Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিন: কোনে কাৰ পৰা ন্যায় বিচাৰিছে?

publisher by publisher
October 23, 2025
in Assam, News
Reading Time: 1 min read
0
জুবিন: কোনে কাৰ পৰা ন্যায় বিচাৰিছে?
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী ৰাজনৈতিক চক্রবেহুত সোমাই উত্তৰবিহীন প্রশ্ন হৈ পৰিব নেকি? ‘পলিটিক্স নকৰিবা বন্ধু’ বুলি সমাজখনক কৈ যোৱা জুবিনৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুক লৈ ৰাজনৈতিক ক্রিয়া-প্রতিক্ৰিয়াৰ পৰিৱেশ ক্রমে উত্তপ্ত হৈছে। ন্যায় কোনে কাৰ পৰা বিচাৰিছে, ন্যায় প্রদান কোনে কৰিব তাক লৈহে এক খুবলী-কুঁৱলী বাতাবৰণ গঢ়ি উঠাৰ ইংগিত দেখা গৈছে।

ADVERTISEMENT

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰৰ এক নির্জন দ্বীপৰ সমীপত পানীত ডুবি ৰহস্যজনক অৱস্থাত মৃত্যুক সাবটি লোৱা প্ৰাণৰ শিল্পীজনৰ মৃত্যু এক হত্যাকাণ্ড বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰাৰ পাছত তদন্তকাৰী সংস্থাই ঘটনাৰ অনুসন্ধান কৰি আছে।অসমৰ লক্ষ লক্ষ জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীক অনাকাংক্ষিতভাৱে হেৰুৱাই দুখ-বেদনাৰ অসহনীয় বোজা বুকুত বান্ধি দিন অতিবাহিত কৰিছে। ইয়াৰ মাজতে জুবিনক লৈ আৰম্ভ হোৱা টনা-আঁজোৰা এক ৰাজনৈতিক চার্কাছ হৈছে বুলি সামাজিক মাধ্যমতো বিভিন্নজনে মন্তব্য কৰিছে।

প্রিয় শিল্পীৰ মৃত্যুৰ এমাহ পাছত আজি জুবিনৰ ন্যায়ৰ দাবীত বিজেপিয়ে নলবাৰীত বৃহৎ সমদল উলিয়ায়। শাসকীয় বিজেপিয়ে আজি জুবিনৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি নলবাৰী চহৰ উত্তাল কৰি তোলে। ৰাজ্যৰ সৰ্বস্তৰৰ জনতাই বিগত এমাহ ধৰি প্ৰাণৰ শিল্পীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্রাপ্তিৰ দাবীত বিভিন্ন প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ মাজতে আজি শাসক দলে নলবাৰীৰ পৰা আৰম্ভ কৰা ন্যায়ৰ দাবীৰ আন্দোলনে বিশেষ চর্চা লাভ কৰিছে সামাজিক মাধ্যমতো। সমগ্ৰ চহৰখন আজি এই আন্দোলনত উত্তাল হয়। নলবাৰীৰ তিনিটা বিধানসভা সমষ্টিৰ পৰা সমবেত হোৱা কে’বা হেজাৰ দলীয় নেতা-কর্মীয়ে দিনৰ ১১ বজাত ছহিদ মুকুন্দ কাকতি বাছ আস্থানত সমবেত হয়। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্রী পবিত্র মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্রীদ্বয় জয়ন্ত মল্লবৰুৱা আৰু চন্দ্রমোহন পাটোৱাৰীৰ নেতৃত্বত প্রতিবাদী নেতা-কর্মীসকলে আৰম্ভ কৰে ন্যায় সমদল।

নেতা-কর্মীসকলে হাতে হাতে দলীয় পতাকা আৰু প্লেকার্ড লৈ ‘আমাৰ জুবিন, প্ৰাণৰ জুবিন’, ‘জুবিনক ন্যায় দিয়ক’, ‘জুবিনদাৰ তদন্ত ক্ষিপ্ৰ কৰক’, ‘জুবিনদাই ন্যায় পাওক’, ‘এছআইটিয়ে পানী নসৰকা চার্জশীট দাখিল কৰক’, ‘কোনো দোষী সাৰি যাব নোৱাৰিব’ আদি বিভিন্ন শ্ল’গান দি চহৰৰ বাজপথ উত্তাল কৰে। সমদলটোবে ছহিদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা এ টি বোডেৰে আহি চৰকাৰী গৰ্ডন স্কুল খেলপথাৰত সমবেত হয়। ইয়াতে অনুষ্ঠিত কৰে এক প্রতিবাদী সভা।

