Lakhtakia:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:– ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ আজি অন্তিম দিন ৷ ইয়াৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে অৰ্তকিতে চলোৱা এক অভিযানত জব্দ হয় ৫ লাখ টকা ৷
ADVERTISEMENT
লাখটকীয়াৰ চাহিদা মাৰ্কেটৰ ওচৰৰ পৰা অসম জাতীয় পৰিষদৰ জাতীয় যুৱ শক্তিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইনৰ পৰা জব্দ কৰে ৫ লাখ টকা। ইতিমধ্যে ইফটিকাৰ হুছেইন সহ আন এজন যুৱকক ইচিআইৰ চাৰ্ভিলেঞ্চৰ দলে আটক কৰে ৷






























