Pakistan:✒️সমগ্ৰ দেশৰ ভাৰতীয় বায়ুসেনাবাহিনীয়ে প্রতিষ্ঠা দিৱস উদ্যাপন কৰি আছে। এইবাৰ ভাৰতীয় বায়ুসেনাবাহিনীয়ে ৯৩ সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰিছে। এই প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অপাৰেছন সিন্দুৰকো বায়ুসেনাই স্মৰণ কৰিছে।
পহলগামৰ সন্ত্রাসবাদী নৰসংহাৰৰ পাছত যোৱা সাত মে’ত ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে অপাৰেছন সিন্দুৰৰ অধীনত পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ নটা স্থানত সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰে। যিসমূহ স্থানত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে সন্ত্রাসবাদীৰ শিবিৰ ধ্বংস কৰিলে সেইসমূহ স্থানৰ নামৰে এইবাৰৰ বায়ুসেনাবাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ খাদ্য তালিকা প্রস্তুত কৰা হৈছে।
এই তালিকাত থকা খাদ্য সম্ভাৰসমূহৰ নামসমূহ হ’ল-বাৱলপিণ্ডি চিকেন টিক্কা মছলা, ৰফিকি ৰাঢ়া মাটন, ভোলাৰী পনিৰ মেথি মালাই, ডুকুব সাম চাভেৰা কোপ্তা, ছাৰগোধা, ডাল মাখনি, জেকোকাবাদ মেওৱা পোলাও, বাহলপুৰ নান, বালাকোট তিৰামিছু, মুজাফৰাবাদ কুলফি ফালুদা আৰু মুৰিদকে মিঠাপান।
উল্লেখ্য যে অপাৰেছন সিন্দুৰত পাকিস্তান তথা পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাৱলপিণ্ডি, বাহাৱালপুৰ, বালকোট, মুজাফ্ফৰাবাদ, মুৰিদকেৰ সন্ত্রাসবাদী ঘাটি ধ্বংস কৰে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে। এই শিবিৰসমূহ ধ্বংস কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে কৰা আক্ৰমণত শতাধিক পাকিস্তানী সন্ত্রাসবাদীয়েও প্রাণ হেৰুৱায়।
এই বীৰগাথা সম্প্রতি ভাৰতীয় বায়ুসেনাবাহিনীৰ প্ৰতিষ্ঠা দিৱসৰ খাদ্য তালিকাৰ জৰিয়তেও প্রতিফলিত হৈছে। উল্লেখ্য যে অপাৰেছন সিন্দূৰৰ সময়ত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ধ্বংস কৰা মুজাফফৰাবাদৰ সন্ত্রাসবাদী শিবিৰৰ পৰা ভাৰতলৈ সন্ত্রাসবাদীৰ অনুপ্ৰৱেশ ঘটে বুলি অভিযোগ উত্থাপন হৈ আহিছে।
তদুপৰি ভাৰতলৈ পাকিস্তানে সন্ত্রাসবাদী প্ৰেৰণ কৰা শিবিৰো অপাৰেছন সিন্দুৰৰ সময়ত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ধ্বংস কৰে। অলপতে ভাৰতীয় বায়ুসেনাৰ মুৰব্বী অমৰপ্ৰীত সিঙে প্ৰকাশ কৰা অনুসৰি সিন্দুৰ অভিযানত ভাৰতে পাকিস্তানৰ কমেও পাঁচখন যুদ্ধ বিমান ধ্বংস কৰে।
এই ধ্বংসপ্রাপ্ত যুদ্ধ বিমানসমূহৰ অন্যতম হৈছে আমেৰিকাত তৈয়াৰী এফ-১৬ বিমান। লক্ষ্যণীয়ভাবে অপাৰেছন সিন্দুৰক ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সৰ্বাধিক তাৎপর্যপূর্ণ অভিযানৰূপে অভিহিত কৰিছে বায়ুসেনা মুৰব্বী সিঙে।





























