RSS:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:- ‘অসম বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাবমূর্তি বিনষ্ট কৰাৰ লগতে ভোটাৰক বিপথে পৰিচালিত কৰাৰ লক্ষ্যৰে এটা চক্র সক্ৰিয় হৈ পৰিছে। চক্ৰটোৱে ছ’চিয়েল মিডিয়াত অসংখ্য ভুৱা আৰু এআই জেনেৰেটেড প’ষ্ট প্ৰচাৰ কৰি আছে।’
একএক প্রেছ বিবৃতিযোগে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এইদৰে কয়। বিবৃতিটোত আৰু কোৱা হয় যে শেহতীয়াকৈ বিজেপিৰ টিকট বিতৰণ সন্দৰ্ভত এখন ভুৱা চিঠি সংঘৰ সৰসংঘচালকৰ নামত ভাইৰেল হৈ পৰে। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখৰ নামত আন এটা ভুৱা বার্তাও প্ৰচাৰিত হৈছে। উক্ত ভুৱা বার্তাটোত আৰএছএছে অসমত মাংস খোৱা নিষিদ্ধ কৰিব বিচাৰে বুলি দাবী কৰা হৈছে।
উক্ত বিষয়সমূহ সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ শিৱমে স্পষ্ট কৰি দিয়ে যে এই সকলোবোৰ চিঠি আৰু প’ষ্ট সম্পূৰ্ণ ভুৱা আৰু আৰএছএছৰ লগত কোনো সম্পর্ক নাই। সমাজত বিভ্রান্তি আৰু উত্তেজনা সৃষ্টিৰ লগতে মিছা তথ্য বিয়পাই নির্বাচনী পৰিৱেশ বিনষ্ট কৰাৰ এক ইচ্ছাকৃত প্রয়াসৰ বাহিৰে আন একো নহয় বুলি কিশোৰ শিৱমে মন্তব্য কৰে। ইতিমধ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালকৰ নামত প্ৰচাৰিত ভুৱা চিঠিৰ বিষয়টোক সংঘই গুৰুত্ব সহকাৰে লৈ গুৱাহাটী মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধিয়ে গুৱাহাটী চাইবাৰ চেল আৰু দিল্লী চাইবাৰ চেলত এজাহাৰ দাখিল কৰি দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সন্দেহজনক উৎসৰ পৰা অহা কোনো তথ্যক বিশ্বাস নকৰিবলৈ আৰু পৰীক্ষণ অবিহনে শ্বেয়াৰ নকৰিবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখজনে এক প্রেছ বিজ্ঞপ্তিযোগে সকলো ৰাইজকে আহ্বান জনাইছে।






























