Assam Legislative Assembly:
১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ অধিৱেশন ৷ এই অধিৱেশনতে বিত্ত মন্ত্ৰী অজন্তা নেওগে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰিব লেখানুদান।
ADVERTISEMENT
উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ সদনত বাজেটৰ সলনি দাখিল হ’ব লেখানুদান। ইতিমধ্যে অধিৱেশনৰ বাবে যাৱতীয় অনুমতি বিচাৰি ৰাজভৱনলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধানসভা সচিবালয়ে ৷ ৰাজভৱনৰ পৰা সেউজ সংকেত পোৱাৰ পিছত অধিসূচনা জাৰি কৰিব বিধানসভা সচিবালয়ে।



































