বহু সময়ত দেখা যায়, বীমা বা বিনিয়োগ সম্পর্কীয় নিয়মসমূহ ভালদৰে নজনাৰ ফলত আমাৰ মাজৰ বহুতেই পাবলগীয়া সুবিধা বা আৰ্থিক লাভৰ পৰা বঞ্চিত হ’ব লগা অৱস্থাত পৰো। আমাৰ দেশত গাড়ী এখন ক্ৰয় কৰাৰ লগে লগে গ্রাহক এজনে গাড়ীখনৰ বীমাকৰণ কৰায়। কিন্তু বীমা সম্পর্কীয় নিয়ম-নীতিৰ ক্ষেত্ৰত থকা অজ্ঞতাৰ বাবে বীমা কোম্পানীটোৰ পৰা প্রয়োজনীয় ধন লাভ কৰাত বহু বীমাকাৰী গ্রাহক অসমর্থ হয় বা বীমাৰাশি আদায় কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। যদি দুর্ভাগ্যবশতঃ গাড়ী এখন দুর্ঘটনাত পতিত হয় তেন্তে তেনে বাহনৰ গৰাকীয়ে কি কি নিয়ম বা পন্থা অৱলম্বন কৰিলে বীমাৰাশি সহজে আদায় কৰিব পাৰিব সেই বিষয়ে জানো আহকচোন…
দুৰ্ঘটনাৰ পাছত প্রথমেই গাড়ীৰ গৰাকীয়ে বীমা প্রদানকাৰী সংস্থাটোৰ স’তে যোগাযোগ কৰিব লাগে। তাৰ বাবে সকলো সময়তে সহজলভ্য হোৱাকৈ বীমা প্রদানকাৰীৰ যোগাযোগৰ তথ্য গৰাকীয়ে নিজৰ লগত ৰখা উচিত।
দুর্ঘটনা হ’লে প্রথমে বীমা প্ৰদানকাৰীক ফোন কৰি দুৰ্ঘটনাৰ বিষয়ে সম্পূর্ণ তথ্য দিয়া উচিত। লগতে দাবী নিষ্পত্তি কৰাৰ সময়ত সংস্থাটোৱে দিবলগীয়া সুবিধাসমূহ নিশ্চিত কৰিবলৈ হ’লে গৰাকীয়ে কোনো তথ্য লুকুৱাব নালাগিব।
ইয়াৰ পাছতে বীমাকাৰীয়ে সমীপৱৰ্তী থানাত এফআইআৰ পঞ্জীয়ন কৰিব লাগে। যদি কোনো তৃতীয় পক্ষৰ চুৰি বা ক্ষতি হয়, তেন্তে এফআইআৰ অতি গুৰুত্বপূৰ্ণ।
দুর্ঘটনাস্থলীৰ ফটো তুলি বীমা সংস্থাটোক দেখুৱাব লাগে। ফটো আৰু ভিডিঅ’ই দুৰ্ঘটনাৰ প্ৰমাণ হিচাপে কাম কৰে। ক’ভাৰেজ দাবী কৰাৰ সময়ত বীমা প্রদানকাৰীক পৰিস্থিতিৰ বিষয়ে বুজাবলৈও এইবোৰ তথ্য উপযোগী আৰু জৰুৰী হৈ পৰে।
ইয়াৰ পৰৱৰ্তী পদক্ষেপত বীমা প্রদানকাৰী সংস্থাৰ অফিচিয়েল ৱেবছাইটত গৈ দাবী প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। তাৰ বাবে দাবী পেজত গৈ পঞ্জীয়নভুক্ত ম’বাইল নম্বৰৰে লগ ইন কৰিব লাগিব আৰু গাড়ী বা মটৰ চাইকেল বিকল্পত ক্লিক কৰি প্রয়োজনীয় নথিপত্রসমূহ যেনে-বীমা পলিচিৰ সবিশেষ তথ্য, ড্রাইভিং লাইচেন্স, এফআইআৰৰ কপি, বাহনৰ পঞ্জীয়ন প্রমাণপত্র আদি আপলোড কৰিব লাগিব। শেষত দাবী প্র-পত্র পূৰণ কৰি নথিপত্ৰৰ স’তে জমা দিব লাগে।
দাবী প্ৰ-পত্ৰ পূৰণ কৰি জমা দিয়াৰ পাছত বীমা সংস্থাটোৰ প্রতিনিধিক জৰীপৰ বাবে অনুৰোধ কৰক। এইখিনিতে এটা কথা বিশেষভাবে জানিবলগীয়া যে, বীমা কর্তৃপক্ষৰ সদস্যই দুর্ঘটনাস্থলীৰ জৰীপ কৰে যদিও বীমা কোম্পানীৰ পলিচীৰ ওপৰত নিৰ্ভৰ কৰি এই কাম সম্পূৰ্ণ হ’বলৈ কিছু সময় লাগিব পাৰে।
জৰীপৰ পাছত বীমা সংস্থাটোৰ পৰা অনুমোদন পালেই গাড়ীৰ গৰাকীয়ে নিজৰ বাহনখন মেৰামতি কৰিব পাৰে। ইয়াৰ বাবে নগদহীন দাবীৰ বিকল্পও বাছি ল’ব পাৰে শ্ৰতদুপৰি মেৰামতিৰ বাবে বীমা সংস্থাৰ দ্বাৰা প্ৰমাণিত যিকোনো গেৰেজ বা নেটৱৰ্ক বাছি ল’ব পাৰে। মন কৰিব, দুৰ্ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে বীমা সংস্থাক অৱগত কৰাটো অত্যন্ত জৰুৰী। অন্যথা অপ্রয়োজনীয় পলমৰ ফলত দাবী নাকচ পর্যন্ত হ’ব পাৰে।




































