অসম বিধানসভাৰ বিৰোধী ৰাজনৈতিক দলসমূহে ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বিৰোধী দলসমূহৰ দাবী অনুসৰি, ৰাজ্যত বৃহৎ পৰিসৰত ভোটাৰৰ নাম বাদ দিবলৈ এটা সংগঠিত ষড়যন্ত্ৰ চলোৱা হৈছে।
বিৰোধী দলসমূহে অভিযোগ কৰে যে, অসম বিধানসভাৰ এজন বিৰোধী দলৰ মাননীয় বিধায়কে সাত জানুৱাৰী ২০২৬ তাৰিখে ৰাজহুৱা ভাৱে প্ৰকাশ কৰে যে, ভাৰতীয় জনতা পাৰ্টী (বিজেপি)য়ে অসমত ৬০টা বিধানসভা সমষ্টিত ভোটাৰৰ নাম বাদ দিবলৈ পৰিকল্পনা কৰিছে।
এই অভিযোগ অনুসৰি, অসম প্ৰদেশ বিজেপিৰ সভাপতিয়ে দলৰ বিধায়কসকলক উক্ত ৬০টা সমষ্টিত ভোটাৰৰ নাম বাদ দিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।
লগতে, আঠ জানুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হোৱা এখন জুম বৈঠকত এই দায়িত্ব মাননীয় মন্ত্ৰী শ্ৰী অশোক সিংহালক অৰ্পণ কৰা হৈছিল বুলি অভিযোগ তোলা হৈছে।
বিৰোধী দলসমূহৰ মতে, এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে বিৰোধী দলসমূহৰ সমৰ্থক ভোটাৰসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া। এই সন্দৰ্ভত অনুষ্ঠিত হোৱা জুম বৈঠকৰ ভিডিঅ’ কনফাৰেন্স (VC) ফুটেজত ৰাজ্য বিজেপিৰ সভাপতি দিলীপ শইকীয়া জড়িত থকাৰ কথা উল্লেখ কৰি, উক্ত ফুটেজসমূহ তৎকালীনভাৱে সুৰক্ষিত কৰি সংৰক্ষণ কৰাৰ দাবী জনোৱা হৈছে।
বিৰোধীৰ মতে, এই ভিডিঅ’ ফুটেজসমূহ গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে ব্যৱহাৰযোগ্য।বিৰোধী দলসমূহে দাবী কৰিছে যে, এইটো কোনো একক ঘটনা নহয়, বৰঞ্চ বহু সংখ্যক প্ৰকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিবলৈ কৰা এক বৃহৎ ষড়যন্ত্ৰ।
সেয়ে, এই ঘটনাৰ স’তে জড়িত সকলো দোষী আৰু ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে প্ৰচলিত দণ্ডবিধি অনুসাৰে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনোৱা হৈছে। লগতে, অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া স্বচ্ছ, ন্যায়সংগত আৰু মুক্তভাৱে সম্পন্ন কৰাৰ দাবীও উত্থাপন কৰিছে বিৰোধী দলসমূহে।






























