দেশৰ নির্বাচন আয়োগৰ বিতর্কিত ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ)ৰ আওতালৈ অসম, ত্ৰিপুৰাসহ উত্তৰ-পূবৰ বিজেপি শাসিত ৰাজ্যসমূহক ননাক লৈ আজি কেন্দ্র আৰু নির্বাচন আয়োগৰ সমালোচনাত মুখৰ হৈ উঠে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী। মঙলবাৰে এছআইআৰৰ বিৰুদ্ধে কলকাতাত তৃণমূল কংগ্রেছে বৃহৎ প্রতিবাদ সাব্যস্ত কৰে। এই প্রতিবাদী কার্যসূচীত নেতৃত্ব দি দলৰ মুৰব্বী মমতাই কয়, ‘অহা বছৰ বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব লগা পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাৰ দৰে ৰাজ্যসমূহত বিজেপিয়ে এছআইআৰ কৰি আছে কিন্তু বিজেপি শাসিত অসম, ত্ৰিপুৰা বা উত্তৰ-পূবৰ আন ৰাজ্যসমূহত এছআইআৰ কৰা নাই।’
দলীয় সমৰ্থকৰ ধ্বনিৰ মাজত তেওঁ লগতে অভিযোগ কৰে যে কেন্দ্ৰৰ শাসক দলক সহায় কৰাৰ উদ্দেশ্যে উত্তৰ-পূবৰ ৰাজ্যসমূহত এছআইআৰ কৰা নাই। ইয়াক বৈষম্য বুলি অভিহিত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে নির্বাচন আয়োগক সমালোচনাৰে থকাসৰকা কৰি মমতাই লগতে কয়, ‘কিয় এই পক্ষপাতিত্ব? কেন্দ্ৰৰ শাসক দলক সহায় কৰাৰ লক্ষ্যৰে কৰা স্পষ্ট বৈষম্য।’
দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ‘আসনৰ বাবু’ (কুৰ্ছি বাবু) আখ্যা দিও মমতাই সমালোচনা কৰে। তেওঁ অভিযোগ উত্থাপন কৰে যে মুখ্য নির্বাচন আয়ুক্তই ৰাজনৈতিক চাপত কাম কৰিবলগীয়া হৈছে। মাথোঁ এমাহৰ ভিতৰত এছআইআৰ সম্পন্ন কৰিবলৈ লোৱাক লৈ প্রশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘২০০২ত বংগত এছআইআৰ সম্পূৰ্ণ কৰিবলৈ দুবছৰ লাগিছিল। মাথোঁ এমাহৰ ভিতৰতে এই এছআইআৰ সম্পূৰ্ণ কৰিবলৈ খৰধৰ কৰা হৈছে? মাথোঁ মোদী বাবু আৰু অমিত শ্বাহক সুখী কৰিবলৈ?’
