিল্পী অমৃতপ্রভা মহন্ত। কালি পুৱা ১১ বজাৰ পূর্বে তিনিও আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ উলুবাৰীস্থিত মুখ্য কার্যালয়ত উপস্থিত হয়।

ADVERTISEMENT

তদন্তৰ বাবে গঠিত বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ ইয়াৰ পাছতে তিনিওকে পৃথকে জেৰা কৰে। সূত্রই জনোৱা মতে, আজিও তিনিওকে ছিংগাপুৰত সংঘটিত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ সন্দর্ভত বিভিন্ন দিশেৰে প্রশ্ন সোধা হয়। বিশেষকৈ শেখৰজ্যোতি আৰু অমৃতপ্রভাক নিশিতাতকৈ তুলনামূলকভাৱে অধিক সময় জেৰা কৰা হয়।

কাৰণ য’ত আৰু যি পৰিস্থিতিত জুবিন গার্গে প্রাণ হেৰুৱায়, সেই সময়ত শেখৰ আৰু অমৃতপ্রভা তাত উপস্থিত আছিল। শেখৰে আনকি পানীত অৱশ হৈ পৰা জুবিনক সহায় কৰা বুলিও দাবী কৰিছে। ইয়াৰ বিপৰীতে অমৃতপ্ৰভাই ৰহস্যজনক পৰিৱেশত সংঘটিত ঘটনাটো দেখা নাছিল বুলি কালি তদন্তকাৰী দলৰ আগত দাবী কৰে।

জুবিনৰ ম’বাইল ফোনক লৈ ৰহস্য!

তদন্তকাৰী দলৰ বাবে জুবিন গাৰ্গৰ ম’বাইল ফোনটো এই সময়ত আটাইতকৈ প্রয়োজনীয় বুলি বিবেচিত হৈছে। অথচ ফোনটো আছে জুবিনৰ প্ৰৱন্ধক সিদ্ধার্থ শৰ্মাৰ ওচৰত। ম’বাইল ফোনটোক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে। চিআইডিৰ সূত্রই সদৰী কৰা মতে, জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যোৱা তেওঁৰ সম্পৰ্কীয় ভ্রাতৃ তথা আৰক্ষী বিষয়া সন্দীপন গার্গে জুবিনে লগত লৈ যোৱা প্ৰায় সকলো সামগ্রী আনি পত্নী গৰিমা শইকীয়াৰ হাতত জমা দিছে।

কেৱল ফোনটোহে দিয়া নাই। সন্দীপনে সিদ্ধার্থৰ হাতত থকা জুবিনৰ ফোনটোও আনিব বিচাৰিছিল যদিও দিয়া নাছিল। অর্থাৎ যোৱা ১০ দিনে জুবিনৰ ফোনটো সিদ্ধাৰ্থৰ জিম্মাতে আছে। জুবিনৰ সকলো সামগ্রী ঘূৰাই দিয়াৰ মাজতে সিদ্ধার্থই ফোনটো কিয় লগত ৰাখি থৈছে, সেয়া গভীৰ ৰহস্যৰ বিষয় হৈ পৰিছে।

পৰিয়ালৰ এজাহাৰৰ পাছত তৎপৰতা বৃদ্ধি

শনিবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত বিচাৰি পৰিয়ালৰ পৰা চিআইডিত এখন এজাহাৰ দাখিল কৰা হয়। জুবিনৰ পত্নী গৰিমা শইকীয়া গার্গ, ভগ্নী পামী বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰে এজাহাৰখনত স্বাক্ষৰ কৰিছে। এই এজাহাৰৰ ভিত্তিত কালি চিআইডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৰমী দাস দুপৰীয়া প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হয়। প্রায় ডেৰ ঘণ্টা সময়জুৰি আৰক্ষী বিষয়াগৰাকীয়ে এজাহাৰত স্বাক্ষৰ কৰা তিনিওগৰাকীৰে লগত বাৰ্তালাপ কৰে।

ইপিনে, এছআইটিয়ে দেওবাৰে শিল্পী সমাজৰ প্ৰতিনিধিৰো ভাষ্য গ্রহণ কৰে। সেই অনুসৰি, ভাষ্য দিবলৈ অভিনেতা ৰবি শৰ্মাসহ কে’বাজনো শিল্পী, কলা-কুশলী চিআইডিৰ কার্যালয়ত উপস্থিত হয়।

