উত্তৰপ্ৰদেশৰ প্ৰতাপগড় জিলাত দেওবাৰে সংঘটিত হয় এই শোকাবহ ঘটনা। ঘৰৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত পথৰ কাষত স্থাপন কৰি থকা বিশাল লোহাৰ বিজ্ঞাপনী পিলাৰ হঠাতে ভাঙি পৰি সপা নেতা লাল বাহাদুৰ যাদৱৰ ৰ স্কৰপিঅ’ গাড়ীৰ ওপৰত পৰে।
পেট্ৰ’ল পাম্পৰ চিচিটিভি ফুটেজত ধৰা পৰে শিহৰণকাৰী দৃশ্য।দ্ৰুতগতিত গৈ থকা গাড়ীৰ ওপৰত ৬৫ ফুট উচ্চতা আৰু প্ৰায় ৪০ কুইন্টাল ওজনৰ ভাৰত প্ৰেটোলিয়ানৰ বিজ্ঞাপনী পিলাৰ খন সৰি পৰে।
গুৰুতৰ অৱস্থাত তেওঁক তৎক্ষণাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হলেও চিকিৎসকে ৪৮ বছৰীয়া নেতাজনক মৃত ঘোষণা কৰে।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, ক্ৰেনৰ সহায়ত পিলাৰ স্থাপন চলি থকা সময়তে ক্ৰেন এৰাই যোৱাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।
তদন্ত আৰম্ভ হৈছে; সুৰক্ষা গাফিলতি প্ৰমাণিত হলে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।






