প্রতিবাদী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি শইকীয়াই কয়, ‘জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় পোৱাটো বিজেপিয়ে দাবী কৰিছে। জুবিন গাৰ্গ অসমৰ মানুহৰ হৃদয়ত আছে। জুবিনে ন্যায় পাব লাগিব।’ ইয়াৰ বাবে এছআইটিক পানী নসৰকা অভিযোগনামা দাখিল কৰাৰ বাবে তেওঁ দাবী জনায়। লগতে কয় যে অসমৰ মানুহৰ হৃদয়ত জুবিনক জীয়াই ৰাখিব লাগিব।

আনহাতে, মন্ত্রী বৰুৱাই কয়, ‘একাংশ লোকে জীবন কালত জুবিন গাৰ্গক কোনোদিনে প্রশংসা কৰি পোৱা নাই কেবল কৰিছে সমালোচনা। কিন্তু মৃত্যুৰ পাছত এইসকলে জুবিন গাৰ্গক ৰাজনৈতিক অস্ত্রৰূপে ব্যৱহাৰ কৰিছে। তামুলপুৰ আগতে নলবাৰী জিলাৰ অধীনত আছিল। এই তামুলপুৰতে জুবিনে পঢ়া-শুনা কৰিছিল। সেয়েহে জুবিনৰ প্রতি নলবাৰীৰ মানুহৰ আৱেগ আছে।

কালি জুবিনৰ প্ৰকৃত অনুৰাগীসকলে স্বতঃস্ফূর্তভাবে ন্যায়ৰ দাবীত ওলাই আহিছে। নলবাৰী চহৰত আজি থিয় হ’বলৈ ঠাই নাই। এয়া জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব খোজাসকলৰ প্ৰতি উচিত প্ৰত্যুত্তৰ। ‘তেওঁ কয় যে পূর্বে একাংশই জুবিনৰ অনুৰাগীৰ নাম লৈ কেৱল চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলালে। সমদলত অংশ লোৱা কেন্দ্রীয় মন্ত্রী মাৰ্ঘেৰিটাই কয়, ‘জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে নলবাৰীত সমবেত হৈছো। জুবিনৰ সৃষ্টি, মানৱতাবাদ আৰু সমাজৰ বাবে কৰা কামখিনিক শ্রদ্ধা জনোৱাৰ বাবে এই সমদল উলিওৱা হৈছে। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সমগ্র ঘটনাটো গুরুত্ব সহকাৰে লৈ এছআইটি গঠনকে ধৰি সমগ্র প্রক্রিয়াটো আগুৱাই নিয়া আমি দেখিছো।’

তেওঁ কয়, ‘ন্যায়ালয়ৰ প্রতি আমাৰ আস্থা আৰু বিশ্বাস আছে। দ্রুত আদালত গঠন কৰি, ন্যায়িক প্রক্রিয়া ত্বৰান্বিত কৰি প্রকৃত সত্য উদ্‌ঘাটনেৰে দোষীক শাস্তি দিয়াৰ বাবে আমি দাবী জনাইছো।’ বিৰোধীক সমালোচনা কৰি মাৰ্ঘেৰিটাই কয়, ‘বিৰোধীসকলেও জানে ন্যায় দিয়ে ন্যায়পালিকাই।’

বিজেপিয়ে চিঞৰি থাকিলেও জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হ’ব নোৱাৰেঃ লুৰীণজ্যোতি

খোৱাঙৰ অগ্রদূত বার্তা: শাসক দলেই ন্যায় বিচাৰি এইদৰে প্ৰতিবাদ আৰম্ভ কৰাত বিভিন্নজনে সমালোচনা কৰিছে। সামাজিক মাধ্যমতো বিজেপিয়ে ন্যায় বিচাৰি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীক কেন্দ্ৰ কৰি ব্যাপক চৰ্চা হৈছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি মৰাণত বিজেপিৰ সমদলক লৈ প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পাছতো বিজেপিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমদল কৰাটো হাস্যকৰ কথা।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই বিজেপি কর্মীৰ, সেয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাজপথত সমদল কৰিছে। জুবিনৰ আদর্শ হৃদয়ংগম কৰিব পাৰিলেহে প্ৰকৃত অনুৰাগী হ’ব পাৰিব। জুবিন গার্গে ধর্মীয় সংকীর্ণতা নথকা মানবতাৰ ওপৰত থকা এখন সমাজ গঢ়িব বিচাৰিছিল। তেনেস্থলত বিজেপিয়ে যিমান চিঞৰি থাকিলেও জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হ’ব নোৱাৰে। দলীয় পতাকা লৈ ন্যায় বিচাৰি ৰাজনীতি কৰাটো হাস্যকৰ হৈছে।’