ছিংগাপুৰলৈ দুই বিষয়া

জুবিন গাৰ্গৰ মৃত্যু কি পৰিস্থিতিত হ’ল, তাৰ তথ্য সংগ্ৰহ কৰিবলৈ চিআইডিৰ দুজন শীর্ষ বিষয়া অহা ৩০ ছেপ্টেম্বৰত ছিংগাপুৰ অভিমুখে ৰাওনা হ’ব। চিআইডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক তৰুণ গোৱেল যাব ছিংগাপুৰলৈ। তেওঁলোকে ছিংগাপুৰ জেনেৰেল হাস্পতাল, জুবিন গাৰ্গসহ সাগৰলৈ উঠি যোৱা য়টখনৰ লগতে ঘটনাটোত সম্পর্কিত অন্যান্য স্থানৰ পৰাও তথ্য সংগ্ৰহ কৰিব।

কেঁচু খান্দোতে ওলাল সাপ!

নর্থ-ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তৰ বিৰুদ্ধে যোৱা নিশা এটা অতিৰিক্ত গোচৰ ৰুজু কৰে চিআইডিয়ে। শ্যামকানুৰ মহানগৰীৰ গীতানগৰৰ কাৰ্বি পথস্থিত বাসভৱনত দুদিন ধৰি চলোৱা অভিযানত বহু আপত্তিজনক তথ্য উদ্ধাৰ কৰে। সেইবোৰৰ ভিতৰত বিত্তীয় লেনদেনৰ বহু নথি আছে, যিবোৰ যথেষ্ট আপত্তিজনক। তদুপৰি ঘৰটোৰ পৰা কে’বাটাও ছীল-মোহৰ উদ্ধাৰ কৰা হয়, যিবোৰ জাল নথি প্ৰস্তুতৰ কামত ব্যৱহাৰ হোৱা বুলি সন্দেহ প্রকাশ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চিআইডিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদে শ্যামকানু মহন্তৰ বিত্তীয় লেনদেনৰ বিষয়টোক লৈ এজাহাৰ দাখিল কৰে।

শাসক দলৰে জড়িত সিদ্ধার্থ!

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত প্ৰৱন্ধক সিদ্ধার্থ শৰ্মাক ৰাইজে অভিযুক্ত কৰিছে। এই ঘটনাৰ অন্যতম মুখ্য অভিযুক্তরূপে সিদ্ধার্থ শর্মাক চিহ্নিত কৰা হৈছে। এনে সময়তে সিদ্ধার্থ শর্মা শাসক দল বিজেপিৰ সদস্য হোৱাৰ তথ্য পোহৰলৈ আহিছে। স্বাভাৱিকতে এনে তথ্যক লৈ চৰম বিব্রত হৈছে দলটোৰ নেতৃবৃন্দ।

যি সময়ত একাংশই চলিত তদন্ত ব্যৱস্থাটো উপযুক্ত নহয় বুলি সৰৱ হৈ আহিছে, তেনে সময়ত মূল অভিযুক্তজনেই শাসক দলৰ সদস্য হোৱা বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনকি সিদ্ধার্থ শৰ্মাৰ একাংশ বিজেপি নেতাৰ লগত একেলগে বহি থকা এখন আলোকচিত্র সর্বত্র বিয়পি পৰে।

কোনো কোনোৱে সিদ্ধার্থক বিজেপিৰ পৰা বহিষ্কাৰৰো দাবী উত্থাপন কৰিছে। ইয়াৰ পাছতে আজি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দাবী কৰে যে কে’বা বছৰ পূৰ্বে সিদ্ধার্থ শৰ্মা ৰাজ্যিক যুৱ মৰ্চাৰ সাংস্কৃতিক শাখাৰ লগত জড়িত আছিল যদিও সক্রিয়তা একেবাৰে নাছিল। এতিয়া আনকি সিদ্ধার্থ শর্মা বিজেপিৰ প্ৰাথমিক সদস্যও নহয়। গতিকে বহিষ্কাৰ কৰা কথাও নাহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DiedZubeen Garg
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d