Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: ক’ৰবাত যাত্রা কৰিব হ’লে দিনৰ ১২ বজাৰ পাছত যাত্রা কৰিব। যাত্ৰাৰ সময়ত হালধীয়া ৰং আৰু বস্ত্ৰ পৰিধান কৰিব। দাম্পত্যত মধ্যম। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
বৃষঃকর্মক্ষেত্রত জটিলতা আছে। আর্থিক মধ্যম। ভ্রমণ বা যাত্রা নকৰাই ভাল। প্ৰেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
মিথুন: আনদিনাৰ তুলনাত আজিৰ দিনটো শুভ। সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ। পৈতৃক সম্পত্তি লাভৰ কাৰকতা আছে। শুভ ৰং বগা। শুভ সংখ্যা ৫।
কর্কট: দিনৰ প্ৰথম ভাগত ভ্ৰমণ কৰিব পাৰে। ব্যৱসায়ত ভাল আৰু নতুন কোনো সুযোগ লাভ কৰিব পাৰে। বিদ্যাত মধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
সিংহ: কর্মত সফলতা পোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব। আর্থিক সমস্যা আছে। সামাজিক শুভ। সন্তানৰ শুভ। শুভ ৰং ৰঙা। শুভসংখ্যা ৭।
কন্যা: দাম্পত্যত মতানৈক্য আৰু জটিল হোৱাৰ আশংকা দেখা যায়। দিনটোত খং দমন কৰিলে শুভ ফল পাব। শুভ ৰং ৰঙা। শুভসংখ্যা ৪।
তুলা: কর্মক্ষেত্রত উন্নতিৰ যোগ বিদ্যমন। আয় বৃদ্ধিৰ কাৰকতা আছে। দিনটোত বিশেষ প্রয়োজন থাকিলে ভ্রমণক কৰিব। সন্তানৰ কর্ম লাভৰ যোগ কোনো সমস্যাৰ সমাধান আশা কৰা যায়। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃশ্চিক: বিদ্যার্থীৰ শুভ। ব্যৱসায়ত প্ৰচুৰ শ্ৰমৰ আৱশ্যক আছে। দিনটোৰ বিশেষ প্রয়োজন থাকিলে ভ্রমণ কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
ধনু: কোনো পুৰাতন ৰোগৰ উপশম হোৱাৰ কাৰকতা দেখা যায়। কর্মস্থানত যোগ্যতা বজায় থাকিব আৰু সামাজিক কর্মত শুভ ফল। শুভ ৰং কমলা। শুভ সংখ্যা ২।
মকৰ: আর্থিকত শুভ ভাব বজায় ৰাখিব। বিদ্যার্থী আৰু কৰ্মপ্ৰাৰ্থীৰ ভাল দেখা যাব। ভ্রমণত বাধা হ’ব পাৰে। শুভ ৰং মেৰুণ। শুভসংখ্যা ৯।
কুম্ভ: পাৰিবাৰিক শুভ। ব্যৱসায়ত ভাল। খৰচ বৃদ্ধি হ’ব পাৰে। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়া ভাল। মাতৃৰ আৰোগ্য লাভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৪।
মীন: দিনটোত প্রেম-প্ৰণয়ৰ ক্ষেত্রত ভাল দেখা নাযায়। আর্থিক আদান-প্রদান সতর্কভাৱে কৰিব। বিদ্যাত বাধা আছে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।




