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতিয়ে লগতে কয়, ‘মুখ্যমন্ত্রীয়ে পদত্যাগ কৰো কৰো কৰিয়েই থাকে। পদত্যাগ কৰি দিব লাগে। পদত্যাগ কৰি চাওক শাস্তি আহে নে নাই। জুবিন গাৰ্গক ন্যায় দিব নোৱৰা মানুহে পদত্যাগ কৰিব লাগে। চিতাভস্ম জিলাই জিলাই দিম বুলি কৈ দিব নোৱৰা মানুহে পদত্যাগেই কৰিব লাগে। মানুহক আবেগিক কৰি নাথাকি মুখ্যমন্ত্রীয়ে পদত্যাগ কৰি নিজৰ ব্যর্থতা স্বীকাৰ কৰক। জুবিন গাৰ্গক লৈ ৰাজনীতি কোনে কৰিছিল সেই কথা আজি ওলাই পৰিল। মুখ্যমন্ত্রী ড° শর্মাই জুবিন গাৰ্গৰ প্রতিটো বিষয়তে নিজে ধন্যবাদ বিচাৰি আছে। এতিয়াৰে পৰা বিজেপিয়ে চৰিত্র হনন কৰিবলৈ চেষ্টা কৰিব। ব্যক্তিগত কথা যাতে মূল ন্যায় ব্যবস্থালৈ নানিবলৈ সকীয়াই দিছো। বিজেপিৰ ন্যায় যাত্ৰাৰ পাছত চিআইডি আৰু এছআইটি ৰাজপথলৈ ওলাই আহি জুবিন গাৰ্গৰ ন্যায় লাগে বুলি কোৱা পৰিৱেশ যাতে নাহে তাকে আমি কামনা কৰিছো।’

বিজেপিৰ ন্যায় সমদল লেতেৰা ৰাজনীতিৰ জঘন্য উদাহৰণ: অখিল

ন্যায় সমদলক লৈ প্রতিক্রিয়া প্রকাশ কৰি বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কয়, ‘অসমৰ হার্টথ্র’ব জুবিন গার্গে এনেয়ে কোরা নাছিল যে বিজেপি এটা ‘বতলা পার্টি’। কালি নলবাৰীত বিজেপিৰ সমদল চূড়ান্ত ‘বতলামি’। অসমৰ ৰাইজে যি সময়ত জুবিন গাৰ্গৰ ন্যায় বিচাৰি শুব পৰা নাই, যি সময়ত খোৱা-বোৱা ভালদৰে কৰিব পৰা নাই, যি সময়ত অসমৰ মানুহে জুবিনৰ ন্যায় বিচাৰি একো কাম কৰিব পৰা নাই, সেই সময়ত বিজেপিয়ে নলবাৰীত যিটো ‘বতলামি’ কৰিলে সেয়া অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ কৌতুক আৰু জুবিন গাৰ্গৰ প্রতি চূড়ান্ত অপমান। যি চৰকাৰৰ হাতত জুবিন গাৰ্গৰ ন্যায়ৰ দায়িত্ব অর্পণ কৰা হৈছে সেই চৰকাৰ চলোৱা ৰাজনৈতিক দলৰ সভাপতি আৰু মণ্ডলে কালি জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি ৰাজপথলৈ ওলাই আহিছে। যিটো বিভাগে ছিংগাপুৰলৈ গৈ নর্থ-ইষ্ট ফেস্টিভেল পাতিছিল সেই বিভাগৰ মন্ত্রী পবিত্র মাৰ্ঘেৰিটাই প্রকাশ কৰিছিল যে নর্থ-ইষ্ট ফেস্টিভেল দেশৰ বৈদেশিক মন্ত্রণালয়ে ছিংগাপুৰত অনুষ্ঠিত কৰিছে। আমাৰ মৰমৰ জুবিন গাৰ্গক তেওঁলোকে নর্থ-ইষ্ট ফেস্টিভেল পাতিবলৈ ছিংগাপুৰলৈ লৈ যায় অথচ তেওঁক ৰাজ্যিক অথবা ৰাষ্ট্ৰীয় অতিথিৰ মৰ্যাদা নিদিলে আৰু নিৰাপত্তাও প্ৰদান কৰা নাই। তেওঁলোকে জুবিন গাৰ্গক তাত মাৰি পেলাইছে।’

