Zubeen Garg:✒️সংগীতৰ দৰে অসমৰ চলচ্চিত্র জগতক নতুন প্রাণ দিয়া সত্তাটোও আছিল জুবিন গাৰ্গ। বিৰাটকায় সত্তাটোৱে জীৱিত অৱস্থাত যি অসামান্য অৱদান ৰাজ্যৰ ছবি জগতখনক দি গ’ল, অকালতে হেৰাই যোৱাৰ পাছতো তেওঁৰ অৱদান সঞ্জীৱনী সুধাৰ দৰে বৈ ৰৈছে।
দৰ্শকৰ সংখ্যা অভাৱনীয় ৰূপত হ্রাস হোৱা বাবে অসমত ইটোৰ পাছত সিটো চিত্রগৃহ যোৱা কেইটামান বছৰৰ ভিতৰত বন্ধ হৈ পৰে। তেনে কে’বাটাও চিত্রগৃহ জুবিনৰ অন্তিম ছবিখনৰ মাধ্যমেৰে পুনৰ মুকলি হ’বলৈ আগবাঢ়িছে। ইহজগতৰ পৰা হেৰাই যোৱাৰ পাছতো অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক যেন নতুন প্রাণ দিয়াত হীন-দেড়ি কৰা নাই ক্ষণজন্মা সত্তাটোৱে।
‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তেই সুদীর্ঘ দিনৰ মূৰত পুনৰ পৰ্দাত পোহৰ পৰিব জাগীৰোডৰ ‘গণেশ’ নামৰ অসমৰ অন্যতম পুৰণি চিত্ৰগৃহটোৰ। কমেও সাত বছৰ বন্ধ হৈ থকা চিত্রগৃহটো শেষবাৰলৈ এখন জনপ্রিয় অসমীয়া ছবিৰ দৃশ্যগ্ৰহণৰ বাবে মুকলি কৰা হৈছিল। দৃশ্যগ্রহণ শেষ হোৱাৰ বাবে পুনৰ বন্ধ কৰি দিয়া চিত্রগৃহটোক পুনৰ মকৰা জালে আবৰি ধৰিছিল। সেই ছবিগৃহটোৱেই এতিয়া যুদ্ধসদৃশ তৎপৰতাৰে দৰ্শকৰ বাবে মুকলি কৰাৰ কাম চলিছে।
একেদৰে জুবিনৰ শেষ ছবিখনেৰেই পুনৰ দুৱাৰ মুকলি হ’ব টিহুৰ গান্ধীভৱন ছবিগৃহৰো। অসম-অৰুণাচল সীমান্তৱৰ্তী নামচাইতো এটা চিত্রগৃহৰ দুৱাৰ মুকলি হ’ব ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তেই। এনেদৰে জুবিনৰ চিনেমাখনৰ মাধ্যমেৰে নতুন প্রাণ পাবলৈ আগবাঢ়িছে অসমৰ কে’বাটাও চিত্রগৃহই। আকৌ বর্তমান ছবি প্রদর্শন চলি থকা একাংশ চিত্রগৃহ, চাফ-চিকুণ কৰা, মেৰামতি কৰা আদি কামো স্বত্বাধিকাৰীয়ে অব্যাহত ৰাখিছে। উল্লেখ্য যে অসমতো যে কোটি টকা ব্যয়ৰে ছবি নির্মাণ কৰি কোটি কোটি টকাৰ ব্যৱসায় কৰিব পাৰি, অসমীয়া ছবিৰ বজাৰখন যে কেৱল অসমতেই সীমাবদ্ধ নহয়, বৰঞ্চ ভাৰতৰ বিভিন্ন ৰাজ্যত বিয়পি আছে আদি পথ জুবিন গার্গেই দেখুৱাই গৈছে। মিছন চাইনাৰ জৰিয়তে তেওঁ সেই পথ দেখুৱাইছিল।