পশ্চিমবংগত অনুপ্ৰৱেশকাৰীৰ নাম ভোটাৰ তালিকাত আছে বুলি বিজেপিয়ে উত্থাপন কৰি অহা অভিযোগক লৈ প্রশ্ন উত্থাপন কৰি তেওঁ আৰু কয়, ‘তেওঁলোকে কৈছিল যে তেওঁলোকে বাংলাদেশী আৰু ৰহিংগীয়াক বহিষ্কাৰ কৰিব। এছআইআৰৰ পাছত বিহাৰত তেওঁলোকে কিমান ৰহিংগীয়া পালে? মাথোঁ বাংলা কোৱাৰ বাবেই এজন লোক বাংলাদেশী নহয়। উর্দু ক’লেই এজন লোক পাকিস্তানী নহয়। বংগৰ পৰিচয়ক এনেদৰে তাচ্ছিল্য কৰিব নোৱাৰিব।’
কেন্দ্ৰীয় গৃহমন্ত্রী শ্বাহে ভণ্ডামিৰ আশ্রয় লোৱা বুলিও মমতাই সমালোচনা কৰে। শ্বাহৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয়, ‘তেওঁ আমাৰ তথাকথিত পৰিয়ালতান্ত্রিক ৰাজনীতিক সমালোচনা কৰে; কিন্তু তেওঁ নিজৰ পুত্ৰক উচ্চপদবীত নিযুক্তি দিলে।’ আনহাতে, নির্বাচন আয়োগক সমালোচনা কৰি মমতাই কয়, ‘ভোটাৰ তালিকাক লৈ নির্বাচন আয়োগে অনেক বিভ্রান্তিৰ সৃষ্টি কৰিছে। এই ভুলৰ দায়িত্ব কোনে ল’ব? নিৰ্বাচনৰ পাছত এছআইআৰ কৰা হ’লে নহ’লহেঁতেননে? স্বাধীনতা আৰু জন্মৰ পাছত আমি কিমানবাৰ নিজৰ নাগৰিকত্ব প্রমাণ দিব লাগিব? আধাৰ কাৰ্ড উলিয়াবলৈ বাধ্য কৰাৰ পাছত তেওঁলোকে ক’লে যে আধাৰ কাৰ্ড নাগৰিকত্বৰ প্রমাণপত্র নহয়।’
তেওঁ কেন্দ্রলৈ সকীয়নি দি কয় যে এজন আচল ভোটাৰৰ নামো ভোটাৰ তালিকাৰ পৰা বাদ পৰিলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ গুৰিৰ স’তে জোঁকাৰি পেলোৱা হ’ব। পূর্বে প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰা বিমুদ্ৰাকৰণক সমালোচনা কৰিছিল বুলিও মমতাই উল্লেখ কৰে। তেওঁ কয়, ‘মই বিমুদ্ৰাকৰণৰ বিৰোধিতা কৰিছিলো। তথাপি তেওঁলোকে ইয়াক বাহাল ৰাখে। ইয়াৰ পৰা জনতাই কি পালে? যন্ত্রণা আৰু অপমানৰ বাহিৰে আন একো নাপালে। তথাপি তেওঁলোকে কেতিয়াও ক্ষমা নুখুজিলে। কি নির্লজ্জ চৰকাৰ।’ বিজেপিয়ে দেশৰ গণতান্ত্রিক প্রতিষ্ঠানসমূহ কব্জা কৰিহে নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হৈ আহিছে বুলিও মমতাই অভিযোগ উত্থাপন কৰে।
সাংসদ ভতিজাক অভিষেক বেনাৰ্জীয়ে প্রতিনিধিত্ব কৰা ডাইমণ্ড হাৰ্বাৰ সমষ্টিত বিজেপি কর্মীয়ে বেংক কৰ্মচাৰীৰ ভাও ধৰি বহু লোকৰ ব্যক্তিগত তথ্য সংগ্রহ কৰি আছে বুলিও ক্ষুব্ধ মমতাই অভিযোগ উত্থাপন কৰে। বেংকসমূহক বিএলঅ’ৰ বাহিৰে আন লোকক তথ্য নিদিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। এই প্ৰতিবাদৰ পাছত মমতাই ৰাজ্যবাসীক আশ্বাস দি কয় যে তেওঁ থকালৈকে ভয় কৰাৰ কোনো কাৰণ নাই।
জনতাক নির্ভয়ে থাকিবলৈ আহ্বান জনাই তেওঁ কয়, ‘দিদি এতিয়াও আছে, ভয় নকৰিব। কাৰো নাম বাদ নপৰে (ভোটাৰ তালিকাৰ পৰা)। প্রয়োজনত থাল-বাটি বেচি আপোনালোকক সহায় কৰিম। যিসকলৰ কোনো কাগজ নাই তেওঁলোক, তৃণমূলৰ শিবিৰলৈ যাব। আমাৰ কৰ্মীসকলে সমন্বয় স্থাপন কৰি সকলো তৈয়াৰ কৰি দিব।’ এই প্রতিবাদী কার্যসূচীত সাংসদ অভিষেকেও বক্তব্য আগবঢ়ায়।






























