Fuel Supply Stable Across India: P&NG
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-মধ্য প্ৰাচ্যত অব্যাহত থকা যুদ্ধৰ বাবে দেশত ইন্ধনৰ ব্যাপক নাটনিৰ সংকটে দেখা দিয়া বুলি চৰ্চা লাভ কৰাৰ মাজতে দেশবাসীৰ বাবে এটা ভাল খবৰ দিলে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে ৷ বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মন্ত্ৰণালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয়,পে’ট্রল-ডিজেলৰ দাম কোনো কাৰণতে বৃদ্ধি নহয় বুলি উল্লেখ কৰি পৰ্যাপ্ত ইন্ধন এতিয়াও মজুত আছে ৷ বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ পাছতো চৰকাৰে সাধাৰণ জনতাক সকাহ দিবলৈ মূল্য সুস্থিৰ কৰি ৰাখিছে।
সংবাদমেলত যুটীয়া সচিব গৰাকীয়ে আৰু কয় যে,শেহতীয়াকৈ কেতবোৰ উৰাবাতৰিয়ে জনতাক বিভ্ৰান্ত কৰিছে ৷ এনে উৰাবাতৰি আওকাণ কৰক ৷ একেদৰে মন্ত্ৰালয়ে পেট্ৰ’ল পাম্পত ভিৰ নকৰিবলৈ পৰামৰ্শ দি ইন্ধনৰ যোগান স্বাভাৱিকভাৱে চলি আছে বুলি স্পষ্ট কৰি দিয়ে ৷
উল্লেখ্য যে এক চৰকাৰী সূত্ৰই জনোৱা মতে, অহা ৬ৰ পৰা ৮ সপ্তাহৰ বাবে ভাৰতত পৰ্যাপ্ত খাৰুৱা তেল আৰু ইন্ধন মজুত আছে।



































