Khanapara:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগৰ নিৰ্দেশত ফ্লায়িং স্কোৱাড তৎপৰ হৈ পৰিছে ৷ মঙলবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ সমীপত AS01DJ9830 নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰা হয় প্ৰায় ছয় লক্ষাধিক টকা ৷ ৰৌনক হালকা নামৰ এজনে সৰবৰাহ কৰিছিল ধনখিনি ৷ টকাৰ উৎস বিচাৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে ।
ADVERTISEMENT




































