Zubeen Garg:✒️অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু দর্শন সন্দৰ্ভত প্ৰকাশ কৰা গ্ৰন্থ ‘মায়াবিনী ৰাতিৰ বুকুত’ শুকুৰবাৰে মায়ানগৰী মুম্বাইৰ চাৰিটাকৈ স্থানত উন্মোচন কৰা হয়।
প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক তথা লেখক দেৱজিৎ ভূঞাৰ গ্ৰন্থ ‘মায়াবিনী ৰাতিৰ বুকুত’ প্রকাশ কৰি উলিয়াইছে অসমৰ অগ্ৰণী প্রকাশন সংস্থা অসম বুক হাইভে। শুকুৰবাৰৰ দিনটোত মায়ানগৰী মুম্বাইত গ্রন্থখন প্রথমে উন্মোচন কৰে লতা মংগেশকাৰৰ বাসগৃহ প্রভুকুঞ্জত।
প্রভুকুঞ্জত ‘মায়াবিনী ৰাতিৰ বুকুত’ উন্মোচন কৰে শিল্পী উষা মংগেশকাৰে। তাৰ পাছতে গ্রন্থখন উন্মোচন কৰা হয় প্রখ্যাত য়াছ ৰাজ ষ্টুডিঅ’ত। গ্ৰন্থখন উন্মোচন কৰে বলিউদৰ কণ্ঠশিল্পী ছানে। গীত অডিঅ’ ক্রাফটত গ্ৰন্থখন উন্মোচন কৰে শিল্পী মহালক্ষ্মী আয়াৰ আৰু জজ’বে।
মিট ব্রাদাৰ্ছ স্টুডিঅ’ত গ্রন্থখন উন্মোচন কৰে শিল্পী সীমা বিশ্বাস, দেৱজিত সাহা, শ্বাস্বতী ফুকন, সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন আৰু ছাউণ্ড ডিজাইনাৰ গৌতম চক্রবর্তীয়ে।
গ্রন্থখন উন্মোচন কবি দেশৰ বিশিষ্ট শিল্পী উষা মংগেশকাৰে কয় যে অসমৰ জনতাই শিল্পীক সম্মান কৰিব জানে। তাৰ প্ৰমাণ পুনৰবাৰ দাঙি ধৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত। আনহাতে, দেশৰ প্রখ্যাত শিল্পী ছানে জুবিন গাৰ্গ সন্দর্ভত কয় যে জুবিন গাৰ্গৰ মৃত্যু দেশৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। জুবিন গার্গে যিখন সমাজৰ সপোন দেখিছিল সেইখন সমাজ আছিল শান্তি-সম্প্রীতি আৰু মৈত্ৰীৰ।
জুবিন গাৰ্গৰ অবর্তমানত দেশৰ সাংস্কৃতিক জগতখনে সদায় তেওঁৰ অভাৱ অনুভৱ কৰিব। শিল্পী মহালক্ষ্মী আয়াৰে গ্ৰন্থখন উন্মোচন কৰি কয় যে জুবিন গাৰ্গ এজন কেৱল কণ্ঠশিল্পীয়ে নাছিল। দেশে হেৰুৱালে এজন সুসংগীত পৰিচালককো।
জুবিন গাৰ্গৰ স’তে গীত গোৱাৰ কথা সুঁৱৰি আৱেগিক হৈ পৰে মহালক্ষ্মী আয়াৰ। উল্লেখ্য যে শিল্পী জুবিন গাৰ্গৰ বন্ধু তথা লেখক দেৱজিত ভূঞাৰ সুদীর্ঘ সময় ধৰি জুবিন গাৰ্গৰ স’তে আছিল নিবিড় সম্পর্ক। এজন জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিকৰূপে খ্যাত দেবজিত ভূঞাই এই গ্ৰন্থখনৰ পাতে পাতে বর্ণনা কৰিছে জুবিন গাৰ্গৰ পূৰ্বে প্ৰকাশ নকৰা বহু ৰোমাঞ্চকৰ কাহিনী।
উল্লেখ্য যে ইয়াৰ পূৰ্বে দেৱজি ভূঞাই ৰচনা কৰা ‘অসমী আইলৈ প্রণাম’ গ্রন্থখনে বিশেষ সমাদৰ লাভকৰিবলৈ সক্ষম হৈছে।






