এনেদৰেই জুবিন অসমীয়া ছবিৰ বাণিজ্যিক দিশৰ চিৰদিন পথ প্ৰদৰ্শক হৈ ৰ’ব।ইপিনে, দৰ্শকৰ আগ্রহ জুবিনৰ অন্তিম ছবিখনৰ প্ৰতি ধুমুহাৰ গতিত বৃদ্ধি হৈছে। অহা ৩১ অক্টোবৰত মুক্তি পাবলগীয়া ছবিখনৰ টিকট ৰাজ্যৰ ইটোৰ পাছত সিটো চিত্রগৃহত এসপ্তাহ-১০ দিনলৈ পাবলৈ নাই। মুহূর্তে মুহূর্তে বিক্রী হৈছে অগ্রিম বুকিঙৰ সুবিধা থকা চিত্ৰগৃহৰ শ শ টিকট। ইয়াৰ পৰিণতিত মুক্তিৰ দিনটোৰ পৰা ৰাজ্যৰ একাধিক চিত্ৰগৃহত পুৱা পাঁচ বজাৰ পৰাই দৰ্শনীসমূহ আৰম্ভহ’ব। ইয়াৰ মাজতে আজি সদৌ অসম চিনেমা হ’ল মালিক সন্থাই ঘোষণা কৰে যে দর্শক একেবাৰে হ্ৰাস হৈ নোযোৱালৈকে অসমৰ ছবিগৃহত ৰৈ ৰৈ বিনালে প্রদর্শিত হৈ থাকিব।
সোমবাৰে ইয়াত মালিক সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ বৰাই ৰাইজক কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰাকৈ জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনাই ছবিখন উপভোগ কৰিবলৈ আহ্বান জনায়। বৰাই লগতে কয়, ‘মই ভাবো, আমাৰ হৃদয়ৰ শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনাবলৈ অসমৰ তিনি কোটি ৪০ লাখ লোকে এই ছবিখন চাব লাগে। আমি চিত্ৰগৃহৰ পৰা ছবিখন আঁতৰোৱাৰ প্রশ্নই নাহে। দীর্ঘদিনলৈ ছবিখন প্ৰদৰ্শন কৰিবলৈ আমি সাজু।’
আনহাতে, টিকটৰ মূল্য একাংশ চিত্রগৃহই অকল্পনীয়ভাৱে বৃদ্ধি কৰাৰ সন্দৰ্ভত বৰাই কয় যে সকলো ছবিগৃহই টিকটৰ মূল্য বৃদ্ধি কৰা নাছিল। দিল্লী, মুম্বাইত বহি থকা অসমৰ আৱেগ-অনুভুতি নুবুজা একাংশইহে টিকটৰ মূল্য অভাৱনীয় পৰিমাণত বৃদ্ধি কৰে।
বৰাই কয়, ‘টিকটৰ মূল্য বৃদ্ধি কৰিবলৈ হ’লে জিলা আয়ুক্তৰ পৰা প্ৰথমে অনুমতি ল’ব লাগে। মোৰ সন্দেহ হয় যে তেনে অনুমতি অবিহনেই বহুজাতিক প্রতিষ্ঠানৰ মাল্টিপ্লেক্সৰ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছিল।’ আমি অসমৰ চিত্ৰগৃহই মূল্য বঢ়োৱা নাই। দিল্লী, মুম্বাইত বহি কেৱল ব্যৱসায়িক দিশটোহে চোৱা সেইসকলে সুযোগ গ্ৰহণ কৰি পিভিআৰ, চিনেপলিচ আদিত টিকটৰ মূল্য বৃদ্ধি কৰাটো দুর্ভাগ্যজনক। চিনেমাখন চলিব বুলি জানি সেইসকলে সুযোগ লৈছে।’ এতিয়া অলপ কমাব বুলি কৈছে। আমি সেইসকলক বয়কট কৰা উচিত। প্রসংগক্রমে বৰাই ছবিৰ বিতৰককো হিন্দী ছবিৰ সমান কমিছন ল’বলৈ আহ্বান জনায়।
তেওঁ কয় যে অসমত দুজন বিতৰক আছে। তেওঁলোকে হিন্দী ভাষাৰ ছবিত দুই শতাংশ, তিনি শতাংশ, ১.৫ শতাংশ, ২.৫ শতাংশ কমিছন আদায় কৰে। ইয়াৰ বিপৰীতে অসমীয়া ছবিৰ পৰা ১০ শতাংশ কমিছন লয়। ৰৈ ৰৈ বিনালেৰ পৰাও হিন্দী ছবিৰ সমান কমিছন ল’বলৈ ৰাজীৱ বৰাই আহ্বান জনায়।






























