Kokrajhar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:—ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ব্যাপক কুজকাৱাজ অব্যাহত থকাৰ মাজতে কোকৰাঝাৰৰ নয়াছৰাৰ তৃতীয় খণ্ডত উত্তপ্ত পৰিস্থিতি ৷ এটা হিন্দু পৰিয়ালৰ চোতালত উদ্ধাৰ হয় নিষিদ্ধ মাংস ৷ যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনকি নিসিদ্ধ মাংস পেলোৱাৰ সন্দেহত আৰক্ষীৰ সন্মুখতে মুছলমান লোকৰ ঘৰত আক্ৰমণ কৰে একাংশ ক্ষুব্ধ লোকে ৷ বাসগৃহৰ আচবাব পৰ্যন্ত ভাঙি চুৰমাৰ কৰে ৷ অৱশ্যে পিছত ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী উপস্থিত হোৱাৰ পিছতহে ক্ষান্ত হয় উত্তেজিত লোক সকল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ এতিয়াও চেপা উত্তেজনা অব্যাহত আছে সমগ্ৰ নয়াছৰাত ৷
ADVERTISEMENT




































