Pakistan:✒️পাকিস্তানত ধাৰাবাহিকভাৱে বিদেশী মুদ্রা ভাণ্ডাৰ হ্ৰাস পোৱা আৰু পাকিস্তানী মুদ্ৰাৰ দ্রুত মূল্য অৱনমনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৃহৎ পৰিমাণৰ বিত্তীয় লেনদেনত ডলাৰৰ ব্যৱহাৰ নিষিদ্ধ কৰিলে। ষ্টেট বেংক অব পাকিস্তান (এছবিপি)-এ ডলাৰৰ নগদ লেনদেনত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে।
ADVERTISEMENT
নির্দেশনাত এছবিপিয়ে উল্লেখ কৰা অনুসৰি যিসকল গ্ৰাহকৰ বিদেশী মুদ্রা একাউন্ট নাই, তেওঁলোকে বেংক ডলাৰৰে নগদ ধন আদায় দিব নোৱাৰিব। ডলাৰ ক্ৰয় কৰা ব্যক্তিয়ে পাকিস্তানত এতিয়া নগদ ধন সংগ্ৰহৰ পৰিৱৰ্তে প্ৰত্যক্ষ ট্রান্সফাৰ পদ্ধতিৰে বিদেশী মুদ্রা একাউণ্টত ডলাৰ লাভ কৰিব।






