তেওঁ কয়, ‘নিৰাপত্তা প্রদান নকৰি জুবিন গাৰ্গক মাৰি পেলালে। নিৰাপত্তা প্ৰদান নকৰা বিভাগটোৰ মন্ত্রী মাৰ্ঘেৰিটা। তেওঁ এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাবি আন্দোলন কৰিছে। মই ভাবো যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ প্রধান দাবী হ’ব লাগে যে পবিত্র মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। মাৰ্ঘেৰিটাৰ বিভাগটো প্রত্যক্ষ অথবা পৰোক্ষভাবে জুবিনৰ মৃত্যুৰ বাবে জগৰীয়া। বৈদেশিক পৰিক্ৰমা বিভাগটোৰ এজন মন্ত্রী মাৰ্ঘেৰিটা। তেওঁ আজি নলবাৰীত আহি ন্যায় বিচাৰি প্ৰতিবাদ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো বিজেপি, বাজ্যতো বিজেপি। এতিয়া মানুহৰ বুজিবলৈ বাকী নাই যে বিজেপি চৰকাৰে জুবিনৰ ন্যায় কেতিয়াও প্ৰদান নকৰে। জুবিনৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় কেতিয়াও প্রদান নকৰে।’

অখিলে পুনৰ কয়, ‘বিজেপিৰ বাবে ২০২৬ৰ ৰাজনৈতিক হাথিয়াৰ হৈ পৰিল জুবিন গাৰ্গ। তেওঁলোকৰ বাবে জুবিনৰ ন্যায়, তেওঁৰ মৃত্যুৰ ৰহস্য উদ্‌ঘাটন গুরুত্বপূর্ণ বিষয় নহয়। তেওঁলোকৰ কাৰণে মুখ্যমন্ত্রী শৰ্মাক উদ্ধাৰ কৰা আৰু ২০২৬ৰ নিৰ্বাচনত কিদৰে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টো ৰাজনৈতিক রূপ দিব পাৰি তাৰ চিন্তা কৰাটোৱেই এই মুহূৰ্তত বিজেপিৰ আটাইতকৈ ডাঙৰ কাম। বিজেপিয়ে অভূতপূর্ব, নাভূত-নাশ্রুত, কল্পনাৰ অতীত, ভয়ংকৰ, কলংকিত ৰাজনীতি কৰিলে।’

তেওঁ কয় যে জুবিনৰ মৃত্যুৰ পাছতো নর্থ-ইষ্ট ফেস্টিভেল বন্ধ কৰা হোৱা নাছিল,ফেষ্টিভেল চলাই থকা হৈছিল। তদুপৰি মৃতদেহটো সোনকালে অনাৰ কোনো ব্যৱস্থা গ্রহণ নকৰিলে বুলিও কয় অখিলে। বিজেপিৰ এই ন্যায় সমদলক লৈ সামাজিক মাধ্যমত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কংগ্ৰেছেও প্রতিক্রিয়া প্রকাশ কৰি প্রশ্ন কৰে যে চিআইডি আৰু এছআইটিৰ ওপৰত মুখ্যমন্ত্ৰীৰ বিশ্বাস আছে নে নাই? কংগ্রেছে অভিযোগ কৰে যে বিজেপিয়ে প্ৰাণৰ শিল্পীগৰাকীক লৈ ৰাজনীতি কৰিছে। এয়া কেৱল বহুৱালি বুলি কংগ্রেছে কয়।

একাংশই সামাজিক মাধ্যমত সমালোচনা কৰে যে শাসনত থকা দলে মুখ্যমন্ত্রীব নেতৃত্বতে যেতিয়া ৰাজপথত নামিবলগীয়া হ’ল তেতিয়া জুবিনৰ অনুৰাগীয়ে কাৰ পৰা জুবিন হত্যাৰ ন্যায় বিচাৰিছে সেই বিষয়টো ধুবলী-কুঁৱলী হৈ পৰিল। এক ধূসৰ পৰিস্থিতিৰ সৃষ্টি কৰি চৰকাৰৰ মন্ত্রী, বিজেপি সাংসদে কালি কাৰ পৰা ন্যায় বিচাৰিছে বুলি প্রশ্ন কৰিছে। ইয়াৰ পাছত সাধাৰণ জনতাই ন্যায় বিচাৰি চৰকাৰক দাবী জনোৱাটো অর্থহীন হৈ পৰা বুলিও সামাজিক মাধ্যমত চর্চা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPZubeen Garg
publisher

publisher

Related Posts

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d